স্পেনীছ অভিনেত্ৰী
১৭ প্ৰবন্ধ
-
আনা বেলেন
মাৰিয়া ডেল পিলাৰ কুৱেষ্টা একোষ্টা (ইংৰাজী: María del Pilar Cuesta Acosta; জন্ম: ২৭ মে’ ১৯৫১), পেছাদাৰীভাৱে আনা বেলেন নামেৰে পৰিচিত এগৰাকী স্পেনিছ অভিনেত্ৰী আৰু গায়িকা। তেওঁ আৰু তেওঁৰ স্বামীক স্পেইনৰ গণতন্ত্ৰলৈ পৰিৱৰ্তনৰ যুগৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
-
আম্পাৰো কুৱেছাডা
মাৰিয়া ডি আম্পাৰো মুনোজ ই কুৱেছাডা (ইংৰাজী: Maria de Amparo Muñoz y Quesada; জন্ম: ২১ জুন ১৯৫৪ – ২৭ ফেব্ৰুৱাৰী ২০১১) এগৰাকী স্পেনিছ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য ৰাণী আছিল। তেওঁ ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত ১৯৭৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত জয়লাভ কৰিছিল।
-
ইচিয়াৰ বোল্লাঁ
ইচিয়াৰ বোল্লাঁ পেৰেজ-মিংগুয়েজ (ইংৰাজী: Icíar Bollaín; জন্ম: ১২ জুন ১৯৬৭) এগৰাকী স্পেনিছ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী। তেওঁ বিশেষকৈ তে দয় মিচ অজিঅ (Take My Eyes) ছবিখন পৰিচালনা কৰাৰ বাবে জনাজাত, যিখন ছবিয়ে ৭টা গোয়া বঁটা লাভ কৰিছিল।
-
ইভা গঞ্জালেছ
ইভা মাৰিয়া গঞ্জালেছ ফাৰ্নাণ্ডেজ (ইংৰাজী: Eva María González Fernández; জন্ম: ৫ নৱেম্বৰ ১৯৮০) এগৰাকী স্পেনিছ অভিনেত্ৰী, টেলিভিছন পৰিচালিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ ২০০৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
এলছা পাটাকি
এলছা লাফুয়েণ্টে মিডিয়ানু (স্পেনীছ: [ˈelsa laˈfwente meˈðjanu]; জন্ম ১৮ জুলাই ১৯৭৬) পেছাগতভাৱে এলছা পাটাকি নামেৰে পৰিচিত, এগৰাকী স্পেনীছ মডেল আৰু অভিনেত্ৰী। তেওঁ স্পেনিছ কিশোৰ নাটক আল ছালিৰ ডে ক্লাজ (১৯৯৭–২০০২)ত ৰাকেল আলোনছোৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
চিলভিয়া আলোনছো
চিলভিয়া আলোনছো ক্ৰুজ (ইংৰাজী: Silvia Alonso Cruz; জন্ম: ২৮ ডিচেম্বৰ ১৯৮৯) এগৰাকী স্পেনিছ অভিনেত্ৰী। তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি হৈছিল টেলিচিনকো ধাৰাবাহিক টিয়েৰা ডি লবোচত আলমূডেনা লবো নামৰ মুখ্য চৰিত্ৰটোৰ জৰিয়তে।
-
নিক'ল ৱালেচ
নিক'ল আলেহান্দ্ৰা ৱালেচ দেল বাৰিঅ (জন্ম: ২২ মাৰ্চ ২০০২) এগৰাকী স্পেনীয় অভিনেত্ৰী আৰু গায়িকা। তেওঁ Skam Españaত নোৰা গ্ৰেচ, মাই ফ'ল্টত নোয়া, আৰু Netflix-ৰ ৰাইজিং ভইচেচত আলমাৰ ভূমিকাত অভিনয় কৰাৰ বাবে জনাজাত।
-
নৌচিকা বনিন
নৌচিকা বনিন দুফ্ৰেনয় (ইংৰাজী: Nausicaa Bonnín Dufrenoy; জন্ম: ২৮ এপ্ৰিল ১৯৮৫) এগৰাকী কাতালান থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী।
-
পাত্ৰিচিয়া ৰড্ৰিগেজ (মডেল)
