হাড়ৰ জায়েণ্ট-চেল টিউমাৰ (Giant-cell tumor of the bone, সংক্ষেপে GCTOB) হৈছে তুলনামূলকভাৱে অগতানুগতিক এবিধ হাড়ৰ টিউমাৰ। ইয়াক মাল্টিনিউক্লিয়েটেড জায়েণ্ট-চেলৰ (অষ্টিঅ’ক্লাষ্ট সদৃশ কোষ) উপস্থিতিৰ দ্বাৰা চৰিত্ৰাংকণ কৰা হয়। হাড়ৰ জায়েণ্ট-চেল টিউমাৰক অষ্টিঅ'ক্লাষ্ট'মা (Osteoclastoma) বুলিও কোৱা হয়। জায়েণ্ট-চেল টিউমাৰৰ ক্ষেত্ৰত মাৰাত্মকতা (Malignancy) অগতানুগতিক আৰু প্ৰায় ২% কেছৰ ক্ষেত্ৰতহে ই পৰিলক্ষিত হয়। তথাপিও, যদি মেলিগনেণ্ট ডিজেনেৰেশ্যন সংঘটিত হয়, ই হাওঁফাওঁলৈ মেটাষ্টেচাইজ (শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ বিয়পি পৰা) হোৱাৰ সম্ভাৱনা থাকে। সাধাৰণতে জায়েণ্ট-চেল টিউমাৰবিলাক বিনাইন (মাৰাত্মক নহয়)১ যদিও ইয়াৰ চৰিত্ৰসমূহ পূৰ্বানুমান কৰিব পৰা নাযায়।২ জায়েণ্ট-চেল টিউমাৰ তিনিটা পৃথক কোষৰ জনসংখ্যাৰে গঠিত এটা অসমসত্ত্ব টিউমাৰ। জায়েণ্ট-চেল টিউমাৰ ষ্ট্ৰ’মেল চেলে (GCTSC) নিঅ’প্লাষ্টিক কোষসমূহ গঠন কৰে।৩ নিঅ'প্লাষ্টিক কোষসমূহ অষ্টিঅ'ব্লাষ্টিক মূলৰ আৰু ইহঁতক অষ্টিঅ'ব্লাষ্ট চেল মাৰ্কাৰ, যেনে- এলকালাইন ফছফেটেজ আৰু অষ্টিঅ'কেলচিনৰ বহিৰ্প্ৰকাশৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবদ্ধ কৰা হয়। GCTSC ৰ বিপৰীতে ম'ন'নিউক্লিয়াৰ হিষ্টিঅ'চাইটিক চেলসমূহ (MNHC) আৰু মাল্টিনিউক্লিয়েটেড জায়েণ্ট-চেলসমূহক (MNGC) দ্বিতীয়তে অন্তৰ্ভুক্ত কৰা হয় আৰু ইহঁতে নন-নিঅ'প্লাষ্টিক কোষৰ জনসংখ্যাক সামৰি লয়। সেইবোৰ মুখ্যতঃ CD68 (Cluster of Differentiation 68) ৰ বহিৰ্প্ৰকাশৰ দ্বাৰা নিৰ্ধাৰিত অষ্টিঅ’ক্লাষ্ট-ম’ন’চাইট লাইনেজৰ পৰা আহৰণ কৰা হয়।৪৫৬ বেছিভাগ ৰোগীৰ ক্ষেত্ৰত টিউমাৰবোৰ লেহেমীয়া গতিত বিকাশ হয়, কিন্তু প্ৰায় ৫০% কেছৰ ক্ষেত্ৰত ই স্থানীয়ভাৱে পুনৰাবৃত্তি হ'ব পাৰে।
চিহ্ন আৰু লক্ষণসমূহ

সচৰাচৰ পৰিলক্ষিত হোৱা জায়েণ্ট-চেল টিউমাৰৰ লক্ষণটো হৈছে টিউমাৰটোৰ ঠাইখিনিত হোৱা বিষ। ইয়াৰোপৰি ওচৰৰ যোৰাবিলাকৰ চলাচলৰ বাবেও ৰোগীজনে বিষ অনুভৱ কৰিব পাৰে। সাধাৰণতে কাম-কাজ কৰি থাকিলে এই বিষ বৃদ্ধি হয়। প্ৰথমাৱস্থাত বিষ কম হয় যদিও সময়ৰ লগে লগে ই ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খায় যিহেতু টিউমাৰটোৰ আকাৰ বৃদ্ধি হৈ গৈ থাকে। যদি টিউমাৰটো বহুদিন ধৰি বৃদ্ধি হৈ আহি আছে, তেতিয়া টেমুনাও সৃষ্টি হ’ব পাৰে।৭ কিছুমান ৰোগীৰ ক্ষেত্ৰত লক্ষণ দেখা নিদিবও পাৰে যেতিয়ালৈ টিউমাৰৰ ঠাইখিনিত কোনো ধৰণৰ পেথ’লজিক ফ্ৰেকচাৰ নহয়।
ৰোগ নিৰ্ণয়

জায়েণ্ট-চেল টিউমাৰ ৰোগ নিৰ্ণয় বায়’প্সিৰ ফলাফলৰ ওপৰত আধাৰিত। বায়’প্সি হৈছে এনে এটা পৰীক্ষা য’ত টিউমাৰটোৰ পৰা তাৰ কোষৰ নমুনা বা কোষ-কলা সংগ্ৰহ কৰি পৰীক্ষা-নিৰীক্ষা কৰা হয়। আৰু এই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰিয়েই ৰোগ নিৰ্ণয় কৰা হয়।
ইমাজিং
