ধৰ্ম গ্ৰন্থ
১২ প্ৰবন্ধ
-
কোৰআন
কোৰ্-আন বা কোৰান বা কোৰান শ্বৰীফ (; القرآن al-qurʾān/আল্-ক়ুৰ্-আন্) ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। মুছলিমসকলে কোৰআন স্ৰষ্টাৰ অবিকৃত, হুবহু বক্তব্য বুলি বিশ্বাস কৰে। কোৰআনক আৰবী সাহিত্যৰ অতি উত্তম সৃষ্টি বুলি জ্ঞান কৰা হয় বিশ্বৰ অন্যতম জনপ্ৰিয় গ্ৰন্থখনক লৈ বহু অন্য সাহিত্যৰো সৃষ্টি হৈছে।
-
হাদিছ
হাদিছ (الحديث) হ'ল মূলত ইছলাম ধৰ্মৰ শেষ বাণীবাহক হজৰত মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ বাণী আৰু জীৱনাচৰণ। হাদিছৰ উপদেশ মুছলিম সকলৰ জীৱনাচৰণ আৰু ব্যৱহাৰ বিধিথ অন্যতম পথ নিৰ্দেশ। কোৰআন হ'ল মৌলিক গ্ৰন্থ আৰু হাদিছক বহুত সময়ত ইয়াৰ ব্যাখ্যা হিচাপেও অভিহিত কৰা হয়।
-
বাইবেল
বাইবেল খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ কেন্দ্ৰীয় ধৰ্মীয় গ্ৰন্থৰ সংকলন, আৰু ইছলামৰ দৰে অন্যান্য আব্ৰাহামী ধৰ্মত সন্মানিত। বাইবেল হৈছে মূলতঃ হিব্ৰু, আৰামিক আৰু কইনে গ্ৰীক ভাষাত লিখা এখন সংকলন (বিভিন্ন ৰূপৰ গ্ৰন্থৰ সংকলন)।
-
গুৰু গ্ৰন্থ চাহিব
গুৰু গ্ৰন্থ চাহিব বা সাম্মাণিক উপাধি সহ শ্ৰী গুৰু গ্ৰন্থ চাহিব জি (ਸ਼੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ ਜੀ, শ্ৰী গুৰু গ্ৰান্থ্ চাহিব্ জি ) বা আদি গ্ৰন্থ শিখ ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ। প্ৰতিষ্ঠানিকভাবে এই গ্ৰন্থখন শিখসকলৰ সৰ্বশেষ গুৰু।
-
তাওৰাত
তাওৰাত এটা আকাশী কিতাপ যিটো ইছলামৰ ৰাছুল মুছা (আঃ)ৰ উপৰত অৱতীৰ্ণ হৈছিল। ই হিব্ৰু ভাষাত লিখিত ইহুদীসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ। হিব্ৰু ভাষাত ইয়াৰ নাম '"তোৰাহ্। তোৰাহ্ শব্দৰ অৰ্থ "আইন", "নিয়ম", বা "শিক্ষণীয় উপদেশ"। ই ৫ টা পুস্তকৰ সম্বন্ধয়েৰে গঠিত সেয়েহেই তাওৰাতক বহুতে মুছাৰ "পঞ্চ পুস্তক" বুলি কয়।
-
ত্ৰিপিটক
ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। এইখন গৌতম বুদ্ধৰ দৰ্শন আৰু উপদেশৰ সংকলন। পালি ভাষাৰ তি-পিটক ৰ পৰা অসমীয়া ত্ৰিপিটক শব্দৰ প্ৰচলন। তিনি পিটকৰ সমন্বিত সমাহাৰক ত্ৰিপিটক বোলা হৈছে। এই পিটক তিনিটা হল বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক।
-
আৱেস্তা
আৱেস্তা বা জেন্দ আৱেস্তা হ'ল জৰথুষ্ট্ৰ (জৰথুষ্ট্ৰবাদ) বা জৰদস্তি ধৰ্মৰ পবিত্ৰ ধৰ্মশাস্ত্ৰ। ইয়াক আৱেস্তা ভাষাত লিখা হৈছে। পাৰ্চী আৰু ইংৰাজীকে ধৰি অন্যান্য ভাষালৈও আবেস্তা অনুবাদ কৰা হৈছে। ইয়াৰ প্ৰাচীন অংশ হৈছে গন্তা, যিবোৰ হৈছে জৰাথুষ্ট্ৰে নিজেই ৰচনা কৰা ধৰ্মীয় গীত।
-
টাও টে চিং
টাও টে চিং (Tao Te Ching, চীনা ভাষাত: 道德经; পিন্যিন: Dàodé Jīng), বা লাও ত্জে/ লাও জে, এখন চীনা শাস্ত্ৰীয় গ্ৰন্থ, খ্ৰীষ্টপূৰ্ব ৬থ শতিকাৰ লাওজেই লিখা বুলি জনা। এই গ্ৰন্থ কোনে লিখা, কেতিয়া লিখা আৰু কেতিয়া সংগৃহীত, সেই কথা স্পষ্ট নহয়।
-
লিট্ লাই পেঞ কা কা
তাঈ আহোমৰ আদি শাস্ত্ৰ সমূহৰ ভিতৰত লিৎ লাই পেঞ্ কা কা হ'ল এখন মূল শাস্ত্ৰ। অসমীয়াত এইখনক বিৱৰ্ত্তন শাস্ত্ৰ বুলি আখ্যা দিব পাৰি। মলুং চাও বাণী দেও বাণী দেওধাই বৰুৱাৰ মতে 'লিৎ লাই পেঞ্ কা কা'ৰ অৰ্থ হ'ল -'সৃ্ষ্টি পুনৰ অৱতাৰণা বা প্ৰত্যাগমন বিৱৰণ সম্বলিত খোদিত ফলি বা শাস্ত্ৰ' (লিৎ লাই= সৃষ্টি পুনৰ…
-
আদি দশম
আদি দশম বা আদ্য দশম বা জনপ্ৰিয়ভাৱে দশম পুথিখন শংকৰদেৱ বিৰচিত এখন ধৰ্মীয় পুথি। ভাগৱতৰ দশম স্কন্ধৰ অসমীয়া ভাৱানুবাদ এই “আদি দশম’’ গ্ৰন্থ।
-
নামমালিকা
নামমালিকা মাধৱদেৱ বিৰচিত এখন অমূল্য গ্ৰন্থ। এই গ্ৰন্থখনি কোচ ৰাজবিষয়া বীৰুকাৰ্য্যীৰ অনুৰোধত ৰচনা কৰা হৈছিল। মাধৱদেৱৰ শিষ্য পদ্ম আতাই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে ঘোষা ৰত্নাৱলী কীৰ্তন দশম আৰু নামমালিকা গুৰুৰ আশীৰ্বাদৰূপে লৈ গৈছিল।
-
জন্মৰহস্য
জন্মৰহস্য মাধৱদেৱ বিৰচিত এখন তত্ত্বমূলক গ্ৰন্থ। শংকৰদেৱৰ কথামতে মাধৱদেৱে এই গ্ৰন্থ ৰচনা কৰিছিল। ই মাধৱদেৱৰ আগ বয়সৰ ৰচনা। প্ৰথমে এই পুথিত ৭০০ পদ আছিল। পিছত শংকৰদেৱৰ কথামতে পুনৰ লিখি ৪০০ পদত লিখি উলিয়ায়।