অথৰ্ববেদ হিন্দু ধৰ্মশাস্ত্ৰৰ চাৰিখন বেদৰ ভিতৰত শেষৰখন বেদ। ইয়াৰ আদি নাম আছিল অথৰ্বাংগিৰস বেদ। অথৰ্ববেদক ব্ৰহ্মবেদ বুলিও জনা যায়। এই বেদত মুঠতে ২০ টা কাণ্ড, ৩৮ টা প্ৰপাঠক, ৯০ টা অনুবাক, ৭৩০ টা সুক্ত আৰু ৬০০০ মন্ত্ৰ আছে। কেইবাটাও মন্ত্ৰক লৈ একোটা সুক্ত, কেইবাটাও সুক্তক লৈ একোটা অনুবাক, কেইবাটাও অনুবাক লৈ একোটা প্ৰপাঠক আৰু কেইবাটাও প্ৰপাঠক লৈ একো একোটা কাণ্ড গঠিত হৈছে। অথৰ্ববেদৰ মুঠ ৬০০০ মন্ত্ৰৰ ১২০০ মন্ত্ৰ ঋকবেদৰ পৰা অনা।
অথৰ্ববেদৰ ৰচয়িতা:
অথৰ্ব ঋষি বা অথৰ্বা আৰু অংগিৰা ঋষিৰ বংশৰ বা ভৃগু বংশীয় মুনিসকলক এই বেদৰ সংকলনকাৰী বুলি ধৰা হয়।১
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, পৃষ্ঠা নং: ৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অথৰ্ববেদ” প্ৰবন্ধৰ সংশোধন ৩১৭০৬৯ (২০ মাৰ্চ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।