অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন

অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন,(Oxford–AstraZeneca COVID-19 vaccine)যাক এজেডডি-১২২২,(AZD-1222) নাম দিয়া হৈছে আৰু কভিশ্বিল্ড, ভেক্সজেভ্ৰিয়া নামৰ ব্ৰেণ্ডৰ অধীনত বিক্ৰী কৰা হৈছে, কোভিড-১৯ (SARS-CoV-2) প্ৰতিৰোধৰ বাবে এক ভাইৰেল ভেক্টৰ ভেকছিন।

হালনাগাদ: ২৯ মে’ ২০২১ ৫৮৪ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ত টিকাকৰণ, ২০২১]]

অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন,(Oxford–AstraZeneca COVID-19 vaccine)যাক এজেডডি-১২২২,(AZD-1222) নাম দিয়া হৈছে আৰু কভিশ্বিল্ড, ভেক্সজেভ্ৰিয়া নামৰ ব্ৰেণ্ডৰ অধীনত বিক্ৰী কৰা হৈছে, কোভিড-১৯ (SARS-CoV-2) প্ৰতিৰোধৰ বাবে এক ভাইৰেল ভেক্টৰ ভেকছিন। অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰজেনেকাৰ দ্বাৰা বিকশিত, ইয়াক ইণ্ট্ৰামাস্কুলাৰ বেজীৰ দ্বাৰা প্ৰদান কৰা হয়। প্ৰথম পালিৰ পিছত ২২ দিনৰ পৰা আৰম্ভ হোৱা লক্ষণযুক্ত কোভিড-১৯ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভেকছিনটোৰ কাৰ্যকাৰীতা ৭৬.০% আৰু দ্বিতীয় পালিৰ পিছত ৮১.৩%। ১২৩৪৫ ৬৭

ভেকছিনটোৰ এক ভাল সুৰক্ষা প্ৰ'ফাইল আছে, যাৰ পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে বেজী দিয়া স্থানৰ বিষ, মুৰৰ বিষ, আৰু ওকালি অহা, সকলোবোৰ সাধাৰণতে কেইদিনমানৰ ভিতৰত সমাধান হয়। অধিক কম সময়তে, এনাফাইলেক্সিছ হ'ব পাৰে (ইউকে ঔষধ আৰু স্বাস্থ্যসেৱা সামগ্ৰী নিয়ামক সংস্থাৰ ১৪ এপ্ৰিল ২০২১ তাৰিখলৈকে প্ৰায় ২১.২ নিযুত টিকাকৰণৰ ভিতৰত ২৬৮টা প্ৰতিবেদন আছে).অতি বিৰল ক্ষেত্ৰত (১০,০০০ লোকৰ ভিতৰত এজনতকৈ কম) ভেকছিনটো নিম্ন পৰিমাণৰ তেজৰ প্লেটলেটৰ সৈতে মিশ্ৰণ কৰি তেজ গোট মৰাৰ বিপদাশংকা বৃদ্ধিহোৱাৰ সৈতে সম্পৰ্কিত হৈ আছে। ইউৰোপীয় ঔষধ সংস্থাৰ মতে ৪ এপ্ৰিল ২০২১ তাৰিখলৈকে, ইউৰোপীয় অৰ্থনৈতিক এলেকা আৰু ইউকেৰ পৰা ২২২টা তেজ গোট মৰাৰ ঘটনা প্ৰতিবেদিত হৈছে, য'ত প্ৰায় ৩৪ নিযুত লোকে ভেকছিন গ্ৰহণ কৰিছে।

