অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

বৃদ্ধ বয়স

বৃদ্ধ বয়স বা বৃদ্ধাৱস্থা (Old age) হৈছে জীৱনৰ সেই পৰ্য্যায় যেতিয়া মানুহৰ আয়ুস নিৰ্দিষ্ট পৰিসীমাৰ ওচৰ চাপে বা পাৰ হৈ যায়। অৰ্থাৎ আয়ুসৰ ওচৰ চাপি অহা আৰু প্ৰত্যাশিত আয়ুস অতিক্ৰম কৰি অন্তিম পৰিসমাপ্তিলৈকে কালচোৱাই হল বৃদ্ধাৱস্থা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১,৬৯৮ শব্দ · ৯ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বৃদ্ধ বয়স বা বৃদ্ধাৱস্থা (Old age) হৈছে জীৱনৰ সেই পৰ্য্যায় যেতিয়া মানুহৰ আয়ুস নিৰ্দিষ্ট পৰিসীমাৰ ওচৰ চাপে বা পাৰ হৈ যায়। অৰ্থাৎ আয়ুসৰ ওচৰ চাপি অহা আৰু প্ৰত্যাশিত আয়ুস অতিক্ৰম কৰি অন্তিম পৰিসমাপ্তিলৈকে কালচোৱাই হল বৃদ্ধাৱস্থা। ইয়াৰ দ্বাৰা কোনো জনসংখ্যাৰ আটাইতকৈ বয়সীয়াল সদস্যসকলৰ বয়সৰ গোটক বুজোৱা হয়। বৃদ্ধ বয়সৰ লোকসকলক বৃদ্ধ, বয়োজ্যেষ্ঠ, জ্যেষ্ঠ নাগৰিক, জ্যেষ্ঠ বা বয়সস্থ, প্ৰাপ্তবয়স্ক বুলিও কোৱা হয়।১ বাৰ্ধক্য কোনো নিৰ্দিষ্ট জৈৱিক পৰ্যায় নহয়: “বৃদ্ধ বয়স’’ বুলি চিহ্নিত কৰা কালক্ৰমিক বয়স সাংস্কৃতিক আৰু ঐতিহাসিকভাৱে ভিন্ন হয়।২ কিছু বিষয় আৰু ডমেইনে বাৰ্ধক্য আৰু বৃদ্ধসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যেনে বাৰ্ধক্যৰ জৈৱিক প্ৰক্ৰিয়া (বৃদ্ধাৱস্থা),৩ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াৰ চিকিৎসা অধ্যয়ন (জেৰ'ণ্ট'লজী),৪ বয়সস্থ প্ৰাপ্তবয়স্কসকলক আক্ৰান্ত কৰা ৰোগ (জেৰিয়াট্ৰিক্স),৫ বৃদ্ধ সমাজখনক সহায় কৰিবলৈ প্ৰযুক্তি (Gerontechnology), আৰু বয়সস্থ লোকৰ লগত খাপ খোৱা অৱসৰ আৰু ক্ৰীড়া কাৰ্য্যকলাপ (যেনে জ্যেষ্ঠ ক্ৰীড়া) আছে।

বৃদ্ধ অৱস্থাত অসুস্থতা আৰু আঘাতৰ সম্ভাৱনা বেছি আৰু তেওঁলোকৰ পুনৰুত্থানৰ ক্ষমতা কমবয়সীয়া প্ৰাপ্তবয়স্কতকৈ প্ৰায়ে সীমিত। এওঁলোকে অৱসৰ, নিসংগতা আৰু বয়স বৃদ্ধিৰ সৈতে জড়িত আন কিছুমান সামাজিক সমস্যাৰো সন্মুখীন হয়।৬৭

২০১১ চনত ৰাষ্ট্ৰসংঘই বৃদ্ধ লোকক সুৰক্ষা প্ৰদানৰ বাবে মানৱ অধিকাৰ নীতিৰ প্ৰস্তাৱ আগ বঢ়ায়।৮

সংজ্ঞা

বাৰ্ধক্যৰ সংজ্ঞাসমূহৰ ভিতৰত চৰকাৰী সংজ্ঞা, উপগোটৰ সংজ্ঞা আৰু তলত দিয়া ধৰণে চাৰিটা মাত্ৰা অন্তৰ্ভুক্ত কৰা হৈছে।

চৰকাৰী সংজ্ঞা

প্ৰায়বোৰ উন্নত পশ্চিমীয়া দেশেই অৱসৰৰ বয়স প্ৰায় ৬৫ বছৰ বুলি নিৰ্ধাৰণ কৰে; ইয়াক সাধাৰণতে মধ্যবয়সৰ পৰা বৃদ্ধ বয়সলৈ পৰিৱৰ্তন হোৱাৰ চিন বুলিও ধৰা হয়। ইয়াত জ্যেষ্ঠসকলৰ সামাজিক কাৰ্যসূচীত যোগ দিবলৈ কোনো লোক এই বয়সত উপনীত হলেহে উপযুক্ত বুলি গণ্য কৰা হয়।৯

