আহোম যুগৰ কাব্য-সাহিত্যৰ ৰীতি শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যই নিয়ন্ত্ৰণ কৰিছিল। পোনপটীয়া পৃষ্ঠপোষকতা নাপালেও ৰজাঘৰীয়া দেৱোত্তৰ - ব্ৰহ্মোত্তৰ পাই গজগজীয়া হোৱা সত্ৰসমূহতহে অধিক ধৰ্মীয় সাহিত্যৰ সৃষ্টি হৈছিল। এই পুথিবোৰত আদ্যোপান্ত ধৰ্মীয় আদৰ্শ বিয়পি আছে। বুৰঞ্জী সাহিত্যৰ ৰীতি অনুগামী এক শ্ৰেণী 'কথাচৰিত' ৰচিত হ'লেও এই পুথিবোৰত কেতবোৰ অৱাস্তৱতা আৰু অতিৰঞ্জন বিদ্যমান, কিন্তু টাই-আহোম জনগোষ্ঠী ৰজাঘৰৰ সংস্পৰ্শত এবিধ ব্যাৱহাৰিক জীৱনৰ প্ৰয়োজনীয় সাহিত্যও সৃষ্টি হৈছিল। 'হস্তীবিদ্যাৰ্ণৱ', 'ঘোঁৰানিদান', 'শেন-পুথি' আদি জনাজাত পুথিৰ উপৰি মানুহৰ ৰোগ-ব্যাধি চিকিৎসাৰ বাবে নানান ঔষধৰ পুথি, নিদান আদি ৰচনা কৰোৱা হৈছিল। 'ৰসেদ্ৰ'ৰ ঘৰৰ মানুহে ৰসায়ন বিষয়ক চৰ্চা কৰাৰ উপৰি ৰসায়ন সৰ্ম্পকে বিৰাট পুথিও ৰচনা কৰিছিল। ব্যাৱহাৰিক সাহিত্যৰ ভিতৰত 'হস্তীবিদ্যাৰ্ণৱ' এখন অতুলনীয় পুথি। 'নীতি-লতাঙ্কুৰ', 'হিতোপদেশ', 'ভাস্বতী', 'গণিত' আদিও ৰচিত হৈছিল। 'চাণক্য-শ্লোক'ৰো বহুল ব্যৱহাৰ আছিল। আনকি ঘৰ-দুৱাৰ নিৰ্মাণত প্ৰয়োজন হোৱা শিল, ইটা, খেৰ, বাঁহ, কামী বেত আদিৰ হিচাপো লিখি থৈছিল।১
তথ্যসূত্ৰ
- ↑ অসমৰ সংস্কৃতি, লেখক - ড° লীলা গগৈ, প্ৰকাশক - বনলতা, ডিব্ৰুগড় ২০১৯, পৃষ্ঠা ৬৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহোম যুগৰ ব্যৱহাৰিক সাহিত্য” প্ৰবন্ধৰ সংশোধন ৫৩১৬৪৫ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।