৩০ ডিচেম্বৰ ২০২০ তাৰিখে, ভেকছিনটো প্ৰথমে ইউকে (UK) টিকাকৰণ কাৰ্যসূচীত ব্যৱহাৰৰ বাবে অনুমোদিত হৈছিল,আৰু পৰীক্ষণৰ বাহিৰত প্ৰথম টিকাকৰণ ৪ জানুৱাৰী ২০২১ তাৰিখে প্ৰদান কৰা হৈছিল। ভেকছিনটো তেতিয়াৰ পৰা বিশ্বব্যাপী কেইবাটাও ঔষধ সংস্থাৰ দ্বাৰা অনুমোদিত হৈছে, যেনে ইউৰোপীয় ঔষধ সংস্থা (ইএমএ),আৰু অষ্ট্ৰেলিয়ান থেৰাপিউটিক সামগ্ৰী প্ৰশাসন,আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জৰুৰীকালীন ব্যৱহাৰ তালিকাৰ বাবে অনুমোদন জনোৱা হৈছে। কিছুমান দেশে কম বয়সীয়া ব্যক্তিৰ ক্ষেত্ৰত ভেকছিনৰ অতি বিৰল পাৰ্শ্বক্ৰিয়াৰ বিষয়ে উদ্বেগৰ বাবে গুৰুতৰ ক'ভিড-১৯ ৰোগৰ অধিক বিপদাশংকা থকা বৃদ্ধ লোকসকলৰ বাবে ইয়াৰ ব্যৱহাৰ সীমিত কৰিছে।

চিকিৎসকীয় ব্যৱহাৰ

১৮ বছৰ বা অধিক বয়সৰ প্ৰাপ্তবয়স্ক লোকৰ ক'ভিড-১৯ প্ৰতিৰোধ কৰাৰ বাবে অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিনটো এছএআৰএছ-চিঅ'ভি-২(SARS-CoV-2) ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঔষধটো দুটা ০.৫ মিলি পালিৰ দ্বাৰা প্ৰদান কৰা হয় যি বোৰ ডেলটইড পেশীত (বাহুৰ ওপৰৰ অংশ) চাৰিৰ পৰা বাৰ সপ্তাহৰ ব্যৱধানত অন্তঃপেশীৰ দ্বাৰা সুমুৱাই দিয়া হয়, বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়ে যে দ্বিতীয়টো সৰ্বোত্তম কাৰ্যকাৰীতাৰ বাবে প্ৰথমটোৰ ৮ ৰ পৰা ১২ সপ্তাহ পিছত দিয়া হয়।

কাৰ্যকাৰীতা

১৯ ফেব্ৰুৱাৰী ২০২১ তাৰিখে প্ৰকাশিত এক বিশ্লেষণত প্ৰথম পালিৰ পিছত ২২ দিনৰ পৰা আৰম্ভ হোৱা লক্ষণযুক্ত ক'ভিড-১৯ প্ৰতিৰোধ কৰাত ৭৬.0% কাৰ্যকাৰীতা দেখুওৱা হৈছে, প্ৰথম পালিটোৰ ১২ সপ্তাহ বা অধিক পিছত দ্বিতীয় পালিটো দিয়াৰ সময়ত ৮১.৩% লৈ বৃদ্ধি হয়।

ফাৰ্মাকোলজী

অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন হৈছে এক প্ৰতিলিপি-অভাৱযুক্ত চিমিয়ান এডেনোভাইৰাছ ভেক্টৰ, য'ত এছএআৰএছ-চিঅ'ভি-২(SARS-CoV-2) স্পাইক প্ৰ'টিনৰ সম্পূৰ্ণ দৈৰ্ঘ্যৰ কোডন অনুকূলিত কোডিং ক্ৰম আৰু লগতে টিচ্যু প্লাজমিনোজেন এক্টিভেটৰ (টিপিএ)।

নিৰ্মাণ

ভেকছিনটোৰ প্ৰতিটো পালিৰ বাবে প্ৰায় $৩ ৰ পৰা $৪ আমেৰিকান ডলাৰ ব্যয় হয়। ২০২০ চনৰ ১৭ ডিচেম্বৰত বেলজিয়ামৰ বাজেট ৰাজ্যিক সচিবৰ এটা টুইটত প্ৰকাশ পাইছিল যে ইউৰোপীয় ইউনিয়নে (European Union) প্ৰতিটো পালিত €১.৭৮(২.১৬ আমেৰিকান ডলাৰ)পৰিশোধ কৰিব, নিউয়ৰ্ক টাইমছে পৰামৰ্শ দিছিল যে কম মূল্য ইউৰোপীয় ইউনিয়নৰ দ্বাৰা ভেকছিন উৎপাদন আন্তঃগাঁথনিত বিনিয়োগকে ধৰি কাৰকৰ সৈতে সম্পৰ্কিত হ'ব পাৰে।

