অল দ'জ ইয়েৰিঙছ্(All Those Yearnings) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন চুটিগল্পৰ অনুবাদ সংকলন। বিশিষ্ট সাহিত্যিক দিলীপ বৰাৰ বাৰটা চুটিগল্প অসমীয়াৰ পৰা ইংৰাজীলৈ ময়ূৰ বৰাই অনুবাদ কৰি এইখন সংকলন প্ৰস্তুত কৰিছে। এপ্প'কাছ (Appoccus) প্ৰকাশনৰ পৰা ২০১২ চনৰ মাৰ্চ মাহত প্ৰথম প্ৰকাশ হোৱা সংকলনটিৰ মূল্য ১২০ টকা।১
বিৱৰণ
বিশিষ্ট সাহিত্যিক দিলীপ বৰাৰ বাৰটা চুটিগল্প অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি ময়ূৰ বৰাই অনুবাদ সংকলনটিত একত্ৰিত কৰিছে। অনুবাদিত চুটিগল্পকেইটা হ'ল-১
- A Stream Through Hearr
- All Those Yearnings
- Another Secret Killing
- Earthy Earnestness
- Feeling Of Solitude
- Fragrance Of The Mango Flowers
- Hunger
- In The Cemetery
- Memories Of Another Time
- Of Love And Betrayal
- When Twilight Descended
- Wild West Resort
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ময়ূৰ বৰা. (মাৰ্চ,২০১২). All Those Yearnings. Appoccus. ISBN 978-81-922831-4-2
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অল দ'জ ইয়েৰনিংছ্” প্ৰবন্ধৰ সংশোধন ২৯৯৫১১ (২২ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।