বাৰ্ধক্য এটা সংবেদনশীল-প্ৰসংগ হোৱাৰ বাবে ইয়াক সাৰ্বজনীনভাৱে সংজ্ঞায়িত কৰিব নোৱাৰি। উদাহৰণস্বৰূপে ৰাষ্ট্ৰসংঘই বাৰ্ধক্যক ৬০ বছৰ বা তাতকৈ অধিক বুলি গণ্য কৰে।১০ ইয়াৰ বিপৰীতে ২০০১ চনত আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অন এজিং আৰু আফ্ৰিকাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) আঞ্চলিক কাৰ্যালয়ৰ যৌথ প্ৰতিবেদনে আফ্ৰিকা উপ-চাহাৰা অঞ্চলত বাৰ্ধক্যৰ আৰম্ভণি ৫০ বছৰ বুলি নিৰ্ধাৰণ কৰিছিল।১১ এই নিম্ন সীমা মূলতঃ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাৰ্ধক্যৰ বিষয়ে চিন্তা কৰাৰ এক বেলেগ ধৰণৰ ভাৱনাৰ পৰাই উদ্ভৱ হৈছে। কালানুক্ৰমিক বয়সেৰে অৱসৰ নিৰ্ধাৰণ কৰা উন্নত বিশ্বৰ দৰে নহয়, উন্নয়নশীল দেশসমূহৰ সমাজসমূহে সমাজলৈ সক্ৰিয় অৱদান আগবঢ়োৱা ব্যক্তিৰ ক্ষমতা অনুসৰিহে বাৰ্ধক্য নিৰ্ধাৰণ কৰে।১২ সমগ্ৰ উন্নয়নশীল বিশ্বতে আয়ুস কম হোৱাৰ ফলতো এই সংখ্যা যথেষ্ট প্ৰভাৱিত হয়। মধ্যযুগ আৰু তাৰ আগৰ পৰাই কিছুমান পণ্ডিতে বাৰ্ধক্য বুলি ভবা কথাটো প্ৰসংগ অনুসৰি ভিন্ন আছিল যদিও বৃদ্ধ হোৱাৰ অৱস্থাক বহু দিশত ৬০ বছৰ বা তাতকৈ অধিক বয়স বুলি প্ৰায়ে ভবা হৈছিল।১৩

উপ-গোটৰ সংজ্ঞা

জেৰন্টোলজিষ্টসকলে স্বীকাৰ কৰিছে যে মানুহে বাৰ্ধক্যৰ ফালে অগ্ৰসৰ হোৱাৰ লগে লগে বহুতো বেলেগ বেলেগ ধৰণৰ অৱস্থাৰ সন্মুখীন হয়। উন্নত দেশসমূহত ৬০ আৰু ৭০ বছৰ বয়সৰ "প্ৰাথমিক বৃদ্ধাৱস্থা"ৰ বহু লোক এতিয়াও সুস্থ, সক্ৰিয় আৰু নিজৰ যত্ন ল'বলৈ সক্ষম।১৪ কিন্ত ৮০ বছৰৰ পিছত সাধাৰণতে তেওঁলোক ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে, গুৰুতৰ মানসিক আৰু শাৰীৰিক দুৰ্বলতাৰ দ্বাৰা আক্ৰান্ত হবলৈ ধৰে।১৫ গতিকে বৃদ্ধ বুলি সংজ্ঞায়িত হোৱা সকলো মানুহকে একেলগে গোট খুৱাই লোৱাতকৈ কিছুমান জেৰ’ণ্ট’লজিষ্টে উপ-গোট সংজ্ঞায়িত কৰি বাৰ্ধক্যৰ বৈচিত্ৰ্যক স্বীকৃতি দিছে। এটা অধ্যয়নত ডেকা (৬০ৰ পৰা ৬৯), মধ্যমীয়া (৭০ৰ পৰা ৭৯) আৰু অতি বৃদ্ধ (৮০+)ৰ মাজত পাৰ্থক্য দেখুওৱা হৈছে।১৬ আন এটা অধ্যয়নৰ উপগোট হৈছে ডেকা (৬৫ৰ পৰা ৭৪), মধ্যম বয়সীয়া (৭৫ৰ পৰা ৮৪), আৰু আটাইতকৈ বয়সীয়াল (৮৫+)।১৭ তৃতীয়টো উপগোট হৈছে ডেকা (৬৫ৰ পৰা ৭৪), বৃদ্ধ (৭৪ৰ পৰা ৮৪), আৰু বৃদ্ধ (৮৫+)।১৮ ৬৫+ জনসংখ্যাৰ উপ-গোটসমূহৰ বৰ্ণনা কৰিলে জীৱনৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ অধিক সঠিক চিত্ৰণ সম্ভৱ হয়।১৯  দুজন ব্ৰিটিছ পণ্ডিত পল হিগছ্ আৰু ক্ৰীছ গিলিয়াৰ্ডে “চতুৰ্থ বয়সৰ’’ উপগোট এটা যোগ কৰিছে। ব্ৰিটিছ ইংৰাজীত "তৃতীয় বয়স" হৈছে "জীৱনৰ সক্ৰিয় অৱসৰৰ সময়ছোৱা, মধ্যবয়সৰ পিছত"।২০ হিগছ আৰু গিলিয়াৰ্ডে চতুৰ্থ বয়সক “নিষ্কৰ্মা, অসুস্থ, অনুত্পাদনশীল আৰু শেষত অসফল বয়স বৃদ্ধিৰ এক ক্ষেত্ৰ’’ বুলি বৰ্ণনা কৰিছে।২১

