অ'লিংগুইট (Olinguito, বৈজ্ঞানিক নাম-Bassaricyon neblina) শেহতীয়াকৈ আৱিষ্কাৰ হোৱা ‘Bassaricyon’ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ স্তন্যপায়ী প্ৰাণী। অ'লিঙ্গোৰ স’তে “ ইটো (-ito)” সংযোগ কৰি ইয়াৰ নামকৰণ কৰা হৈছে। অলিঙ্গো (Olingo) হ’ল ইয়াৰ নিকট সম্পৰ্কীয় এক প্ৰাণী। অ'লিঙ্গোইটো দেখাত ইয়াৰ সৈতে প্ৰায় একে কিন্তু আকাৰত সৰু হোৱা ইয়াৰ অ'লোঙ্গোৰ সৈতে “ ইটো (-ito)” যোগ দিয়া হ'ল, যাৰ স্পেনিচ ভাষাত অৰ্থ হ’ল-সৰু। স্মিথছনিয়ান নেশ্যনেল মিউজিয়াম অব নেশ্যাৰেল হিষ্ট’ৰি (Smithsonian National Museum of Natural History) নামৰ প্ৰতিষ্ঠানটোৱে ২০১৩ চনৰ ১৫ আগষ্টত এই প্ৰাণীবিধৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰে। ১যোৱা ৩৫ বছৰৰ ভিতৰত নতুন বিশ্ব (New World) ত নতুনকৈ আৱিষ্কাৰ হোৱা ইয়েই প্ৰথম মাংসভোজী প্ৰাণী। ২
আৱিষ্কাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন সংগ্ৰহালয়ত এই প্ৰাণীবিধৰ সংৰক্ষিত নমুনা আছিল যদিও এই সকলোবোৰ যোৱা প্ৰায় এশবছৰ ধৰি ইয়াৰ দৰে দেখাত মিল থকা অ'লিঙ্গো (olingo) নামৰ প্ৰাণীটো বুলি ভুলকৈ চিনাক্ত কৰি ৰখা হৈছিল। আনকি ১৯৬০ ৰ দশকত আমেৰিকাৰ কিছু চিৰিয়াখানাত অ'লিংগুইট' থকাৰো তথ্য পোৱা গৈছে। ২৩ কিন্তু ইয়াক অন্য অ'লিঙ্গোৰ সৈতেই ৰখা হৈছিল আৰু ই অ'লিঙ্গোৰ সৈতে প্ৰজনন নকৰাটো আশ্চৰ্য্যজনক আছিল যদিও কোনেও বিশেষ গুৰুত্ব সহকাৰে লোৱা নাছিল। ২৪অৱশেষত স্মিথছনিয়ান নেশ্যনেল মিউজিয়াম অব নেশ্যাৰেল হিষ্ট’ৰি (Smithsonian National Museum of Natural History) নামৰ প্ৰতিষ্ঠানটোৰ স্তন্যপায়ী প্ৰাণী বিভাগৰ কিউৰেটৰ ক্ৰিষ্টোফাৰ হেলগেন (Kristofer Helgen) ২০১৩ চনৰ ১৫ আগষ্টৰ দিনটোতে শৰীৰস্থান (anatomical) তথা জিনীয় তথ্যৰ সহায়ত এই প্ৰাণীবিধক অন্য প্ৰাণীবোৰৰ পৰা পৃথক এক নতুন স্তন্যপায়ী প্ৰাণী বুলি ঘোষণা কৰে।৫৬১২৭৮
বিৱৰণ
ই এবিধ স্তন্যপায়ী প্ৰাণী। বাহ্যিক গঠনৰ ফালৰ পৰা ইয়াক বিজ্ঞানীসকলে ঘৰচীয়া মেকুৰী আৰু টেডী ভালুকৰ মাজৰ এটা প্ৰাণী বুলি বৰ্ণনা কৰিছে। অ'লিংগুইট'ৰ দেহটো নোমাল, অ'লিঙ্গোৰ দৰেই ই নিশাচৰ প্ৰাণী কিন্তু আকাৰ যথেষ্ট সৰু। ৯). ইয়াৰ গড় ওজন প্ৰায় ০.৯ কিলোগ্ৰাম।৪১৮ ই সৰ্বভক্ষী২। খাদ্য হিচাপে ই মাংসৰ লগতে ফল-মূল, পোক-পতংগ তথা ফুলৰ মৌ আদিও গ্ৰহণ কৰে।১০৮

টেক্স’নমি
অ'লিংগুইট' Bassaricyon গোত্ৰৰে ইয়াৰ ওচৰ সম্পৰ্কীয় অ'লিঙ্গোবোৰতকৈ সৰু আকাৰৰ।১ তদুপৰি ইয়াৰ দেহ বেছি নোমাল, নেজ চুটি আৰু কাণ অ'লিঙ্গোতকৈ সৰু।৩
বাহ্যিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ত্তমান ইয়াক চাৰিটা উপ-প্ৰজাতিত ভাগ কৰা হৈছে-
- Bassaricyon neblina neblina