মাৰ্চ ২০২১ লৈকে ভেকছিন সক্ৰিয় পদাৰ্থটো (ChAdOx1-SARS-COV-2) বিশ্বব্যাপী কেইবাটাও স্থানত প্ৰস্তুত কৰা হৈছে, এষ্ট্ৰজেনেকাই ১৫খন দেশত ২৫টা স্থান স্থাপন কৰা বুলি দাবী কৰিছে। ২০২১ চনৰ ২৬ মাৰ্চত EMA-ৰ দ্বাৰা লিডেনৰ হেলিক্স ছাইটটো অনুমোদিত হয়, ইউৰোপীয় ইউনিয়নৰ দ্বাৰা অনুমোদিত আন তিনিটা স্থানত যোগদান কৰে। অন্যান্য স্থানৰ ভিতৰত আছে পুনেৰ চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া।

ব্ৰেণ্ডিং

ভেকছিনটো ভাৰতীয় চিৰাম ইনষ্টিটিউট (Serum Institute of India)ৰ দ্বাৰা কভিশ্বিল্ড ব্ৰেণ্ড নামৰ অধীনত বিপণন কৰা হয়। ২০২১ চনৰ ২৫ মাৰ্চত ভেকছিনটোৰ নাম সলনি কৰি ইউৰোপীয় ইউনিয়নৰ ভাক্সজেভ্ৰিয়া(Vaxzevria) কৰা হয়। ভেক্সজেভ্ৰিয়া, এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন, আৰু ক'ভিড-নাইণ্টিন ভেকছিন এষ্ট্ৰজেনেকা(COVID-19 Vaccine AstraZeneca) এষ্ট্ৰজেনেকা (AstraZeneca)ৰ দ্বাৰা নিৰ্মাণ কৰা হয়।

+দেশৰ দ্বাৰা ভেকছিন যোগান চুক্তিদেশতাৰিখপালিসমূহ
ইউকে(UK)১৭ মে ২০২০১০০ নিযুত ৮৯
আমেৰিকা যুক্তৰাষ্ট্ৰ(US)২১ মে ২০২০৩০০ নিযুত
কোভাক্স (COVAX-WHO)৪ জুন ২০২০৩০০ মিলিয়ন ১০
২৯ ছেপ্টেম্বৰ ২০২০১০০ নিযুত ১১
ইজিপ্ত২২ জুন ২০২০অজ্ঞাত ১২
জাপান৮ আগষ্ট ২০২০১২০ নিযুত ১৩
অষ্ট্ৰেলিয়া১৯ আগষ্ট ২০২০২৫ নিযুত ১৪
ইউৰোপীয় ইউনিয়ন২৭ আগষ্ট ২০২০৪০০ নিযুত ১৫১৬১৭১৮
কানাডা২৫ ছেপ্টেম্বৰ ২০২০২০ নিযুত ১৯২০
ছুইজাৰলেণ্ড১৬ অক্টোবৰ ২০২০৫.৩ নিযুত ২১২২
বাংলাদেশ৫ নৱেম্বৰ ২০২০৩০ নিযুত ২৩
থাইলেণ্ড২৭ নৱেম্বৰ ২০২০২৬ নিযুত
ফিলিপাইনচ২৭ নৱেম্বৰ ২০২০২.৬ নিযুত
দক্ষিণ কোৰিয়া১ ডিচেম্বৰ ২০২০২০ নিযুত
দক্ষিণ আফ্ৰিকা৭ জানুৱাৰী ২০২১১ নিযুত