মাত্ৰা

সামাজিক জেৰন্ট'লজীৰ মূল ধাৰণাসমূহে চাৰিটা মাত্ৰা তালিকাভুক্ত কৰে: কালক্ৰমিক, জৈৱিক, মানসিক আৰু সামাজিক। ৱাটিছ আৰু কাৰানে পঞ্চম মাত্ৰা যোগ কৰে: বিকাশমূলক।২২ কালক্ৰমিক বয়স এজন ব্যক্তিৰ কাৰ্য্যক্ষম বয়সৰ পৰা যথেষ্ট পৃথক হ’ব পাৰে। বাৰ্ধক্যৰ পৃথক চিহ্ন সাধাৰণতে পাঁচোটা ইন্দ্ৰিয়তে বিভিন্ন সময়ত আৰু বিভিন্ন হাৰত বিভিন্ন মানুহৰ বাবে দেখা দিয়ে।২৩ কালক্ৰমিক বয়সৰ উপৰিও বাৰ্ধক্যৰ অন্যান্য মাত্ৰাৰ বাবে মানুহক বৃদ্ধ বুলি ধৰিব পাৰি। উদাহৰণস্বৰূপে, ককাক-আইতাক হ'লে বা অৱসৰৰ সময়ত কম বা বেলেগ কাম কৰিবলৈ আৰম্ভ কৰিলে মানুহক বৃদ্ধ বুলি গণ্য কৰা হ'ব পাৰে।২৪

জ্যেষ্ঠ নাগৰিক

আমেৰিকান আৰু ব্ৰিটিছ ইংৰাজী ব্যৱহৃত এজন বুঢ়া ব্যক্তিৰ বাবে চিনিয়ৰ চিটিজেন হৈছে এটা সাধাৰণ ইউফেমিজম। ইয়াৰ অৰ্থ হ'ল যে ৰেফাৰ কৰা ব্যক্তিজন অৱসৰপ্ৰাপ্ত।২৫২৬২৭২৮ ইয়াৰ অৰ্থ ব্যক্তিজন অৱসৰৰ উৰ্দ্ধ বয়সৰ হোৱাটো বুজায়, যিটো দেশ অনুসৰি ভিন্ন হয়। প্ৰতিশব্দসমূহৰ ভিতৰত ব্ৰিটিছ ইংৰাজীত বৃটিছ পেঞ্চনাৰ বা পেঞ্চনাৰ, আৰু আমেৰিকান ইংৰাজীত অৱসৰপ্ৰাপ্ত আৰু জ্যেষ্ঠ। কিছুমান অভিধানত ৬৫ বছৰৰ ওপৰৰ লোকৰ বাবে "জ্যেষ্ঠ নাগৰিক"ৰ ব্যাপক ব্যৱহাৰৰ বৰ্ণনা কৰা হৈছে।২৯ আইনী প্ৰেক্ষাপটত সংজ্ঞায়িত কৰিলে বয়োজ্যেষ্ঠ সকলৰ বাবে উপলব্ধ কিছুমান সুবিধাৰ বাবে কোন যোগ্য সেইটো নিৰ্ণয় কৰাত জ্যেষ্ঠ নাগৰিকক প্ৰায়ে আইনী বা নীতি সম্পৰ্কীয় কাৰণত ব্যৱহাৰ কৰা হয়। এওঁলোকক "বৃদ্ধ ব্যক্তি", "বৃদ্ধ পেঞ্চনাৰ", বা "বৃদ্ধ" আদি পৰম্পৰাগত শব্দৰ পৰিৱৰ্তে সমাজত সৌজন্যতা দেখুৱাবলৈ "জ্যেষ্ঠ নাগৰিক"বা জ্যেষ্ঠ "ৰেংক"ৰ বুলি অভিহিত কৰা হয়।৩০ এই শব্দটো আপাত দৃষ্টিত ১৯৩৮ চনত ৰাজনৈতিক প্ৰচাৰৰ সময়ত উদ্ভাৱন কৰা হৈছিল।৩১ বিখ্যাত কেৰিকেচাৰিষ্ট আল হিৰ্চফেল্ডে কেইবাবাৰো দাবী কৰিছিল যে তেওঁৰ পিতৃ আইজাক হিৰ্চফেল্ডে "জ্যেষ্ঠ নাগৰিক" শব্দটো উদ্ভাৱন কৰিছিল।৩২৩৩৩৪ যোৱা দশকবোৰত আইন প্ৰণয়ন, বাণিজ্য আৰু সাধাৰণ ভাষণত ইয়াৰ ব্যাপক ব্যৱহাৰ হৈছে। বিশেষকৈ কম আনুষ্ঠানিক প্ৰসংগত ইয়াক প্ৰায়ে "জ্যেষ্ঠ(সকল)" বুলি সংক্ষিপ্ত কৰা হয়, যিটো বিশেষণ হিচাপেও ব্যৱহাৰ কৰা হয়।

বয়সৰ অৰ্হতা

৬৫ বছৰ বয়সক বহুদিনৰ পৰাই বহু দেশত জ্যেষ্ঠ নাগৰিকত্বৰ মাপকাঠী হিচাপে গণ্য কৰা হৈছে। ১৯ শতিকাৰ শেষৰ ফালে জাৰ্মানীত চেঞ্চেলৰ অট্টো ভন বিছমাৰ্কে পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পৰা এই পৰম্পৰাৰ উৎপত্তি হৈছে। এই বয়সৰ মানদণ্ডই ক্ৰমান্বয়ে আন জাতিসমূহৰ মাজত গ্ৰহণযোগ্যতা লাভ কৰে আৰু তেতিয়াৰ পৰাই ই জনচেতনাত গভীৰভাৱে শিপাই গৈছে।৩৫

