কনকলতা মহিলা সবলীকৰণ যোজনা (Kanaklata Mahila Sabalikaran Yojana, KAMS) বা কেমছ অসম চৰকাৰৰ এক দৰিদ্ৰতা দূৰীকৰণ আঁচনি। অসমৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ আত্মসহায়ক গোটসমূহক আৰ্থিক অনুদান প্ৰদান কৰি গোটসমূহৰ স্থিতি সবল কৰি তোলাৰ লগতে ঋণৰ চাহিদা হ্ৰাস কৰাত সাহায্য প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি এই আঁচনিখন ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী কৰা হয়। এই আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ প্ৰতিটো মহিলা আত্মসহায়ক গোটক ২৫ হাজাৰ টকাৰ অনুদান দিয়াৰ ব্যৱস্থা কৰা হয়। এই আঁচনি ৰূপায়ণৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক দায়িত্ব দিয়া হয়।১২ ২০২০ চনৰ নৱেম্বৰত উক্ত আঁচনিখনৰ সামান্য সালসলনি ঘটাই ইয়াক বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা বা চমুকৈ ভিকেমছ নাম দিয়া হয় আৰু ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা এই পৰিৱৰ্তিত আঁচনিখন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হয়।১
সা-সুবিধাসমূহ
এই আঁচনিৰ অধীনত প্ৰথমাৱস্থাত ১ লাখ মহিলা আত্মসহায়ক গোটক সামৰি লোৱাৰ লক্ষ্য বান্ধি লোৱা হৈছিল। সেইমতে ২০১৭-১৮ বিত্তীয় বৰ্ষত নন-ইণ্টেঞ্চিভ উন্নয়ন খণ্ডসমূহৰ অধীনস্থ গোটসমূহৰ প্ৰত্যেককে ২৫ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হয়। ইণ্টেঞ্চিভ উন্নয়ন খণ্ডসমূহৰ অধীনস্থ গোটসমূহে এই আঁচনি প্ৰৱৰ্তন কৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ পৰা অনুদান হিচাপে ১৫ হাজাৰ টকা লাভ কৰিছিল। এনে গোটসমূহক এই আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হয়। আনহাতে অসম চৰকাৰৰ পৰা ঘূৰ্ণীয়মান পুঁজিৰ অনুদান হিচাপে ১০ হাজাৰ টকা আৰু ভাৰত চৰকাৰৰ স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাৰ (SGSY) অধীনত ৫ হাজাৰকৈ টকা লাভ কৰা গোটসমূহক অতিৰিক্ত ১০ হাজাৰ টকা অনুদান হিচাপে আগবঢ়াই মুঠ অনুদানৰাশিৰ পৰিমাণ ২৫ হাজাৰ কৰা হৈছিল। এই আঁচনিৰ অধীনত বেংক ঋণৰ ওপৰত মুলধনী ৰাজসাহায্য হিচাপে ৫ লাখলৈকে টকা আগবঢ়োৱাৰ ব্যৱস্থা আছে। ৰাজ্যিক জনসংখ্যা নীতি অনুসৰি কোনো মহিলাৰ দুটাতকৈ অধিক সন্তান থাকিলে তেওঁ কনকলতা মহিলা সবলীকৰণ যোজনাৰ সা-সুবিধাসমূহ লাভ কৰিব নোৱাৰে।১
বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা
২০২০ চনৰ ১১ নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ এক অধ্যাদেশযোগে কনকলতা মহিলা সবলীকৰণ যোজনাক বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা হিচাপে নতুনকৈ নামকৰণ কৰা হয়। এই নতুন আঁচনি অনুসৰি যোগ্য আত্মসহায়ক গোটসমূহক ২৫ হাজাৰ টকাকৈ ঘূৰ্ণীয়মান পুঁজি আৰু বেংক ঋণৰ ওপৰত মূলধনী ৰাজসাহায্য হিচাপে ৫০ হাজাৰ টকাৰ একঁকালীন সাহায্য লাভ কৰে। এই ঘূৰ্ণীয়মান পুঁজি আৰু মূলধনী ৰাজসাহায্য আত্মসহায়ক গোটসমূহে নিজৰ মাজতে অভ্যন্তৰীণ ঋণ হিচাপে লৈ বিভিন্ন আয় প্ৰবাহিত হোৱা কাৰ্যত ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে যিসমূহ আত্মসহায়ক গোট বিগত ছমাহ ধৰি সক্ৰিয় আৰু যিসমূহ গোটৰ বেংক ঋণ উক্ত বেংকে নন-পাৰ্ফৰ্মিং এছেট বা NPA হিচাপে গণ্য কৰা নাই, তেনে গোটকহে মূলধনী ৰাজসাহায্য প্ৰদান কৰা হয়।১২৩
তথ্যসূত্ৰ
- ↑ কনকলতা মহিলা সবলীকৰণ যোজনা
- ↑ Kanaklata Mahila Sabalikaran Yojana (KAMS) Assam Vistarita 2021 Eligibility, Process. pmmodiyojanaye.in
- ↑ (11 February 2021). Assam CM attends ‘Mahila Samaroh’; launches major schemes for women. Time8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনকলতা মহিলা সবলীকৰণ যোজনা” প্ৰবন্ধৰ সংশোধন ৫৩৪১০৮ (২০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।