গৱেষণা

AZD-1222 বিকাশ দলে ফেব্ৰুৱাৰী ২০২১ লৈকে, নতুন ক'ভিড-১৯ প্ৰকাৰৰ সন্দৰ্ভত ভেকছিনটো অধিক কাৰ্যকৰী হ'বলৈ অভিযোজিত কৰাৰ ওপৰত কাম কৰি আছে; ভেকছিনটো পুনৰ নিৰ্মাণ কৰাটো হৈছে স্পাইক প্ৰ'টিনৰ (spike protein) আনুবংশিক ক্ৰম সলনি কৰাৰ তুলনামূলকভাৱে দ্ৰুত প্ৰক্ৰিয়া। শৰৎ কালত অভিযোজিত ভেকছিন উপলব্ধ হোৱাৰ আগতে নিৰ্মাণ ছেট-আপ আৰু এটা সৰু স্কেল পৰীক্ষণৰ প্ৰয়োজন।

তথ্যসূত্ৰ

  1. ↑ (27 January 2021). AstraZeneca COVID-19 Vaccine (AZD1222). AstraZeneca
  2. ↑ (30 March 2021). AstraZeneca vaccine renamed 'Vaxzevria'. The Brussels Times
  3. ↑ (26 May 2020). Investigating a Vaccine Against COVID-19. ClinicalTrials.gov. United States National Library of Medicine
  4. ↑ (21 April 2020). A Phase 2/3 study to determine the efficacy, safety and immunogenicity of the candidate Coronavirus Disease (COVID-19) vaccine ChAdOx1 nCoV-19. EU Clinical Trials Register. European Union
  5. ↑ (26 May 2020). A Phase III study to investigate a vaccine against COVID-19
  6. ↑ (February 2021). Single-dose administration and the influence of the timing of the booster dose on immunogenicity and efficacy of ChAdOx1 nCoV-19 (AZD1222) vaccine: a pooled analysis of four randomised trials. Lancet. পৃ. 881–891
  7. ↑ Coronavirus Vaccine: Summary of Yellow Card reporting
  8. ↑ Baraniuk. (18 February 2021). Covid-19: How the UK vaccine rollout delivered success, so far. BMJ. পৃ. n421
  9. ↑ AstraZeneca signed up to deliver U.K. shots first. Now it aims to supply COVID-19 vaccine worldwide: report. FiercePharma
  10. ↑ (December 2020). Reserving coronavirus disease 2019 vaccines for global access: cross sectional analysis. BMJ. পৃ. m4750
  11. ↑ cited (29 September 2020). New collaboration makes further 100 million doses of COVID-19 vaccine available to low- and middle- income countries. Gavi, the Vaccine Alliance
  12. ↑ (22 June 2020). Egypt signs deal to receive Oxford University's COVID-19 vaccine. EgyptToday
  13. ↑ AstraZeneca to supply Japan with 120m COVID-19 vaccine doses. Nikkei Asia
  14. ↑ AstraZeneca Covid-19 vaccine deal signed by Australia. www.pharmaceutical-technology.com
  15. ↑ (13 June 2020). Covid-19: France, Italy, Germany and Netherlands sign vaccine deal for Europe. France 24
  16. ↑ AstraZeneca agrees to supply Europe with 400 mil doses of COVID-19 vaccine. Japan Today
  17. ↑ AstraZeneca to supply Europe with Covid-19 vaccine. MarketWatch
  18. ↑ Coronavirus: the Commission signs first contract with AstraZeneca. European Commission
  19. ↑ (25 September 2020). With no successful vaccine candidates yet, Canada signs deal to secure 20M more COVID-19 vaccine doses. CBC News
  20. ↑ Health Canada. (2 October 2020). Health Canada begins first authorization review of a COVID-19 vaccine submission. gcnws
  21. ↑ Swiss sign next vaccine agreement with AstraZeneca. SWI swissinfo.ch
  22. ↑ COVID-19 vaccine: Swiss federal government signs agreement with AstraZeneca. admin.ch
  23. ↑ Dhaka to have 330 vaccination points. The Daily Star

সম্পৰ্কিত শ্ৰেণী

প্ৰতিষেধক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন” প্ৰবন্ধৰ সংশোধন ২৭৯৫৩২ (২৯ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।