আমেৰিকাত বৰ্তমান অৱসৰৰ মানক বয়স ৬৬(ক্ৰমান্বয়ে ৬৭ বছৰলৈ বৃদ্ধি পায়)।৩৬ এএআৰপিয়ে যি দম্পতীৰ এজন পত্নীৰ বয়স ৫০ বছৰ হৈছে, তেওঁলোকক যোগদান কৰাৰ অনুমতি দিয়ে, আনজন পত্নীৰ বয়স যিয়েই নহওক কিয়। কানাডাত ৬৫ বছৰ বয়সত বৃদ্ধাৱস্থাৰ নিৰাপত্তা(Old Age Security) পেঞ্চন ৩৭ আৰু ৬০ বছৰ বয়সৰ পৰাই কানাডা পেঞ্চন পৰিকল্পনা (Canada Pension Plan)উপলব্ধ।

ভাৰতত বাৰ্ধক্য

ভাৰতীয় পুৰাতন সংস্কৃতিত বাৰ্ধক্যৰ কোনো নিৰ্দিষ্ট বয়সৰ উল্লখ নাই। মানুহৰ জীৱনকালক চাৰিভাগত: ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্যাস- চাৰিটা ভাগত ভগোৱা হৈছিল।৩৮৩৯ অৱসৰৰ পৰ্যায়ত এজন ব্যক্তিয়ে ঘৰুৱা দায়িত্ব পৰৱৰ্তী প্ৰজন্মৰ হাতত অৰ্পণ কৰি পৰামৰ্শদাতাৰ ভূমিকা গ্ৰহণ কৰিছিল আৰু লাহে লাহে সন্যাস গ্ৰহণ কৰি পৃথিৱীৰ পৰা আঁতৰি গৈছিল।৪০ বানপ্ৰস্থ পৰ্যায় আছিল অৰ্থ আৰু কাম (ধন, নিৰাপত্তা, আনন্দ আৰু কামনা)ৰ ওপৰত অধিক গুৰুত্ব দিয়া গৃহস্থী জীৱনৰ পৰা মোক্ষ (আধ্যাত্মিক মুক্তি)ৰ ওপৰত অধিক গুৰুত্ব দিয়া জীৱন পৰিৱৰ্তন এটা পৰ্যায়।৪১৪২ আধুনিক ভাৰতত জ্যেষ্ঠ নাগৰিকৰ স্থান পায় ৬০ বছৰৰ পিছত। যদিও সেইসময়ত কোনো কোনো লোক বাৰ্ধক্যজনিত সমস্যাৰ পৰা মুক্ত থাকে, তথাপি তেওঁ বিধিমতে বাৰ্ধক্য পোৱা বুলি ধৰা হয়।

লক্ষণ

বৃদ্ধ বয়ষত শূাৰীৰিক আৰু মানসিক দুয়োটা অৱস্থাৰে বিশেষ পৰিৱৰ্ত্তন হোৱা দেখা যায়।৪৩ এই পৰিবৰ্তন বা বৃদ্ধাৱস্থাৰ লক্ষণ সমূহ একে কালক্ৰমিক বয়সৰ মানুহৰ গাত বিভিন্ন হাৰ আৰু ক্ৰমত দেখা দিয়ে।৪৪ সমকালীন বয়সৰ লোকৰ মাজত বাৰ্ধক্যৰ প্ৰভাৱ ভিন্ন ভিন্ন হ'ব পাৰে।২৩৪৫ বৃদ্ধাৱস্থাত শৰীৰ আৰু মন উভয়কে প্ৰভাৱিত কৰা এটা মৌলিক লক্ষণ হ'ল "আচৰণৰ লেহেমীয়াতা"। এই শব্দটোৱে বয়স বৃদ্ধিৰ লগে লগে শাৰীৰিক আৰু মানসিক কাম-কাজত লেহেমীয়া প্ৰতিক্ৰিয়াৰ সম্পৰ্কে বৰ্ণনা কৰে।৪৬ কিন্তু বাফেলো বিশ্ববিদ্যালয় আৰু নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যয়নত দেখা গৈছে যে বৃদ্ধসকল তেওঁলোকতকৈ কম বয়সীয়া সকলতকৈ অধিক সুখী।৪৭