এক্স-ৰে’ত জায়েণ্ট-চেল টিউমাৰবিলাক (GCTs) কিছুমান লিটিক/লুচেণ্ট ঘা (lytic/lucent lesions) হিচাপে দেখা যায়। এপিফিজিয়েল (epiphyseal) অৱস্থানত থকা এই ঘা বোৰ টিউমাৰটো জড়িত হাড়ডালৰ আৰ্টিকুলাৰ পৃষ্ঠলৈ বৃ্দ্ধি হয়।৮ ৰেডিঅ’ল’জিকেলি চাবলৈ গ’লে টিউমাৰবোৰে বৈশিষ্ট্যসূচক “চাবোনৰ বুদ্-বুদ্” ৰূপো দেখুৱাব পাৰে।৯ প্ৰায় ৫% জায়েণ্ট-চেল টিউমাৰ শৰীৰৰ আন অংশলৈ বিয়পি যায়, যি বিনাইন মেটাষ্টেচিছো হ’ব পাৰে। জায়েণ্ট-চেল টিউমাৰ সাধাৰণতে হাওঁফাওঁলৈ মেটাষ্টেচাইজ হোৱা দেখা যায়।১০ সেয়েহে যেতিয়া ৰোগ-নিৰ্ণয়ত জায়েণ্ট-চেল টিউমাৰৰ উপস্থিতি সন্দেহ কৰা হয়, প্ৰায়েই বুকুৰ এক্স-ৰে’ বা চিটি স্কেন কৰাটো প্ৰয়োজন হয়। ইন্ট্ৰামেডুলাৰী আৰু ছফ্ট টিছু এক্সটেনশ্যন মূল্যায়ন কৰিবলৈ এমআৰআই ব্যৱহাৰ কৰিব পৰা যায়।
ডিফাৰেন্সিয়েল ডায়েগ্ন’ছিছ
কিছুসংখ্যক টিউমাৰত জায়েণ্ট-চেল থাকে যদিও প্ৰকৃততে সেইবোৰ বিনাইন জায়েণ্ট-চেল টিউমাৰ নহ’বও পাৰে। এইবোৰৰ ভিতৰত এনিউৰিজমেল ব’ন ছিষ্ট্, কণ্ড্ৰ’ব্লাষ্ট’মা, ছিম্পল ব’ন ছিষ্ট্, অষ্টিঅ’ইড অষ্টিঅ’মা, অষ্টিঅ’ব্লাষ্ট’মা, অষ্টিঅ’চাৰক’মা, জায়েণ্ট-চেল ৰিপাৰাটিভ গ্ৰেনুল’মা, টেন’ছিন’ভিয়েল জায়েণ্ট-চেল টিউমাৰ আৰু হাড়ৰ ব্ৰাউন টিউমাৰ অন্যতম।
চিকিৎসা
যাদৃচ্ছিক নিদানিক পৰীক্ষাৰ অভাৱত যোৱা ৩০ টা বছৰত সাধাৰণ চিকিৎসা পদ্ধতি বেছি সালসলনি হোৱা নাই।৪ যদি টিউমাৰটো কাটি বাহিৰ কৰিব পৰা বিধৰ হয়, তেতিয়া শল্যচিকিৎসাক উপযুক্ত চিকিৎসা হিচাপে চিকিৎসকসকলে পচন্দ কৰে। কিউৰেটে’জ হৈছে সচৰাচৰ ব্যৱহৃত কৌশল।১১ পেথ'লজিকেল ফ্ৰেকচাৰ হোৱা ৰোগীৰ ক্ষেত্ৰত পৰিস্থিতি জটিল হয়। অস্ত্ৰোপচাৰ কৰাৰ আগতে আক্ৰান্ত অংগটো অচল কৰি ফ্ৰেকচাৰটো আৰোগ্য হোৱালৈ অপেক্ষা কৰাটোৱেই সম্ভৱতঃ আটাইতকৈ ভাল উপায়। অস্ত্ৰোপচাৰ কৰিবলৈ সক্ষম নথকা টিউমাৰ থকা ৰোগীসকলক বিকিৰণ চিকিৎসাৰ সৈতে চিকিৎসা কৰা হয়।১২ অৱশ্যে এইক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা হয়, কিয়নো প্ৰাথমিক বিনাইন ঘাৰ বাবে ৰেডিঅ’থেৰাপিৰ চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ শৰীৰত পুনৰ নতুন টিউমাৰ, আনকি ইয়াৰ পৰিৱৰ্তন ঘটি সৃষ্টি হোৱা মেলিগনেণ্ট (মাৰাত্মক) চাৰক’মা ফেন’টাইপ দেখা দিয়াৰো সম্ভৱনা থাকে।১৩
এপিডেমিঅ'লজি
প্ৰাথমিক হাড়ৰ টিউমাৰবিলাকৰ ভিতৰত ৪-৫ শতাংশ আৰু বিনাইন হাড়ৰ টিউমাৰবিলাকৰ ভিতৰত প্ৰায় ২০ শতাংশই জায়েণ্ট-চেল টিউমাৰ।১৪ অৱশ্যে, এছিয়াত জায়েণ্ট-চেল টিউমাৰ হোৱা ৰোগীৰ সংখ্যাৰ হাৰ আন ঠাইৰ তুলনাত অধিক হোৱা পৰিলক্ষিত হৈছে। চীনত সকলো প্ৰাথমিক হাড়ৰ টিউমাৰৰ ভিতৰত ই প্ৰায় ২০ শতাংশ সামৰি লৈছে।১৫ সচৰাচৰ পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এইবিধ টিউমাৰ অধিক পৰিমাণে দেখা যায় আৰু ই সাধাৰণতে তৃতীয়ৰ পৰা চতুৰ্থ দশকত সংঘটিত হয়।২১৬১৩ যদিও জায়েণ্ট-চেল টিউমাৰক বিনাইন টিউমাৰ হিচাপে শ্ৰেণীবদ্ধ কৰা হয়, প্ৰায় ৫% কেছৰ ক্ষেত্ৰত ই হাওঁফাওঁলৈ মেটাষ্টেচাইজ হোৱা পৰিলক্ষিত হৈছে। আৰু অগতানুগতিকভাৱে ১ ৰ পৰা ৩ শতাংশ জায়েণ্ট-চেল টিউমাৰ মেলিগনেণ্ট চাৰক’মা ফেন’টাইপলৈ পৰিৱৰ্তন হোৱাৰ আশংকা দেখা যায়।২৪১৬
