ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক
৪ প্ৰবন্ধ
-
ইণ্ডিয়ান বেংক
ইণ্ডিয়ান বেংক হৈছে ভাৰতৰ তামিলনাডুৰ চেন্নাইত মুখ্য কাৰ্যালয় থকা এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯০৭ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ ভাৰততে বেংকটোৰ ৬ হাজাৰৰো অধিক শাখা আৰু ৭ হাজাৰৰো অধিক এটিএমৰ নেটৱৰ্ক আছে।
-
কানাড়া বেংক
কানাড়া বেংক ভাৰতৰ অন্যতম পুৰণি আৰু বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, ইয়াৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বাংগালুৰুত অৱস্থিত। ১৯০৬ চনত প্ৰতিষ্ঠা হোৱা এই বেংকটোৱে ভাৰতৰ অন্যতম আগশাৰীৰ বেংক হিচাপে পৰিগণিত হৈছে, ইয়াৰ সমগ্ৰ দেশতে ১০,০০০ ৰো অধিক শাখা আৰু ১৩,০০০ এটিএমৰ নেটৱৰ্ক আছে।
-
বেংক অৱ বৰোদা
বেংক অৱ বৰোদা ভাৰতৰ গুজৰাটৰ বদোদৰাত অৱস্থিত এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯০৮ চনৰ ২০ জুলাইত মহাৰাজা ছায়াজিৰাও গেকৱাদ তৃতীয়ই ইয়াক প্ৰতিষ্ঠা কৰিছিল। বেংকটোৱে ২২খন দেশত ১০ হাজাৰৰো অধিক শাখা আৰু ১৩ হাজাৰ এটিএমৰ নেটৱৰ্ক পৰিচালনা কৰি ভাৰতৰ অন্যতম বৃহৎ বেংক হিচাপে পৰিগণিত হৈছে।
-
ইউকো বেংক
ইউকো বেংক (ইংৰাজী: UCO Bank) হৈছে ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক আৰু ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত। ১৯৪৩ চনত ইউনাইটেড কমাৰ্চিয়েল বেংক হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হয়। পিছলৈ ইয়াক চমু কৰি ইউকো বেংক কৰা হয়।