বাৰ্ধক্যৰ শাৰীৰিক লক্ষণ

  • হাড় আৰু গাঁঠিৰ সমস্যা:হাড়বোৰ "পাতল আৰু সংকোচন"হেৱাৰ ফলত উচ্চতা কমি যাব পাৰে (৮০ বছৰ বয়সত প্ৰায় দু ইঞ্চি (৫ চে.মি.)), বহুতৰে কুঁজৰ ভংগীমা হ'ব পাৰে আৰু হাড় আৰু গাঁঠিৰ ৰোগ যেনে অষ্টিঅ'আৰ্থাইটিছ আৰু অষ্টিঅ'পৰ'ছিছৰ প্ৰতি অধিক সংবেদনশীল হ'ব পাৰে।৪৮৪৯
  • দীৰ্ঘদিনীয়া ৰোগঃ কিছুমান বয়সস্থ লোক এক বা একাধিক দীৰ্ঘদিনীয়া ৰুগৰ দ্বাৰা আক্ৰান্ত হয়। ২০০৭–২০০৯ চনত আমেৰিকাত বয়সস্থ লোকৰ মাজত সঘনাই দেখা দিয়া সমস্যাবোৰ আছিল অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ (৩৪%), বাতবিষ (৫০%) আৰু হৃদৰোগ (৩২%)।৫০
  • ক্ৰনিক ম্যুকাছ হাইপাৰছেক্ৰেচন (CMH), যাক "কাহ আৰু কফ ওলোৱা" বুলি সংজ্ঞায়িত কৰা হয়,ই বৃদ্ধ লোকৰ শ্বাস-প্ৰশ্বাসজনিত এটা সাধাৰণ লক্ষণ।৫১
  • দাঁতৰ সমস্যা: বয়সস্থ লোকৰ লেলাৱতী কমকৈ ওলায় আৰু মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষমতা হ্ৰাস পোৱাৰ ফলস্বৰূপে দাঁত ক্ষয় আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।৫২
  • পাচনতন্ত্ৰৰ সমস্যা: প্ৰায় ৪০% বয়সস্থ লোকৰে পাচনতন্ত্ৰৰ বিকাৰ যেনে গিলিবলৈ অসুবিধা, পৰ্যাপ্ত পৰিমাণে খাদ্য গ্ৰহণ কৰিব নোৱাৰা আৰু পুষ্টি শোষণ কৰিব নোৱাৰা, কোষ্ঠকাঠিন্য আৰু ৰক্তক্ষৰণ আদিৰ দ্বাৰা চিহ্নিত কৰা হয়।
  • শৰীৰৰ ওপৰৰ অংশত অনিয়ন্ত্ৰিত জোকাৰণি। বৃদ্ধসকলৰ ক্ষেত্ৰত ই অধিক দেখা যায় আৰু বয়সৰ লগে লগে লক্ষণসমূহ বেছি বেয়া হয়।৫৩
  • চকুৰ দৃষ্টিশক্তিৰ অৱনতি: প্ৰেছবাইঅ’পিয়া,চকুৰ ছানি পৰা আদি অসুবিধা।৫৪৫৫
  • পিছলি পৰা: বৃদ্ধ লোকৰ আঘাত আৰু মৃত্যুৰ প্ৰধান কাৰণ হৈছে পিছলি পৰা।৫৬
  • খোজ কঢ়াৰ পৰিৱৰ্তন: ৭০ বছৰ বয়সৰ পিছত গতি খোজ কঢ়াৰ গতি লেহেমীয়া হয়।দুয়ো ভৰি মাটিত ৰখাৰ সময় ("ডাবল ষ্টেন্স") বৃদ্ধি পায়। বুঢ়া মানুহে কেতিয়াবা বৰফৰ ওপৰত সাৱধানে খোজ কাঢ়ি থকাৰ দৰে লৰচৰ কৰে।৫৭
  • চুলি সাধাৰণতে ধূসৰ আৰু পাতল হৈ পাৰে।৫৮৫৯ প্ৰায় ৫০ বছৰ বয়সত ইউৰোপৰ প্ৰায় ৫০% লোকৰ ৫০% চুলি ধূসৰ।৬০
  • মহিলাসকলে ৰজোনিবৃত্তিত প্ৰৱেশ কৰে।
  • শ্ৰৱণ ক্ষমতা হেৰুৱা: ৭৫ বছৰ বয়সলৈকে ৪৮% পুৰুষ আৰু ৩৭% মহিলাই যথেষ্ঠ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলায়।৬১
  • বৃদ্ধ বয়সত হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা কমি যোৱাৰ ফলত ষ্টেমিনা কমি যায়। এথেৰ'স্কলেৰচিছে তেজৰ সোঁত সংকুচিত কৰিব পাৰে।৫৮৬২
  • ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহে (ইমিউন'চেনেচেন্স)।৬৩
  • হাওঁফাওঁৰ কাৰ্যক্ষমতা কমি যায়, কমকৈ প্ৰসাৰিত হোৱা হেতুকে, তেজত কম অক্সিজেন যোগান ধৰে।৪৮৬৪
  • খোজ কঢ়াৰ ক্ষমতা কমি আহে বা একেবাৰে নাইকিয়া হয়। যাৰ বাবে গুৰুতৰ "সামাজিক, মানসিক আৰু শাৰীৰিক পৰিণতিয়ে দেখা দিয়ে।৬৫
  • বিষ: ২৫% জ্যেষ্ঠ লোকৰ দীৰ্ঘদিনীয়া বিষ থাকে, বয়সৰ লগে লগে বৃদ্ধি পায়, বেছিভাগ বিষ বাতজনিত, পেশী-কংকাল সম্পৰ্কীয় বা মাৰাত্মক।৬৬
  • পুৰুষ আৰু মহিলা উভয়ৰে যৌন ক্ষমতা হ্ৰাস পায়।৬৭
  • ছালৰ স্থিতিস্থাপকতা হেৰুৱাই পেলায় আৰু শুকান আৰু অধিক ৰেখাযুক্ত আৰু বলিৰেখাযুক্ত হয়।৫৮
  • ঘাঁ ভাল হ’বলৈ বেছি সময় লাগে আৰু স্থায়ী দাগ পৰাৰ সম্ভাৱনা বেছি।
  • টোপনিৰ সমস্যা আৰু দিনৰ ভাগত টোপনি অহাটোৱে আধাতকৈ অধিক জ্যেষ্ঠ লোকক প্ৰভাৱিত কৰে।৬৮
  • ৮০ বছৰ বয়সত ৰুচিবোধ আধালৈকে কমি যায়। পুষ্টিত ব্যাঘাত হ'ব পাৰে।৪৮৪৯
  • ৮৫ বছৰৰ ওপৰত পিয়াহৰ অনুভৱ কমি যায়, যাৰ ফলত ৪১% বৃদ্ধ লোকে পৰ্যাপ্ত পৰিমাণে মদ্যপান নকৰে।৬৯
  • বৃদ্ধ বয়সত প্ৰস্ৰাৱৰ অসংযমতা প্ৰায়ে দেখা যায়।৭০
  • বাকতন্ত্ৰবোৰ দুৰ্বল হৈ পৰে আৰু অধিক লাহে লাহে কম্পন কৰে। ইয়াৰ ফলত দুৰ্বল, উশাহ লোৱাৰ দৰে মাত, "বুঢ়াৰ মাত" হয়।৭১

