সাহিত্য অকাডেমি বঁটা বিজয়ী
১১ প্ৰবন্ধ
-
এ কে ৰামানুজন
আত্তিপেট কৃষ্ণস্বামী ৰামানুজন (জন্ম, ১৬ মাৰ্চ ১৯২৯ – মৃত্যু,১৩ জুলাই ১৯৯৩) এজন ভাৰতীয় কবি আৰু ভাৰতীয় সাহিত্য আৰু ভাষাবিজ্ঞানৰ পণ্ডিত আছিল ৰামানুজন চিকাগো বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞানৰ অধ্যাপকও আছিল। ৰামানুজন আছিল এজন কবি, পণ্ডিত, ভাষাবিদ, লোককথাবিদ, অনুবাদক আৰু নাট্যকাৰ।
-
জবা মূৰ্মু
জবা মূৰ্মু (Joba Murmu) চাওঁতালি সাহিত্যৰ ৰচনাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা আৰু সাহিত্যিক চাওঁতালি ভাষাৰ সাহিত্যলৈ আগবঢ়োৱা ভাষা অৱদানৰ বাবে ২০১৭ চনৰ ১৪ নৱেম্বৰত তেওঁ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল।
-
তুৰিয়া চান্দ বাস্কে
তুৰিয়া চান্দ বাস্কে (Turia Chand Baskey) এগৰাকী চাঁওতালি লেখক আৰু সম্পাদক। ২০২৩ চনত তেওঁ চাঁওতালি সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
দময়ন্তী বেশ্ৰা
দময়ন্তী বেশ্ৰা (Damayanti Beshra, ১৮ ফেব্ৰুৱাৰী ১৯৬২) এগৰাকী চাঁওতালি লেখিকা আৰু আদিবাসী গৱেষক। তেওঁ বিশেষকৈ চাঁওতালি ভাষাৰ সাহিত্যৰ বাবে তেওঁ পৰিচিত। ২০০৯ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ 'কৰম দাৰ' চাঁওতালি ভাষাৰ প্ৰথমখন মহিলাৰ আলোচনী প্ৰকাশ কৰিছিল।
-
মালিনী গোস্বামী
মালিনী গোস্বামী ( Malini Goswami) অসমৰ এগৰাকী সংস্কৃত ভাষা-সাহিত্যৰ বিদূষী-গৱেষক, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা। যোৰহাটত জন্মগ্ৰহণ কৰা গোস্বামীৰ পিতৃৰ নাম পদ্মেন্দ্ৰ নাৰায়ণ গোস্বামী আৰু মাতৃৰ নাম নলিনী গোস্বামী।
-
অৰুন্ধতী সুব্ৰমনিয়াম
অৰুন্ধতী সুব্ৰমনিয়াম (ইংৰাজী: Arundhathi Subramaniam; জন্ম: ১৯৭৩) এগৰাকী ভাৰতীয় কবি আৰু লেখিকা, যিয়ে সংস্কৃতি আৰু আধ্যাত্মিকতাৰ বিষয়ে লিখি আহিছে। তেওঁ দক্ষিণ ভাৰতৰ তামিলনাডুৰ কোইম্বাটুৰত জন্মগ্ৰহণ কৰিছিল।
-
নাগাৰ্জুন (বৈদ্যনাথ মিশ্ৰ)
বৈদ্যনাথ মিশ্ৰ (১১ জুন ১৯১১ – ৫ নৱেম্বৰ ১৯৯৮), যাক নগাৰ্জুন নামেৰে জনা যায়, এজন হিন্দী আৰু মৈথিলী কবি আছিল। তেওঁ উপন্যাস, চুটি গল্প, সাহিত্যিক জীৱনী আৰু ভ্ৰমণকাহিনীও লিখিছিল আৰু জনকবি – জনতাৰ কবি হিচাপে জনাজাত আছিল। তেওঁক মৈথিলীৰ আধুনিকতাৰ আটাইতকৈ প্ৰধান সমৰ্থক হিচাপে গণ্য কৰা হয়।
-
মতিলাল জটৱানী
মতিলাল ৱাধুমল জটৱানী (Motilal Jotwani; জন্ম:১৩ জানুৱাৰী,১৯৩৬-মৃত্যু:২৮ জানুৱাৰী, ২০০৮) হৈছে এগৰাকী ভাৰতীয় লেখক, শিক্ষাবিদ, গান্ধীবাদী। তেওঁ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ডক্টৰেট, যি সিন্ধী ভাষা আৰু সাহিত্যৰ বিশেষজ্ঞ।জটৱানীয়ে ভাষা-সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, ভাৰত চৰকাৰে ২০০৩ চনত…
-
মনোজ বসু
মনোজ বসু (Manoj Basu; ২৫ জুলাই ১৯০১ – ২৬ ডিচেম্বৰ ১৯৮৭) এজন ভাৰতীয় বাঙালী ঔপন্যাসিক আৰু চুটিগল্পৰ লেখক। তেওঁ তেওঁৰ উপন্যাস "নিশিকুটুম্ব"ৰ বাবেই বেছিকৈ পৰিচিত। ১৯৬৬ চনত এই উপন্যাসখনৰ বাবে তেওঁ বাংলা ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
শ্ৰীকান্ত বাৰ্মা
শ্ৰীকান্ত বাৰ্মা (১৯৩১ চনৰ ১৮ ছেপ্টেম্বৰ – ১৯৮৬ চনৰ ২৫ মে') ভাৰতীয় কবি আৰু ১৯৭৬ চনৰপৰা ১৯৮২ চন আৰু ১৯৮২ চনৰপৰা ১৯৮৬ চনলৈকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মধ্যপ্ৰদেশৰ সংসদ সদস্য আছিল। ১৯৮৬ চনত নিউয়ৰ্কত কৰ্কট ৰোগত আক্ৰান্ত বাৰ্মাৰ মৃত্যু হয়
-
ৰাম শ্ৰী মুগালী
ৰাম শ্ৰী মুগালী (ৰংগনাথ শ্ৰীনিবাস মুগালী) (১৯০৬ চনৰ ১৫ জুলাই – ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰী) এগৰাকী কানাড়া ভাষাৰ সাহিত্যিক আছিল। ১৯৫৬ চনত তেওঁ "কানাড়া সাহিত্য চৰিত" ৰচনাৰ বাবে কেন্দ্ৰীয় সাহিত্য অকাডেমীৰ সন্মান লাভ কৰে।