অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইউৰিনম (অ'চেনিড)

ইউৰিনম (/jʊˈrɪnəmiː/; প্ৰাচীন গ্ৰীক: Εὐρυνόμη, ইংৰাজী: Eurynome) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত এগৰাকী দেৱী৷ ধ্ৰুপদী পেলোপনেছাছৰ নেডা আৰু লাইমেক্স নামৰ নদীৰ সংগমৰ ওচৰৰ এখন অভয়াৰণ্যত তেওঁক পূজা কৰা হৈছিল। জলপৰী সদৃশ মূৰ্তি এটাই তেওঁক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২৭ জুন ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ইউৰিনম (/jʊˈrɪnəmiː/; প্ৰাচীন গ্ৰীক: Εὐρυνόμη, ইংৰাজী: Eurynome) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত এগৰাকী দেৱী৷ ধ্ৰুপদী পেলোপনেছাছৰ নেডা আৰু লাইমেক্স নামৰ নদীৰ সংগমৰ ওচৰৰ এখন অভয়াৰণ্যত তেওঁক পূজা কৰা হৈছিল। জলপৰী সদৃশ মূৰ্তি এটাই তেওঁক প্ৰতিনিধিত্ব কৰিছিল। গ্ৰীক ভ্ৰমণকাৰী পৌছানিয়াছৰ তথ্য অনুসৰি পৰম্পৰাগত গ্ৰীক কবিতাত তেওঁক অ'চেনিড বা "সাগৰৰ কন্যা"ৰ বুলি চিনাক্ত কৰা হৈছিল।

কিংবদন্তি

মহাকাব্যিক পৰম্পৰাত ইউৰিনম আছিল এগৰাকী জ্যেষ্ঠ অ'চেনিড, অৰ্থাৎ অ'চেনাছ আৰু টেথিছৰ কন্যা।১ ইউৰিনম আছিল জ্যুচৰ তৃতীয় পত্নী আৰু অনুগ্ৰহ আৰু সৌন্দৰ্য্যৰ দেৱী চাৰিটেছসকলৰ মাতৃ।২

যেতিয়া এটা পংগু সন্তান জন্ম দিয়াৰ বাবে বিতৃষ্ণাত ভুগি দেৱী হীৰাই হেফেষ্টাছক অলিম্পাছৰ পৰা নিক্ষেপ কৰিছিল, তেতিয়া তেওঁক ইউৰিনম আৰু থেটিছে উদ্ধাৰ কৰিছিল। ইউৰিনম আৰু থেটিছে স্বৰ্গৰ পৰা পতনৰ পিছত পৃথিৱীক আগুৰি থকা অ'চেনাছৰ (সাগৰ) পাৰত হেফেষ্টাছ দেৱতাক স্তনপান কৰাইছিল।৩ ইউৰিনোমৰ কন্যা চাৰিটেছ পিছলৈ হেফেষ্টাছৰ পত্নী হৈছিল।৪

একে নামৰ আন এগৰাকী ইউৰিনমক টাইটানছৰ ৰাণীৰ সৈতে ওতঃপ্ৰোতভাৱে চিনাক্ত কৰা হৈছে। এই ইউৰিনম আছিল এগৰাকী আৰম্ভণিৰ টাইটান ৰাণী যিয়ে তেওঁৰ স্বামী অফিয়নৰ কাষত অলিম্পাছত শাসন কৰিছিল। ক্ৰণচ আৰু ৰীয়াই এই যুটিটোৰ সৈতে সিংহাসনৰ বাবে মল্লযুঁজ কৰিছিল আৰু তেওঁলোকক পৃথিৱীয়ে আগুৰি থকা অ'চেনাছত পেলাই দিছিল।৫

তথ্যসূত্ৰ

  1. ↑ Hesiod, Theogony 346 ff (trans. Evelyn-White)
  2. ↑ Hesiod, Theogony 907 ff (trans. Evelyn-White)
  3. ↑ Homer, Iliad 13.397 ff (trans. Lattimore)
  4. ↑ Pausanias, 9.35.4
  5. ↑ Apollonius Rhodius, 1.503 ff. (trans. Aldrich)

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউৰিনম (অ'চেনিড)” প্ৰবন্ধৰ সংশোধন ৬১৪৬৬২ (২৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।