মানসিক লক্ষণ

বাৰ্ধক্যৰ মানসিক চিনসমূহৰ ভিতৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত:

  • সন্মততা: বাৰ্ধক্যৰ মানসিক চাপৰ মাজতো বৃদ্ধাৱস্থাৰ লোকক বুজাবলৈ সাধাৰণতে "সৈমান" আৰু "গ্ৰহণ" শব্দ দুটা ব্যৱহাৰ কৰা হয়। কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত বাৰ্ধক্যৰ লগত অহা নিৰ্ভৰশীলতাই বহুতো ভিন্ন মৌলিক জীৱন কাৰ্য্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাৰ বাবে অযোগ্য আৰু মূল্যহীনতাৰ অনুভৱৰ সৃষ্টি কৰে।১৪
  • বাৰ্ধক্যৰ লগে লগে সাৱধানতা নিবিড়ভাৱে অনুসৰণ কৰে। "ৰিস্ক লোৱা"ৰ ক্ষেত্ৰত প্ৰায়ে এই বিদ্বেষমূলক কথাটোৰ উদ্ভৱ হয় যে, কম বয়সীয়া লোকতকৈ বয়সীয়াল লোকৰ লাভ কম আৰু হেৰুৱাবলগীয়া হয় বেছি।৪৪
  • মনৰ হতাশগ্ৰস্ততা৭২ কক্স, এব্ৰামছন, ডেভাইন, আৰু হলন (২০১২)ৰ মতে, বাৰ্ধক্য পক্ষপাতিত্বৰ ফলত হোৱা হতাশাৰ বাবে এক বিপদজনক কাৰক। যেতিয়া কম বয়সীয়া লোকে বৃদ্ধসকলৰ প্ৰতি পক্ষপাতিত্ব কৰে আৰু তাৰ পিছত নিজেই বৃদ্ধ হৈ পৰে, তেতিয়া তেওঁলোকৰ বৃদ্ধ বিৰোধী পক্ষপাতিত্ব মনলৈ ঘূৰি আহে, যাৰ ফলত হতাশাৰ সৃষ্টি হয়। বয়সৰ ওপৰত অধিক নেতিবাচক কু-সংস্কাৰ থকা লোকসকলৰ বয়স বৃদ্ধিৰ লগে লগে হতাশাৰ হাৰ অধিক হোৱাৰ সম্ভাৱনা থাকে।৭৩বৃদ্ধ বয়সৰ হতাশাৰ ফলত ৬৫ বছৰৰ ওপৰৰ জনসংখ্যাই আত্মহত্যাৰ হাৰ সৰ্বাধিক হয়।১৪
  • বৃদ্ধ বয়সত বিশেষকৈ দুৰ্বল লোকৰ মাজত অপৰাধৰ ভয়ে কেতিয়াবা বিত্তীয় বা স্বাস্থ্যৰ চিন্তাতকৈ অধিক গুৰুত্ব পায়। কম বয়সীয়া লোকতকৈ বৃদ্ধসকল কমকৈ অপৰাধৰ বলি হয় যদিও এনে ধৰনৰ ভয়ে শংকিত কৰে।.১৪
  • স্বাস্থ্যজনিত সমস্যাৰ ভয় বৃদ্ধি।
  • বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমান অনুসৰি ৬০+ বছৰ বয়সৰ প্ৰায় ১৫% লোক মানসিক বিকাৰগ্ৰস্ত।৭৪ ১৫খন দেশত কৰা আন এটা সমীক্ষাত কোৱা হৈছে যে প্ৰাপ্তবয়স্কসকলৰ মানসিক বিকাৰে শাৰীৰিক সমস্যাতকৈ তেওঁলোকৰ দৈনন্দিন কাম-কাজত অধিক সমস্যা কৰে।১৪
  • মানসিক আৰু বৌদ্ধিক ক্ষমতা হ্ৰাস পায়:৭৫৭৬ মগজুৰ তথ্য এনকোড, সংৰক্ষণ আৰু উদ্ধাৰৰ ক্ষমতা হ্ৰাস পোৱাৰ বাবে বৃদ্ধ বয়সত স্মৃতিশক্তি হেৰুৱাই পেলোৱাটো সাধাৰণ কথা। নতুন তথ্য শিকিবলৈ অধিক সময় লাগে।৭৭
  • বৃদ্ধ বয়সত ডিমেনচিয়াৰ প্ৰাদুৰ্ভাৱ ৬৫ বছৰ বয়সত প্ৰায় ১০%ৰ পৰা ৮৫ বছৰ বয়সত প্ৰায় ৫০%লৈ বৃদ্ধি পায়।৭৮ ডিমেনচিয়া ৰোগীৰ ৫০ৰ পৰা ৮০ শতাংশ এলঝেইমাৰ ৰোগ।
  • উন্মাদ আচৰণৰ ভিতৰত বিচৰণ, শাৰীৰিক আক্ৰমণাত্মকতা, মৌখিক বিস্ফোৰণ, হতাশা আৰু মনোবিকাৰ আদি থাকিব পাৰে।৭৯
  • জেদ ভাব: ৪০০ জনতকৈ অধিক জ্যেষ্ঠ লোকৰ ওপৰত কৰা এক অধ্যয়নত "ৰুটিনৰ প্ৰতি পছন্দ" পোৱা গৈছে।৮০৮১ ব্যাখ্যাসমূহৰ ভিতৰত বৃদ্ধ বয়সৰ প্ৰভাৱ "তৰল বুদ্ধিমত্তা" আৰু পুৰণিৰ "অধিক গভীৰভাৱে শিপাই যোৱা" পদ্ধতিসমূহ অন্তৰ্ভুক্ত।৪৪