পাত্ৰিচিয়া ইউৰেনা ৰড্ৰিগেজ আলোনছো (ইংৰাজী: Patricia Yurena Rodríguez; জন্ম: ৬ মাৰ্চ ১৯৯০) এগৰাকী স্পেনিছ মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ স্পেইন ২০০৮ আৰু তাৰ পিছত মিছ ইউনিভাৰ্ছ স্পেইন ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।
-
পেনেলোপে ক্ৰুজ
পেনেলোপে ক্ৰুজ ছানচেজ ( (স্পেনিছ: Penélope Cruz Sánchez); বিকল্প উচ্চাৰণ: পেনেলোপি ক্ৰুজ, জন্ম: ২৮ এপ্ৰিল, ১৯৭৪) এগৰাকী স্পেনিছ অভিনেত্ৰী। ১৫ বছৰ বয়সৰ পৰাই তাই অভিনয় আৰম্ভ কৰে। কম বয়সতে জামন, জামন, দ্য গাৰ্ল অৱ ইউৰ ড্ৰিমছ, বেলা ইপক আদি ছবিত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
-
বিয়াট্ৰিচ লুৱেংগো
বিয়াট্ৰিচ লুৱেংগো গঞ্জালেজ (ইংৰাজী: Beatriz Luengo González; জন্ম: ২৩ ডিচেম্বৰ ১৯৮২) এগৰাকী স্পেনিছ সংগীতজ্ঞ, সুৰকাৰ, অভিনেত্ৰী, নৃত্যশিল্পী, গায়িকা আৰু মিয়ামীত থকা এগৰাকী উদ্যমী।
-
ভিক্টৰিয়া আব্ৰিল
ভিক্টৰিয়া মেৰিডা ৰোহাছ (ইংৰাজী: Victoria Abril; জন্ম: ৪ জুলাই ১৯৫৯), পেছাদাৰীভাৱে ভিক্টৰিয়া আব্ৰিল নামেৰে পৰিচিত এগৰাকী স্পেনিছ চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। তেওঁ বৰ্তমান ফ্ৰান্সত বসবাস কৰে।
-
মনিকা ক্ৰুজ
মনিকা ক্ৰুজ ছানচেজ (ইংৰাজী: Mónica Cruz Sánchez; জন্ম: ১৪ মাৰ্চ, ১৯৭৭) এগৰাকী স্পেনিছ অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁ অভিনেত্ৰী পেনেলোপি ক্ৰুজৰ সৰু ভনীয়েক। তেওঁ দ্য ইনকুৱাৰী (২০০৬), লাষ্ট আৱাৰ (২০০৮), জেৰী কটন (২০১০) আৰু আইৰন ক্ৰছ (২০১১) আদি চলচ্চিত্ৰত অভিনয় কৰিছে।
-
মাৰিয়া আদানেজ
মাৰিয়া আদানেজ আলমেনৰা (ইংৰাজী: María Adánez; জন্ম: ১২ মাৰ্চ ১৯৭৬) এগৰাকী স্পেনিছ অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু প্ৰযোজক।
-
মাৰিয়া দে নাতি
মাৰিয়া দিয়াজ (জন্ম ১১ জুন ১৯৯৭), মাৰিয়া দে নাতি নামে অধিক পৰিচিত, এগৰাকী স্পেইনৰ অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিকত একাধিক অভিনয়ৰ বাবে জনাজাত, বিশেষকৈ এল ছেক্ৰেতো দে পুৱেন্তে ভিয়েখো (২০১৫–২০১৬), ভিক্তিমা নম্বেৰো ৮ (২০১৮) আৰু মাদ্ৰেস. আমোৰ ই বিদা (২০২০–২০২১)।
-
মিৰিয়া লালাগুনা
মিৰিয়া লালাগুনা ৰয়ো (জন্ম: ২১ নৱেম্বৰ ১৯৯২) এগৰাকী স্পেনিছ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য ৰাণী। তেওঁ মিছ ৱৰ্ল্ড ২০১৫ ৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড খিতাপ জয় কৰা স্পেইনৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ মিছ ৱৰ্ল্ড স্পেইন ২০১৫ হিচাপেও মুকুট পিন্ধিছিল।
-
লোৰেনা বাৰ্ণাল
লোৰেনা ৰাকুৱেল বাৰ্ণাল পাস্কুৱেল (ইংৰাজী: Lorena Raquel Bernal Pascual; জন্ম: ১২ মে' ১৯৮১) এগৰাকী আৰ্জেণ্টাইন-স্পেনিছ অভিনেত্ৰী, টেলিভিছন সঞ্চালক আৰু মডেল। তেওঁ আৰ্চেনাল এফ.চি.-ৰ বৰ্তমানৰ মেনেজাৰ মিকেল আৰ্টেটাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।