অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বোৱাৰী (নাট)

বোৱাৰী অভিজিত ভট্টাচাৰ্যই ৰচনা-পৰিচালনা কৰা বৃন্দাবন থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট। আশীৰ দশকৰ চুপাৰহিট অসমীয়া কথাছবি 'বোৱাৰী'ৰ ই আছিল নাট্যৰূপ।

হালনাগাদ: ১৪ ডিচেম্বৰ ২০২২ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বোৱাৰী অভিজিত ভট্টাচাৰ্যই ৰচনা-পৰিচালনা কৰা বৃন্দাবন থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট। আশীৰ দশকৰ চুপাৰহিট অসমীয়া কথাছবি 'বোৱাৰী'ৰ ই আছিল নাট্যৰূপ।

অভিনয় শিল্পীসকল

যতীন বৰা, প্ৰয়াসী পৰাশৰ, মমী ডেকা, পৰাগ শৰ্মা, অঞ্জনজ্যোতি বেজ, জিতু বৰা, অৰুণ বৰা আদি। ১

মূল কাহিনীভাগ

গাঁৱৰ এজন সহজ সৰল যুৱক(যতীন বৰা)ৰ কথাৰে কাহিনীভাগ আগবাঢ়িছে। নায়কে গাঁৱৰে এগৰাকী যুৱতীৰ প্ৰেমত পৰে। পিতৃৰ পৰা অনুমতি লৈ বিবাহ পাশত আৱদ্ধ হয়। পাছত পৰিয়ালৰ ভৰণ পোষণৰ বাবে এজন বন্ধুৰ তাগিদাত ভাৰতীয় সেনা বাহিনীত অংশগ্ৰহণ কৰে। চহৰত নায়কৰ ককায়েক ঘৰজোঁৱাই হিচাপে আছিল এঘৰ আঢ্যৱন্ত মানুহৰ ঘৰত। কিন্তু গাঁৱৰ পৰিয়ালৰ কাৰো খবৰ লবলৈ ককায়েকৰ আহৰি নাই। কাহিনীৰ পাকচক্ৰত নায়কে পাকিস্তান সীমান্তত যুদ্ধত অৱতীৰ্ণ হয়গৈ আৰু শত্ৰু সৈন্যৰ হাতত বন্দী হয় আৰু মূৰত আঘাত পোৱাৰ ফলত স্মৃতি শক্তি লোপ পায়। ভাৰতীয় সৈন্যই নায়কৰ কোনো খবৰ উলিওৱাত ব্যৰ্থ হয়। ইফালে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যু হোৱাত নায়কৰ পত্নী, কন্যা, পিতৃ নিথৰুৱা হয় পৰে আৰু চহৰত থকা ককায়েকৰ ঘৰত আশ্ৰয় লয়হি। কিন্তু বৌৱেকৰ হাতত আটাইকেইজনে অকথ্য নিৰ্যাতন সহিব লগীয়া হয়। নাটকখনৰ শেষৰফালে নায়কে শত্ৰু সৈন্যৰ হাতৰ পৰা মুক্ত হৈ আকৌ অসমলৈ প্ৰত্যাৱৰ্তন কৰে আৰু পৰিয়ালৰ সকলোৰে দুখৰ দিনৰ অন্ত পৰে।

জনপ্ৰিয় কথাছবি 'বোৱাৰী'ৰ নাট্যৰূপত 'বৃন্দাৱন থিয়েটাৰে' অত্যাধুনিক কাৰিকৰী কলা-কৌশলৰ সমাহাৰ ঘটাইছিল। বিশেষকৈ যুদ্ধৰ দৃশ্যাংশত দৰ্শকৰ সম্মুখেদি টেংক পাৰ হৈ যোৱা, আকাশেদি উৰি যোৱা হেলিকপ্তাৰৰ পৰা বোমা বৰ্ষণ কৰা আদি দৃশ্যাৱলী নাটকখনত অন্তৰ্ভুক্ত কৰা হৈছিল। ২

তথ্যসূত্ৰ

  1. ↑ 'বহুমুখ', আমাৰ অসম কাকতৰ বুধবৰীয়া পৰিপূৰিকা, চিত্ৰবাণী পৃষ্ঠা, ২ জুলাই ২০১৪
  2. ↑ বিনোদন বাৰ্তা, নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী, ২০১৫

সম্পৰ্কিত শ্ৰেণী

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোৱাৰী (নাট)” প্ৰবন্ধৰ সংশোধন ৩৪০৪০২ (১৪ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।