আকৌ এদিন নাটকখন ৰাজদ্বীপে হেঙুল থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ বাবে ৰচনা কৰিছে।
অভিনয় শিল্পীসকল
আকাশদ্বীপ, আঙুৰলতা, বিপুল বৰা, আলোকজ্যোতি, জীৱন হাতীকাকতী আদি।
কাহিনী
'আকৌ এদিন' ইতিমধ্যে গীতিকাৰ হিচাপে পৰিচিত ৰাজদ্বীপৰ নাট্যকাৰ হিচাপে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰতপ্ৰথম পদক্ষেপ। নাটকখনৰ মুখ্য আকৰ্ষণ হিচাপে আছিল ইতিমধ্যে ইউ টিউবত জনপ্ৰিয়তা অৰ্জন কৰা অংগৰাগ মহন্তৰ কণ্ঠত ‘আকৌ এদিন’ শীৰ্ষক কবিতাটো। লগতে আছিল জুবিন গাৰ্গৰ কন্ঠৰ জনপ্ৰিয়তা অৰ্জন কৰা ‘আকৌ এদিন আকাশতে মেঘৰে ফুল’ গীতটো। এক জটিল মানসিক ৰোগত আক্ৰান্ত এজন মেকানিক (আকাশদ্বীপ)। শোৱাৰ লগে লগে সকলো পাহৰি যায় আৰু প্ৰত্যেক দিন ৰাতিপুৱা এজন নতুন মানুহ হৈ পৰে নায়কজন। সেয়েহে সদায় পিতৃয়ে ৰাতিপুৱা শুই উঠাৰ পাছতে এখন ডায়েৰি দি থৈ যায় য’ত তেওঁৰ জীৱন সম্পৰ্কে সকলো লিখা থাকে। নায়কে এজনী ছোৱালীৰ প্ৰেমত পৰিছিল। সদায় বাছষ্টপলৈ যায় তাইক চাবলৈ, কিন্তু কেতিয়াও তাইক মাতিবলৈ সাহস কৰিব পৰা নাছিল। তাইৰ বাবেই সদায় ৰাতি নায়কে গায় প্ৰেমৰ গান প্ৰেমৰ পদ্য; কিন্তু তাইক মুখ খুলি একো ক’বলৈ সাহস কৰিব নোৱাৰে। এনেদৰেই পাৰ হৈছিল তাৰ দিনবোৰ। এদিন সি তাইক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ গোটেই বাছষ্টপটো ফুলেৰে সজাই থৈছিল। কিন্তু তাইক নিজৰ বিষয়ে কোৱাৰ আগতে এটা বিশেষ পৰিস্থিতিত পুলিচৰ লক আপত সোমাব লগীয়া হৈছিল আৰু লক আপত এবাৰ টোপনি যোৱাৰ পাছত নায়কে মানসিক ৰোগটোৰ বাবে নিজৰ বিষয়ে সকলো পাহৰি পেলালে। তাৰ পাছত সি লক আপৰ পৰা পলাবলৈ সক্ষম হৈছিল। ইফালে বিশেষ পৰিস্থিতিত ঘৰৰ পৰা পলাই অহা মেডিকেল কলেজৰ ছাত্ৰী নায়িকাক (আঙুৰলতা) লগ পায় নায়কে। তাৰপাছত দুয়ো একেলগে এখন গাঁৱত আশ্ৰয় লয়গৈ। দুয়ো গাঁওখনত প্ৰেমাষ্পদ হিচাপে চিনাকী দি এঘৰত আশ্ৰয় লয়। তাৰ পাছত দুয়োৰে এটা সম্পৰ্ক গঢ় লৈ উঠে। ইফালে মানসিক ৰোগটোৰ বাবে আগৰ জীৱনৰ সকলো কথা পাহৰি পেলাইছিল নায়কে। কিন্তু কাহিনীৰ পাকচক্ৰত নায়িকাই তাৰ আগৰ জীৱনৰ সকলো সম্ভেদ পায়। তাৰপাছত নায়িকাই নায়কক হেৰাই যোৱা জীৱনটো ঘূৰাই দিলে নে সদায় তাক আন্ধাৰৰ মাজতে ৰাখি নিজৰ কৰি ৰাখিলে তাকে লৈ পৰৱৰ্তী কাহিনীভাগ আগবাঢ়িছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকৌ এদিন” প্ৰবন্ধৰ সংশোধন ১৭৪১২৯ (১ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।