প্ৰতিভা আগৰৱালা ( Prativa Agrawal; জন্ম: ১০ আগষ্ট ১৯৩০) উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এগৰাকী থিয়েটাৰ আৰ্কাইভিষ্ট, নাট্য অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, পৰিচালক, লেখিকা আৰু অনুবাদক। কলকাতাৰ থিয়েটাৰ সংগ্ৰহ আৰু গৱেষণা প্ৰতিষ্ঠান নাট্য শোধ সন্থাৰ প্ৰতিষ্ঠাপক। তেওঁ সামগ্ৰিক অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটা, ১ সাহিত্য অকাডেমি অনুবাদ বঁটা,২উত্তৰ প্ৰদেশ সংগীত নাটক অকাডেমী, উত্তৰ প্ৰদেশ হিন্দী সংস্থা, মধ্যপ্ৰদেশ সাহিত্য পৰিষদ, ভাৰতীয় অনুবাদ পৰিষদৰ পৰা বঁটা লাভ কৰে।
কেৰিয়াৰ
থিয়েটাৰ
১৩ বছৰ বয়সত প্ৰতিভাই দাদাৰ নাটক ‘মহাৰানা প্ৰতাপ’ত মুখ্য চৰিত্ৰত অভিনয় কৰি থিয়েটাৰ অভিনয়ত প্ৰৱেশ কৰে। আচাৰ্য হাজাৰী প্ৰসাদ দ্বিবেদীৰ পৰিচালিত 'শতৰঞ্জ কে খিলাড়ী' কাহিনীৰ আধাৰত নিৰ্মিত নৃত্য নাটকত অভিনয় কৰি তেওঁ অধিক মনোযোগ আকৰ্ষণ কৰে। ১৯৪০ চনৰ শেষৰ ফালৰ পৰা ১৯৫০ চনৰ আৰম্ভণিলৈকে হিন্দী থিয়েটাৰৰ এগৰাকী আগশাৰীৰ নায়িকা হিচাপে আত্মপ্ৰকাশ কৰে। এই সময়ছোৱাত তেওঁ 'তৰুণ সংঘ'ৰ বেনাৰত আৰু পিছলৈ 'অনামিকা'ৰ বেনাৰত নাটক পৰিবেশন কৰিছিল। ১৯৫০ চনৰ শেষৰ পৰা ১৯৯০ চনৰ শেষলৈকে তেওঁ হিন্দী থিয়েটাৰ পৰিচালক আৰু নায়িকা হিচাপে অৰিহণা যোগায়। শ্যামানন্দ জালান, শিৱকুমাৰ যোশী, বিমল লাথ আদি বিশিষ্ট পৰিচালকৰ পৰিচালনাত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[5] বিখ্যাত নাটকৰ অনুবাদৰ ক্ষেত্ৰতো তেওঁৰ অৱদান উল্লেখযোগ্য। ডুবে সেনৰ নাটক "জনতা কা শত্ৰু" ১৯৫৯ চনত হিন্দীলৈ অনুবাদ কৰা হয়।৩
সাহিত্য
প্ৰতিভা আগৰৱালা এগৰাকী লেখিকা আৰু অনুবাদক। তেওঁৰ মূল ৰচনাসমূহ - সাজন কা সুখ দুখ, “দস্তক জিন্দগী কি” আৰু “মোড় জিন্দগী কা” হিন্দী ভাষাত বহুলভাৱে প্ৰশংসা লাভ কৰিছে। তিনিওখন গ্ৰন্থ আংশিকভাৱে আত্মজীৱনীমূলক। এই গ্ৰন্থসমূহত তেওঁ কলকাতাৰ হিন্দী থিয়েটাৰৰ ইতিহাসও উপস্থাপন কৰিছে।৪ এই চিৰিজত তেওঁৰ গ্ৰন্থ “কাহানী মদন বাবু কি”ৰ কথাও উল্লেখ কৰিব পাৰি।৫
তথ্যসূত্ৰ
- ↑ (2018-08-08). Theatre writer, translator Pratibha Agrawal honoured with the Sahitya Akademi Translation Prize. Firstpost
- ↑ IANS. (2018-08-07). Pratibha Agrawal awarded the Sahitya Akademi Translation Prize
- ↑ प्रतिभा अग्रवाल. www.abhivyakti-hindi.org
- ↑ Chaube, Kripashankar. कृपाशंकर चौबे बंगाल में रंगमंच का इतिहास और वर्तमान लेख. www.hindisamay.com
- ↑ Raj, Chitra. (2024-01-04). बात हिंदी साहित्य की शुरुआती महिला आत्मकथाकार. फेमिनिज़म इन इंडिया
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিভা আগৰৱালা” প্ৰবন্ধৰ সংশোধন ৫৫৭৫২৪ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।