- Bassaricyon neblina osborni
- Bassaricyon neblina hershkovitzi
- Bassaricyon neblina ruber১১
আচৰণ
ই অকলশৰে থাকে বুলি জনা গৈছে।২তথ্য অনুসৰি ই নিশাচৰ আৰু লাজকুৰীয়া। তদুপৰি ই সকলো সময়তে গছত থাকি ভাল পায়।২১১ ইহঁতে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে বুলিও তথ্য পোৱা গৈছে।২১১৮
বাসস্থান তথা বিতৰণ
ই কলম্বিয়া আৰু ইকুৱেডৰৰ ঘন বনাঞ্চলৰ মাজত বাস কৰে।৮১১১
স্থিতি তথা সংৰক্ষণ
এই দুস্প্ৰাপ্য প্ৰাণীবিধৰ প্ৰতি প্ৰধান ভাবুকি হৈ পৰিছে বনাঞ্চল ধ্বংস। তথ্য অনুসৰি ইয়াৰ বাসস্থানৰ প্ৰায় ৪২% অঞ্চলেই ইতিমধ্যে নগৰীকৰণ নাইবা খেতি পথাৰলৈ পৰিৱৰ্ত্তন হৈছে।১১০ গতিকে অনাগত দিনত ইয়াৰ সংৰক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা নল'লে ইও অন্যান্য বহুতো আপুৰুগীয়া প্ৰাণীৰ দৰেই বিলুপ্তিৰ পথত আগবঢ়াৰ সম্ভাৱনা আছে।১
তথ্যসূত্ৰ
- ↑ Stromberg, Joseph. (15 August 2013). For the First Time in 35 Years, A New Carnivorous Mammal Species is Discovered in the American Continents. Smithsonian Magazine
- ↑ Roland Kays. Press conference at North Carolina Museum of Natural Sciences. Livestream (video). 15 August 2013
- ↑ Sample, Ian. Carnivore 'teddy bear' emerges from the mists of Ecuador. Guardian. Thursday 15 August 2013
- ↑ Borenstein, Seth. (15 August 2013). Adorable New Mammal Species Found 'In Plain Sight'. ABC News
- ↑ Kim, Meeri. (16 August 2013). Smithsonian unearths a new species of mammal: The olinguito. Washington Post
- ↑ New animal discovered in Andes. WRAL
- ↑ (17 August 2013). A new mammal. Peekaboo. The Economist
- ↑ O'Brien, Jane. (15 August 2013). Olinguito: 'Overlooked' mammal carnivore is major discovery. BBC News
- ↑ K.-P. Koepfli, M. E. Gompper, E. Eizirik, C.-C. Ho, L. Linden, J. E. Maldonado, R. K. Wayne. (2007-06). Phylogeny of the Procyonidae (Mammalia: Carvnivora): Molecules, morphology and the Great American Interchange. Molecular Phylogenetics and Evolution. পৃ. 1076–1095
- ↑ Landau, Elizabeth. (15 August 2013). New cute furry mammal species discovered. CNN
- ↑ Helgen, K. M.; Pinto, M.; Kays, R. (15 August 2013). Taxonomic revision of the olingos (Bassaricyon), with description of a new species, the Olinguito. ZooKeys. পৃ. 1–83
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ'লিংগুইট'” প্ৰবন্ধৰ সংশোধন ৬২৪৭৬৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।