অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অজয় আহুজা

স্কোৱাড্ৰন লীডাৰ অজয় আহুজা (Ajay Ahuja (২২ মে’ ১৯৬৩ – ২৭ মে’ ১৯৯৯) ভাৰতীয় বায়ুসেনাৰ এগৰাকী যুঁজাৰু বিমানৰ পাইলট আছিল। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘটিত কাৰ্গিল যুদ্ধত তেওঁ কৰ্তব্যৰত অৱস্থাত নিহত হৈছিল।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ৩৭২ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

স্কোৱাড্ৰন লীডাৰ অজয় আহুজা (Ajay Ahuja (২২ মে’ ১৯৬৩ – ২৭ মে’ ১৯৯৯) ভাৰতীয় বায়ুসেনাৰ এগৰাকী যুঁজাৰু বিমানৰ পাইলট আছিল। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘটিত কাৰ্গিল যুদ্ধত তেওঁ কৰ্তব্যৰত অৱস্থাত নিহত হৈছিল। কাৰ্গিলৰ ওচৰত পাকিস্তানৰ পৰা নিক্ষেপ কৰা এটা কান্ধত লৈ ব্যৱহাৰ কৰিব পৰা FIM-92 Stinger ক্ষেপণাস্ত্ৰৰ আঘাতত তেওঁৰ MiG-21 বিমানখন ক্ষতিগ্ৰস্ত হয়। অজয় আহুজাই বিমানখনৰ পৰা প্ৰেৰণ কৰা পেৰাচুটৰ সহায়ত মাটিত অৱতৰণ কৰে। অৱতৰণ কৰাৰ পিছত তেওঁ পাকিস্তানী সেনাৰ হাতত বন্দী হয় আৰু তেওঁক নিৰ্যাতন কৰাৰ পিছত গুলীয়াই হত্যা কৰা হয়। পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি ভাৰতলৈ ঘূৰাই অনাৰ পিছত কৰা মৰণোত্তৰ পৰীক্ষাত তেওঁৰ আঁঠুৰ হাড় ভাঙি থকাৰ লগতে মূৰ আৰু বুকুত দুটা গুলীৰ আঘাত পোৱা যায়। সংঘাতৰ সময়ত পাকিস্তানী সেনাৰ দ্বাৰা অজয় আহুজাক বন্দী কৰি হত্যা কৰাৰ খবৰ ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত দেশখনত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল। ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাই ভাৰতত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু সামৰিক কেৰিয়াৰ

অজয় আহুজাৰ ২২ মে’ ১৯৬৩ চনত ভাৰতৰ ৰাজস্থানৰ কোটা চহৰত জন্ম হৈছিল। তেওঁ ছেইণ্ট প’লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। এইখন আছিল ল’ৰাৰ বাবে পৰিচিত এখন মিছনেৰী বিদ্যালয়। ইয়াৰ পিছত তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (NDA)-ৰ পৰা শিক্ষা সমাপ্ত কৰি ১৪ জুন ১৯৮৫ চনত ভাৰতীয় বায়ুসেনাত যুঁজাৰু বিমানৰ পাইলট হিচাপে নিযুক্তি লাভ কৰে। ১৪ জুন ১৯৯৬ চনত তেওঁক স্কোৱাড্ৰন লীডাৰ পদলৈ পদোন্নতি দিয়া হয়। ১যুঁজাৰু বিমানৰ পাইলট হিচাপে অজয় আহুজাই MiG-21 আৰু MiG-23 যুঁজাৰু বিমান উৰুৱাইছিল। তেওঁ প্ৰশিক্ষক হিচাপেও যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছিল। নতুনকৈ বিমান চলাবলৈ আৰম্ভ কৰা (ab-initio) পাইলটসকলক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত তেওঁৰ ১,০০০ ঘণ্টাতকৈ অধিক নিৰ্দেশনাযুক্ত উৰণ অভিজ্ঞতা আছিল।

১৯৯৭ চনত আহুজাক পঞ্জাবৰ ভাটিণ্ডাস্থিত ভিছিয়ানা এয়াৰ ফ’ৰ্চ ষ্টেচনলৈ বদলি কৰা হয়। ২ তাত নং ১৭ স্কোৱাড্ৰন-ৰ ফ্লাইট কমাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ কিছুদিন পিছতেই ১৯৯৯ চনত ভাৰত আৰু পাকিস্তানৰ মাজত কাৰ্গিল যুদ্ধ আৰম্ভ হয়।

স্মৃতিচাৰণ

অজয় আহুজা আজিও ভাৰতীয়সকলৰ বাবে এগৰাকী মহান বীৰ হিচাপে স্মৰণীয়। তেওঁৰ পত্নী আৰু পৰিয়ালৰ সদস্যসকলক দেশপ্ৰেমমূলক ৰাজহুৱা অনুষ্ঠান আৰু চৰকাৰী কাৰ্যসূচীসমূহত প্ৰায়ে সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়। চৰকাৰী কৰ্তৃপক্ষ আৰু ভাৰতীয় ৰাজনৈতিক নেতাসকলৰ লগতে সমগ্ৰ দেশৰ বিভিন্নজন লোকেও তেওঁৰ পৰিয়ালক আৱেগিক আৰু আৰ্থিকভাৱে যথেষ্ট সহায় আগবঢ়াইছিল। ভাটিণ্ডা–মুক্তছৰ পথৰ কাষত অজয় আহুজাৰ এটা মূৰ্তিও নিৰ্মাণ কৰা হৈছে।

১৫ আগষ্ট ১৯৯৯ চনত, ভাৰতৰ স্বাধীনতাৰ ৫২তম বাৰ্ষিকী উপলক্ষে, মৃত্যুৰ কিছুদিন পিছতে স্কোৱাড্ৰন লীডাৰ অজয় আহুজাক ‘বীৰ চক্ৰ’ (Vir Chakra)-ৰে মৰণোত্তৰভাৱে সন্মানিত কৰা হয়। সামৰিক কৰ্মচাৰীসকলৰ বাবে ই ভাৰতৰ অন্যতম সৰ্বোচ্চ বীৰত্বৰ সামৰিক সন্মান।৩

তথ্যসূত্ৰ

  1. ↑ Service Record for Squadron Leader Ajay Ahuja 17864 F(P) at Bharat Rakshak.com. Bharat Rakshak
  2. ↑ (30 July 2007). Even after 8 years, Kargil continues to haunt. CNN-IBN
  3. ↑ SQUADRON LEADER AJAY AHUJA · Gallantry Awards. gallantryawards.gov.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজয় আহুজা” প্ৰবন্ধৰ সংশোধন ৬২৮৬২৮ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।