শ্ৰোণীৰ প্ৰদাহ ৰোগ বা পি আই ডি (Pelvic Inflammatory Disease) হ'ল পেলভিক ইনফ্লেমেটৰি ডিজিজ। সাধাৰণতে জৰায়ু, ডিম্বনলী আৰু আন প্ৰজনন অংগৰ সংক্ৰামণক এই ৰোগ বোলা হয়। এইৰোগ কেৱল মহিলাসকলৰ ক্ষেত্ৰত হোৱা দেখা যায়। কোনো এগৰাকী মহিলাৰ যোনী অথবা জৰায়ু মুখৰ পৰা বেক্টেৰিয়াবোৰে যেতিয়া ক্ৰমাত ওপৰফালৰ প্ৰজনন অংগবোৰত সোমাই পৰি সংক্ৰমণ ঘটায়-তেতিয়াই এই ৰোগ আৰম্ভ হয়। পি আই ডি বিভিন্ন কাৰণত হব পাৰে। কিন্তু যৌন সংক্ৰামক দুটি ৰোগৰ বেক্টেৰিয়াৰ বাবে মূলত এই ৰোগ হোৱা দেখা যায়। এই দুটা ক্লামিডিয়া সংক্ৰমণ আৰু গনৰিয়া। যৌনসংগমত সক্ৰিয় মহিলাৰ প্ৰসৱৰ বছৰটোত সংক্ৰমণ হোৱাৰ ভয় বেছি। ২৫ বছৰৰ মহিলাৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা ২৫ বছৰতকৈ বেছি বয়সৰ মহিলাতকৈ অধিক। যিহেতু কিশোৰী আৰু যুৱতীসকলৰ জৰায়ু মুখ ভালদৰে পৈনত নহয়, সেইবাবে তেনে মহিলাৰ পি আই ডি ৰ লগত যৌনসংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে।
লক্ষণ আৰু উপসৰ্গবোৰ
এই ৰোগৰ লক্ষণবোৰ কেতিয়াবা ধৰিবই পৰা নাযায় আৰু কেতিয়াবা খুব সাংঘাতিক ধৰণেৰে দেখা দিয়ে। ক্লামোডিয়াৰ বেক্টেৰিয়াৰ সংক্ৰামিত হ’লে মহিলাসকলৰ কোনো উপসৰ্গই দেখা নিদিয়ে বা অলপ দেখা দিয়ে। কিন্তু অভ্যন্তৰীণ প্ৰজনন অংগবোৰৰ ভয়াবহ ক্ষতি হৈ থাকে। পি আই ডি ত আক্ৰান্ত মহিলাৰ সাধাৰণ এটা উপসৰ্গ হ’ল- তলপেটৰ বিষ। আন উপসৰ্গবোৰৰ ভিতৰত জ্বৰ, অস্বাভাৱিক বেয়া গোন্ধযুক্ত যোনীশ্ৰাৱ, যৌন সংগম কৰাৰ সময়ত কষ্ট পোৱা আৰু অনিয়মীয়া ঋতুস্ৰাৱ।
প্ৰতিৰোধ
যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথবা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা।
তথ্য সংগ্ৰহ
- আইএনডিজি দল।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰোণিৰ প্ৰদাহ ৰোগ” প্ৰবন্ধৰ সংশোধন ৩০০৯৯৪ (২৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।