বেংকিং প্ৰতিষ্ঠান
৪ প্ৰবন্ধ
-
ইণ্ডিয়ান বেংক
ইণ্ডিয়ান বেংক হৈছে ভাৰতৰ তামিলনাডুৰ চেন্নাইত মুখ্য কাৰ্যালয় থকা এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯০৭ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ ভাৰততে বেংকটোৰ ৬ হাজাৰৰো অধিক শাখা আৰু ৭ হাজাৰৰো অধিক এটিএমৰ নেটৱৰ্ক আছে।
-
কানাড়া বেংক
কানাড়া বেংক ভাৰতৰ অন্যতম পুৰণি আৰু বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, ইয়াৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বাংগালুৰুত অৱস্থিত। ১৯০৬ চনত প্ৰতিষ্ঠা হোৱা এই বেংকটোৱে ভাৰতৰ অন্যতম আগশাৰীৰ বেংক হিচাপে পৰিগণিত হৈছে, ইয়াৰ সমগ্ৰ দেশতে ১০,০০০ ৰো অধিক শাখা আৰু ১৩,০০০ এটিএমৰ নেটৱৰ্ক আছে।
-
আইচিআইচিআই বেংক
আইচিআইচিআই বেংক লিমিটেড হৈছে ভাৰতীয় বহুজাতিক বেংক আৰু বিত্তীয় সেৱাৰ এক কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত আৰু বদোদৰাত পঞ্জীয়নভুক্ত কাৰ্যালয় অৱস্থিত।
-
কুকমিন বেংক
কুকমিন বেংক (কোৰিয়ান:주식회사 국민은행) হৈছে দক্ষিণ কোৰিয়াৰ এটা বেংক যিয়ে মূলতঃ দক্ষিণ কোৰিয়াত কাম কৰে, ইয়াৰ কেইটামান আন্তঃৰাষ্ট্ৰীয় শাখা চীন, হংকং, ভিয়েটনাম আদি দেশত আছে। ভাৰতৰ গুৰুগ্ৰামত ইয়াৰ শাখা কাৰ্যালয় আছে।