মনত ৰাখিব, ৱিকিপিডিয়াই কোনো চিকিৎসাৰ পৰামৰ্শ নিদিয়ে। 'মাইগ্ৰেণ' এক প্ৰকাৰৰ মূৰত হোৱা বেদনা। সাধাৰণতে মূৰৰ এফালে হয় যদিও দুয়োফালে হোৱাও দেখা যায়। মূৰৰ বিষ থকা লোকসকলৰ, শব্দ, পোহৰ, গন্ধ, বায়ুৰ চাপৰ তাৰতম্য আৰু কিবা খোৱাৰ যেনে চকলেট, আঙুৰৰ ৰস, পনিৰ ইত্যাদিৰ প্ৰভাৱত পুনৰ নতুনকৈ ভয়ঙ্কৰ মূৰৰ বিষ আৰম্ভ হ'ব পাৰে। মাইগ্ৰেণৰ লগত আৰু বহুকেইটা স্নায়বিক উপসৰ্গ জড়িত হৈ থাকে, যেনে কিছুমান শব্দ আৰু পোহৰৰ অনুভূতি। উপসৰ্গ অনুহৰি মাইগ্ৰেণক বিভিন্ন প্ৰকাৰত ভাগ কৰা হৈছে।
"মাইগ্ৰৰেণ" শব্দৰ উৎপত্তি হৈছে গ্ৰীক শব্দ ἡμικρανία (হেমিক্ৰ'ণিয়া)ৰ পৰা, যাৰ অৰ্থ "মূৰৰ এফালৰ বেদনা"১। ἡμι- (হেমি-), "অৰ্ধ", আৰু κρανίον (ক্ৰ'ণিয়ন), "লাওখোলা"ৰ পৰা ইয়াৰ সৃষ্টি হৈছে।২
ৰোগতত্ত্ব
মাইগ্ৰেণক একপ্ৰকাৰৰ নিউৰ'ভাস্কুলাৰ বিসংগতি বুলি গণ্য কৰা হয়।৩ কাৰণ এই সমস্যা প্ৰথমে মস্তিষ্কত সৃষ্টি হয় আৰু লাহে লাহে ৰক্তবাহিকালৈ প্ৰৱাহিত হয়।৪
তথ্যসূত্ৰ
- ↑ Liddell, Henry George; Scott, Robert. ἡμικρανία. A Greek-English Lexicon on Perseus
- ↑ Anderson, Kenneth; Anderson, Lois E.; Glanze, Walter D. (1994). Mosby's Medical, Nursing, and Allied Health Dictionary. Mosby. পৃ. 998. ISBN 978-0-8151-6111-0
- ↑ Bartleson JD, Cutrer FM. (May 2010). Migraine update. Diagnosis and treatment. Minn Med. পৃ. 36–41
- ↑ The Headaches Chp. 29, Pg. 276
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইগ্ৰেণ” প্ৰবন্ধৰ সংশোধন ৬৩২২৯৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।