অনুক্ৰীতি ভাছ (: Anukreethy Vas; জন্ম ২৮ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০১৮ৰ মুকুট পিন্ধিছিল।১ ২০১৮ চনৰ ৮ ডিচেম্বৰত চীনৰ ছানিয়াত অনুষ্ঠিত হোৱা মিছ বিশ্ব প্ৰতিযোগিতাৰ ৬৮ সংখ্যক সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু শেষত তেওঁ শীৰ্ষ ৩০ খন ছেমি ফাইনেলিষ্টৰ ভিতৰত স্থান লাভ কৰিছিল।২
ব্যক্তিগত জীৱন
অনুক্ৰীতিৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল ভাৰতৰ তামিলনাডুৰ তিৰুচিৰাপল্লীত।৩ সাত বছৰ বয়সত পিতৃয়ে পৰিত্যক্ত কৰি থৈ গৈছিল আৰু কেৰেলাৰ বাসিন্দা, মাতৃ চেলিনাই ডাঙৰ-দীঘল কৰিছিল। তেওঁৰ মাতৃভাষা মালয়ালম আৰু জন্মস্থান কেৰালা।
তেওঁ তিৰুচিৰাপল্লীৰ মণ্টফৰ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰিছিল।৪ আৰ এছ কৃষ্ণন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে। তাৰ পিছত তেওঁ চেন্নাইৰ লয়লা কলেজ পৰা ফৰাচী সাহিত্যত বি এ ডিগ্ৰী লাভ কৰে।৫৬৭ তেওঁৰ এজন সৰু ভাতৃ আছে যি বৰ্তমান কলেজত পঢ়ি আছে।
অনুক্ৰীতি এগৰাকী ক্ৰীড়াপ্ৰেমী ব্যক্তি আৰু মটৰবাইক অনুৰাগী।
প্ৰদৰ্শনৰ ইতিহাস
অনুক্ৰীতি ভাছক ফেমিনা মিছ ইণ্ডিয়া ২০১৮ হিচাপে অভিষিক্ত কৰে বিদায়ী খিতাপধাৰী আৰু মিছ ৱৰ্ল্ড ২০১৭ মনুষী চিল্লাৰে। ইয়াৰ পূৰ্বে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ফেমিনা মিছ ইণ্ডিয়া তামিলনাডু ২০১৮ হিচাপে মুকুট পিন্ধিছিল। প্ৰতিযোগিতাৰ সময়ত মিছ বিউটিফুল স্মাইলৰ মুকুট পিন্ধিছিল আৰু বিউটি উইথ এ পাৰ্পজ বঁটা লাভ কৰিছিল। ২০১৮ চনৰ ৮ ডিচেম্বৰত চীনৰ ছানয়াত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত অনুক্ৰীথীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ টেলেণ্ট ৰাউণ্ডৰ শীৰ্ষ ১৮ ৰ ভিতৰত স্থান লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ নিজৰ ৰাউণ্ডৰ হেড টু হেড চেলেঞ্জত জয়ী হৈ প্ৰতিযোগিতাৰ শীৰ্ষ ৩০ ৰ ভিতৰত প্ৰৱেশ কৰে।৮
ফিল্মগ্ৰাফী
- বছৰৰ শিৰোনাম ভূমিকা ভাষা টোকা Ref.
- ২০২২ চনত ডি এছ পি:,ভূমিকা-অন্নপুৰণি, ভাষা-তামিল, তামিল অভিষেক।৯
- ২০২৩ চনত টাইগাৰ নাগেশ্বৰ ৰাও:ভূমিকা- জয়বাণী, ভাষা-তেলেগু, তেলেগু অভিষেক
- ২০২৪ চনৰ Visfot: Song পৰিবেশক,ভাষা- হিন্দী, হিন্দী গীত
- টিবিএ ভেট্ৰি†: টিবিএ,ভাষা- তামিল ১০১১
তথ্যসূত্ৰ
- ↑ Tamil Nadu college student Anukreethy Vas crowned Miss India 2018
- ↑ Tamil Nadu's Anukreethy Vas crowned Miss India 2018
- ↑ Anukriti Vas(Vas is her initials) is Femina Miss India World, 2018
- ↑ Miss India visits her alma mater Montfort School
- ↑ Who is Miss India 2018 Anukriti Vas?
- ↑ Interview with her mom
- ↑ Atharvaa Murali: Movies, Photos, Videos, News, Biography & Birthday | eTimes. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Bollywood News update June 20: Anukriti Vas crowned Miss India 2018, Rajkummar Rao wraps up Fanne Khan shoot
- ↑ DSP Movie Showtimes. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Miss India Anukreethy Vas to debut in Prashanth's next. Cinema Express
- ↑ Prashanth to romance Miss India 2018 Anukreethy Vas in his next film. in.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুক্ৰীতি ভাছ” প্ৰবন্ধৰ সংশোধন ৪৮৭৬৬০ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।