তথ্যসূত্ৰ

  1. ↑ Publication Manual of the American Psychological Association, 6th edition (American Psychological Association, 2009)
  2. ↑ (2006). Old age. Oxford Reference. ISBN 9780198568506
  3. ↑ Senescence – definition of senescence by The Free Dictionary. Thefreedictionary.com
  4. ↑ Gerontology – definition of gerontology by The Free Dictionary. Thefreedictionary.com
  5. ↑ Geriatrics – definition of geriatrics by The Free Dictionary. Thefreedictionary.com
  6. ↑ (2013-10-18). Jeremy Hunt highlights plight of 'chronically lonely' – BBC News. Bbc.co.uk
  7. ↑ (2021-09-30). How can we reduce the toll of loneliness in older adults?. NIHR Evidence
  8. ↑ Human rights of older persons. OHCHR.org. Office of the United Nations High Commissioner for Human Rights
  9. ↑ Barry, Patricia. Medicare Eligibility Requirements – How to Qualify for Medicare – AARP Everyw... AARP
  10. ↑ Scherbov, Sergei; Sanderson, Warren. (2019). New Measures of Population Ageing. United Nations
  11. ↑ Kowal, Paul; Peachey, Karen. (June 2001). Indicators for the Minimum Data Set Project on Ageing: A Critical Review in sub-Saharan Africa. World Health Organization. পৃ. 9
  12. ↑ Gorman M. Development and the rights of older people. In: Randel J, et al., eds. The ageing and development report: poverty, independence and the world's older people. London, Earthscan Publications Ltd., 1999:3-21
  13. ↑ Shahar, Shulamith. (1993). Who were Old in the Middle Ages?. Social History of Medicine. পৃ. 313–341
  14. ↑ Berk, Laura E. (2010). Development Through the Lifespan. Allyn & Bacon. ISBN 9780205687930
  15. ↑ Torpy, Janet M.; Lynm, Cassio; Glass, Richard M. (2006). Frailty in Older Adults. JAMA. পৃ. 2280
  16. ↑ Forman, D. E.; Berman, A. D.; McCabe, C. H. (1992). PTCA in the elderly: The "young-old" versus the "old-old". Journal of the American Geriatrics Society. পৃ. 19–22
  17. ↑ Zizza, C. A.; Ellison, K. J.; Wernette, C. M. (2009). Total Water Intakes of Community-Living Middle-Old and Oldest-Old Adults. The Journals of Gerontology Series A: Biological Sciences and Medical Sciences. পৃ. 481–486
  18. ↑ Demographics of Aging. Transgenerational.org
  19. ↑ Cicirelli, Victor G. (2002). Older Adults' Views on Death. Springer Pub. ISBN 9780826170125
  20. ↑ Oxford English Dictionary, s.v. "third age"
  21. ↑ Paul Higgs and Chris Gilleard, Rethinking Old Age: Theorizing the Fourth Age (Palgrave Macmillan, 2015), vii, 119–120
  22. ↑ John Wattis, Stephen Curran, Practical Psychiatry of Old Age (Radcliffe Publishing, 2006). 2
  23. ↑ When Does Someone Attain Old Age? SS-101-96. ohioline.osu.edu
  24. ↑ WHO | Definition of an older or elderly person. World Health Organization
  25. ↑ Oxford Learner's Dictionaries | Find the meanings, definitions, pictures, pronunciation of words at OxfordLearnersDictionaries.com. Oup.com
  26. ↑ Bartleby.com: Great Books Online – Quotes, Poems, Novels, Classics and hundreds more
  27. ↑ Chambersharrap.co.uk. Chambersharrap.co.uk
  28. ↑ (2016-03-30). senior citizen Meaning in the Cambridge English Dictionary. Dictionary.cambridge.org
  29. ↑ senior citizen – Definition from Longman English Dictionary Online. Ldoceonline.com
  30. ↑ Waughfield, Claire G.; Burckhalter, Teresa S. (2002). Mental health concepts. Delmar/Thomson Learning. পৃ. 64. ISBN 9780766838307
  31. ↑ The Senior Times Online
  32. ↑ (February 1, 2000). Hirschfeld: On Line. Applause Theatre & Cinema Books. পৃ. 10. ISBN 9781557833563
  33. ↑ (1996). The Line King: The Al Hirschfeld Story. Cabin Fever Entertainment
  34. ↑ Corliss, Richard. (January 29, 2003). That Old Feeling: The Fun in Al Hirschfeld. Time
  35. ↑ What Age is Considered Senior Citizen - MGFS. My Guide For Seniors
  36. ↑ (2014-09-03). Retirement Age Calculator. Ssa.gov
  37. ↑ Changes to Old Age Security
  38. ↑ Chakkarath, Pradeep (2005), pp. 31-54
  39. ↑ Rama, p. 467
  40. ↑ Ralph Tench and William Sun (2014), Communicating Corporate Social Responsibility: Perspectives and Practice,, page 346
  41. ↑ Albertina Nugteren (2005), Belief, Bounty, And Beauty: Rituals Around Sacred Trees in India, Brill Academic,, pages 13–21
  42. ↑ Saraswathi et al (2010), Reconceptualizing Lifespan Development through a Hindu Perspective, in Bridging Cultural and Developmental Approaches to Psychology (Editor: Lene Arnett Jensen), Oxford University Press,, page 280-286
