অনু মালহোত্ৰা (Anu Malhotra) এগৰাকী ভ্ৰমণ আৰু অভিযান বিষয়ক ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, তেওঁ ভ্ৰমণ আৰু অভিযানৰ বিষয়ত বিশেষজ্ঞ। তেওঁ ভাৰতৰ পৰ্যটন বিভাগৰ বাবে বহুতো টেলিভিছন ধাৰাবাহিক, অনুষ্ঠান, চলচ্চিত্ৰ, বিজ্ঞাপন চলচ্চিত্ৰ লিখিছে, পৰিচালনা কৰিছে আৰু আয়োজন কৰিছে। চিত্ৰগ্ৰহণ আৰু চিনেমাট’গ্ৰাফিক উপস্থাপনৰ বাবে ইনক্ৰিডিবল ইণ্ডিয়া অভিযানৰ নেতৃত্ব দিছে। ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰা প্ৰদৰ্শন কৰা তথ্যচিত্ৰ যেনে অৰুণাচল প্ৰদেশৰ অপতনী, নাগালেণ্ডৰ কন্যাক, "যোধপুৰৰ মহাৰাজা–লিগেচি জীয়াই থাকে" আদি তথ্যচিত্ৰ তেওঁৰ দ্বাৰা সৃষ্টি কৰা হৈছে। ২০১০ চনৰ অক্টোবৰ মাহত প্ৰিমিয়াৰ হোৱা তেওঁৰ শেহতীয়া প্ৰডাকচনটো হিমাচল প্ৰদেশৰ শ্বেমানবাদৰ ওপৰত, "হিমালয়ৰ শ্বেমান" শীৰ্ষক।
বঁটা আৰু স্বীকৃতি
- শ্ৰেষ্ঠ পৰ্যটন প্ৰচাৰ, পৰ্যটন বিভাগ, ২০০২।
- পৰ্যটন মন্ত্ৰালয়ৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পৰ্যটন ছবি, ২০০১
- ২০০১ চনৰ বাবে উদ্যোগ ৰত্ন বঁটা।
- পৰ্যটন মন্ত্ৰালয়ৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পৰ্যটন ছবি, ২০০০।
- প্ৰিমিঅ' টেলিভিছন ইণ্টাৰনেচনেল এজিয়নল বঁটা (ইটালী), ১৯৯৯।
- ভ্ৰমণ আৰু পৰ্যটন প্ৰমোটাৰ বঁটা, ১৯৯৮।
- পৰ্যটন মন্ত্ৰালয়ৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পৰ্যটন ছবি, ১৯৯৭।
- শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পৰ্যটন ছবি, পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা, ১৯৯৬।
- অকল্পকাহিনীত শ্ৰেষ্ঠ পৰিচালকৰ অনিডা পিনাকল বঁটা, ১৯৯৫।
- লাইভ ইভেণ্টৰ শ্ৰেষ্ঠ কভাৰেজৰ বাবে অনিডা পিনাকল বঁটা, ১৯৯৫।
- লায়ন্স ক্লাব, টেলিভিছনৰ শ্ৰেষ্ঠ ভ্ৰমণ কাহিনীৰ বাবে বম্বে বঁটা, ১৯৯৫।
চিনেমা পঞ্জী
অনুৱে আন কেইবাখনো তথ্যচিত্ৰ আৰু ছবিৰ কামো কৰিছে যাৰ সংকলন ‘ট্ৰাইবেল উইজডম’ নামেৰে ২০০২–২০০৯ চনৰ ভিতৰত ডিস্কভাৰী চেনেল ইণ্টাৰনেশ্যনেল, ফ্ৰান্স ৫, আল জাজীৰা, টুইন ৰেম্বলাৰ আৰু টুং হোয়াত প্ৰচাৰিত হৈছিল। এই ধাৰাবাহিকখনৰ সকলোবোৰেই আছিল ভাৰতৰ জনজাতি-জনজাতিৰ পৰম্পৰা, ৰীতি-নীতি আৰু জীৱন-যাপনৰ বিষয়ে, ইয়াত ধাৰাবাহিক হিচাপে উপস্থাপন কৰিবলৈ বিভিন্ন ধৰণৰ ছবি আছিল যেনে- গুজৰাটৰ ৰাবাৰী, তামিলনাডুৰ ইৰুলা, মেঘালয়ৰ খাছী, কাৰ নিকোবৰৰ নিকোবাৰেছ, মধ্যপ্ৰদেশৰ বাইগা, লগতে অৰুণাচল প্ৰদেশৰ অপতানি আৰু নাগালেণ্ডৰ কন্যাক। ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
তথ্যসূত্ৰ
- ↑ Anu Malhotra - IMDb. imdb.com
- ↑ Anu Malhotra's documentary screening. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Anu Malhotra. soulsurvivors.in
- ↑ "Straight Talk – High on Heritage"
- ↑ A spirited Himalayan rendezvous - The New Indian Express. newindianexpress.com
- ↑ Anu Malhotra: Return to the roots: Wonder Woman - Who are you today?. onderwoman.intoday.in
- ↑ A Himalayan mystery. The Hindu
- ↑ Anu Malhotra on her seven TV award nominations - Entertainment - DNA. dnaindia.com
- ↑ Shemaroo releases Anu Malhotra's documentaries on DVDs - Businessofcinema.com. businessofcinema.com
- ↑ Shamans of the Himalayas
- ↑ INTERVIEW: Anu Malhotra on "Shamans of the Himalayas" | BLOUIN ARTINFO. in.blouinartinfo.com
- ↑ PR 24x7 Network Ltd. Discovery Channel Presents Shamans of the Himalayas A Story of Ultimate Spiritual Prowess of Wisdom | PRLog. prlog.org
- ↑ Film – Shamans in the Himalayas. firstcitydelhi.in
- ↑ Shamans of the Himalayas | Aim Television PVT LTD | Screenings | C21Media. c21media.net
- ↑ Spirit of the Himalayas. dailypioneer.com
- ↑ Discovery Channel Presents Shamans of the Himalayas A Story of Ultimate Spiritual rowess of Wisdom and Divinity. pr-inside.com
- ↑ Meet Anu Malhotra Video: NDTV.com. ndtv.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনু মালহোত্ৰা” প্ৰবন্ধৰ সংশোধন ৫৬৬৭৮৫ (৩১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।