তথ্যসূত্ৰ
- ↑ (September 2005). Giant cell tumor of the temporal bone—a case report. BMC Ear Nose Throat Disord. পৃ. 8
- ↑ Werner M. (2006). Giant cell tumour of bone: morphological, biological and histogenetical aspects. Int Orthop. পৃ. 484–489
- ↑ Huang, Xu J, Wood DJ, Zheng MH. (2000). Gene Expression of Osteoprotegerin Ligand, Osteoprotegerin, and REceptor Activator of NF-kB in Giant Cell Tumor of Bone. American Journal of Pathology. পৃ. 761–767
- ↑ Thomas DM, Skubitz T. (2009). Giant-cell tumour of bone. Current Opinion in Oncology. পৃ. 338–344
- ↑ Werner M. (2006). Giant-cell tumour of bone: morphological, biological and histogenetical aspects. Int Orthop. পৃ. 484–489
- ↑ Wuelling M, Delling G, Kaiser E. (2003). The Origin of the Neoplastic Stromal Cell in Giant Cell Tumor of Bone. Human Pathology. পৃ. 983–993
- ↑ Bryan S. Brockman, BS; Robert H. Quinn, MD. Giant Cell Tumor of Bone
- ↑ (2001). From the archives of AFIP. Imaging of giant cell tumor and giant cell reparative granuloma of bone: radiologic-pathologic correlation. Radiographics. পৃ. 1283–309
- ↑ (2005). essentials of skeletal radiology. Lippincott Williams & Wilkins. পৃ. 1–
- ↑ Giant-cell tumor of bone - Wheeless' Textbook of Orthopaedics
- ↑ (March 2008). Giant cell tumor of bone: treatment and outcome of 214 cases. J. Cancer Res. Clin. Oncol.. পৃ. 969–78
- ↑ (2006). Giant cell tumor of bone. Am J Clin Oncol. পৃ. 96–9
- ↑ Mendenhall WM, Zlotecki RA, Scarborough MT, Gibbs PC, Mendenhall NP. (2006). Giant Cell Tumor of Bone. American Journal of Clinical Oncology. পৃ. 96–99
- ↑ (2003). Identification of markers of possible prognostic value in 57 giant-cell tumors of bone. Oncol Rep. পৃ. 351–6
- ↑ Thomas D. M., Skubitz T. (2009). Giant-cell tumour of bone. Current Opinion in Oncology. পৃ. 338–344
- ↑ Dickson B. C., Li S.-Q., Wunder J. S., Ferguson P. C., Eslami B., Werier J. A. (2008). Giant-cell tumor of bone express p63. Modern Pathology. পৃ. 369–375
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাড়ৰ জায়েণ্ট-চেল টিউমাৰ” প্ৰবন্ধৰ সংশোধন ৪৫৬৮২১ (২২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।