  43. ↑ Salokangas, R. K.; Joukamaa, M. (1991). Physical and mental health changes in retirement age. Psychotherapy and Psychosomatics. পৃ. 100–107
  44. ↑ Posner, Richard A. (1995). Aging and Old Age. University of Chicago Press. ISBN 9780226675664
  45. ↑ Ageing: Myth and Reality
  46. ↑ Birren, J E; Fisher, L M. (1995). Aging and Speed of Behavior: Possible Consequences for Psychological Functioning. Annual Review of Psychology. পৃ. 329–353
  47. ↑ (2015-04-24). Older people are happier than you. Why?. Edition.cnn.com
  48. ↑ Archived copy
  49. ↑ (2012-01-01). The Normal Aging Process. Documbase.com
  50. ↑ Administration on Aging
  51. ↑ Pistelli, R.; Lange, P.; Miller, D.L. (2003-05-01). Determinants of prognosis of COPD in the elderly: mucus hypersecretion, infections, cardiovascular comorbidity | European Respiratory Society. European Respiratory Journal. পৃ. 10s–14s
  52. ↑ (2008-11-07). Helping Your Elder with Grooming and Hygiene – For Dummies. Dummies.com
  53. ↑ Essential Tremor: Causes, Symptoms, Diagnosis, and Treatment. Webmd.com
  54. ↑ Older Adults' Health and Age-Related Changes
  55. ↑ (September 2015). Facts About Cataract
  56. ↑ (2016-09-28). Who Is At Risk for Falls? - American Bone Health. americanbonehealth.org
  57. ↑ Judge, James O. (2016-03-25). Gait Disorders in the Elderly – Geriatrics – Merck Manuals Professional Edition. Merckmanuals.com
  58. ↑ Healthy, Normal Aging: Physical Changes in Seniors. Webmd.com
  59. ↑ Vary, Jay C. (1 November 2015). Selected Disorders of Skin Appendages—Acne, Alopecia, Hyperhidrosis. Med. Clin. North Am.. পৃ. 1195–1211
  60. ↑ Meyer, Laurence. Why does hair turn gray?. scientificamerican.com
  61. ↑ Feder, K.; Michaud, D.; Ramage-Morin, P. (2015). Prevalence of hearing loss among Canadians aged 20 to 79: Audiometric results from the 2012/2013 Canadian Health Measures Survey. Health Reports. পৃ. 18–25
  62. ↑ Aging, National Institute on. (12 July 2011). Heart Health
  63. ↑ The Immune System in the Elderly. Medscape.com
  64. ↑ Aging changes in the lungs: MedlinePlus Medical Encyclopedia. Medlineplus.gov
  65. ↑ Department of Neurology – Department of Neurology
  66. ↑ Singh A, Akkala S, Nayak M, Kotlo A, Poondla N, Raza S, Stankovich J, Antony B. Impact of Pain on Activities of Daily Living in Older Adults: A Cross-Sectional Analysis of Korean Longitudinal Study of Aging (KLoSA). Geriatrics (Basel). 2024;9(3):65. doi: 10.3390/geriatrics9030065. PMID: 38804322; PMCID: PMC11130898
  67. ↑ Todd B. Nippoldt, M.D. (2015-03-17). Loss of sex drive in men: Natural with aging?. Mayo Clinic
  68. ↑ Jana R. Cooke, MD, "Sleep Disorders in the Elderly", Psychiatric Times 25.4 (2008)
  69. ↑ (2005). Fluid intake of community-living, independent elderly in Germany-a nationwide, representative study. J Nutr Health Aging. পৃ. 305–309
  70. ↑ Ouslander, J. G. (1981). Urinary incontinence in the elderly. The Western Journal of Medicine. পৃ. 482–491
  71. ↑ The Body Odd. (25 January 2013). The wavery, shaky 'old person's voice,' explained. NBC News
  72. ↑ Kennedy G.J. The epidemiology of late-life depression. In: Kennedy G. J, editor. Suicide and depression in late life: Critical issues in treatment, research and public policy. New York: John Wiley and Sons; 1996. pp. 23–37
  73. ↑ Cox, W. T. L.; Abramson, L. Y.; Devine, P. G. (2012). Stereotypes, Prejudice, and Depression: The Integrated Perspective. Perspectives on Psychological Science. পৃ. 427–449
  74. ↑ WHO | Mental health and older adults. Who.int
  75. ↑ Salthouse, Timothy A. (2009). When does age-related cognitive decline begin?. Neurobiology of Aging. পৃ. 507–514
  76. ↑ Finkel, Deborah; Reynolds, Chandra A. (2013). Behavior Genetics of Cognition Across the Lifespan. Springer Science & Business Media. ISBN 978-1461474470
  77. ↑ (2014-06-05). Memory loss: When to seek help. Mayo Clinic
  78. ↑ Jacoby, Susan. (2011). Never Say Die: The Myth and Marketing of the New Old Age. Pantheon Books. পৃ. 12. ISBN 9780307377944
  79. ↑ Alzheimer's disease – Symptoms and causes
  80. ↑ George P. Moschis, Marketing to Older Consumers (Praeger, 1992), 102
  81. ↑ Martin S. Lindauer, Aging, Creativity, and Art (Springer, 2003), 55–56

সম্পৰ্কিত শ্ৰেণী

ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃদ্ধ বয়স” প্ৰবন্ধৰ সংশোধন ৬৩১৮৯০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।