অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভিক্টৰিয়া আব্ৰিল

ভিক্টৰিয়া মেৰিডা ৰোহাছ (ইংৰাজী: Victoria Abril; জন্ম: ৪ জুলাই ১৯৫৯), পেছাদাৰীভাৱে ভিক্টৰিয়া আব্ৰিল নামেৰে পৰিচিত এগৰাকী স্পেনিছ চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। তেওঁ বৰ্তমান ফ্ৰান্সত বসবাস কৰে।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ভিক্টৰিয়া মেৰিডা ৰোহাছ (ইংৰাজী ভাষা: Victoria Abril; জন্ম: ৪ জুলাই ১৯৫৯), পেছাদাৰীভাৱে ভিক্টৰিয়া আব্ৰিল নামেৰে পৰিচিত এগৰাকী স্পেনীছ ভাষা চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। তেওঁ বৰ্তমান ফ্ৰান্সত বসবাস কৰে। পৰিচালক পেদ্ৰ’ আলমোদোভাৰৰ ছবি টাই মি আপ! টাই মি ডাউন! -ত কৰা অভিনয়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজত বিশেষভাৱে পৰিচিত।

জীৱন আৰু কেৰিয়াৰ

মালাগাত জন্মগ্ৰহণ কৰা আব্ৰিলে ১৯৭৬ চনত স্পেইনৰ আন, ড'ছ, ত্ৰেছ... ৰেচপণ্ডা অত্ৰা ভেজ অনুষ্ঠানত দুবছৰ ধৰি অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। স্পেইনত কাম কৰাৰ উপৰি তেওঁ ফ্ৰান্স, ইটালী আৰু আইচলেণ্ডৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ আঠবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত 'গোয়া বঁটা'ৰ বাবে মনোনীত হৈছে আৰু এবাৰ এই বঁটা লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ আমান্তেচ ছবিত কৰা অভিনয়ৰ বাবে ৪১সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'ছিলভাৰ বিয়েৰ বঁটা' লাভ কৰিছিল।১ দুবছৰৰ পাছত, ৪৩সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁক 'বাৰ্লিনেল কেমেৰা' সন্মানেৰে সন্মানিত কৰা হয়।২

আব্ৰিল এগৰাকী গায়িকাও। ২০০৫ চনত তেওঁ পুটচেৰোছ ড' ব্ৰাজিল নামৰ এটা 'বচানোভা-জাজ' এলবামৰ জৰিয়তে সংগীত জগতত আত্মপ্ৰকাশ কৰে। তেওঁ ১৯৭৯ চনৰ ইউৰোভিজন চং কণ্টেষ্টত "বেং-বেং-বেং" গীতটোৰে স্পেইনক প্ৰতিনিধিত্ব কৰাৰ চেষ্টাও কৰিছিল, কিন্তু তেওঁৰ পৰিৱৰ্তে বেটী মিচিগোক নিৰ্বাচিত কৰা হৈছিল।

ব্যক্তিগত জীৱন

১৯৭৭ চনৰ ২৮ জুলাইত আব্ৰিলে চিলিৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰাক্তন ফুটবলাৰ গুস্তাভো লাউবেৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৮২ চনৰ আৰম্ভণিতে দম্পতীটোৰ বিচ্ছেদ ঘটে।

ফৰাচী পৰিচালক জেৰাৰ্ড ডি বাটিষ্টাৰ সৈতে আব্ৰিলৰ দুটা পুত্ৰ সন্তান আছে। তেওঁ বৰ্তমান ফ্ৰান্সত বসবাস কৰে আৰু ১৯৮২ চনৰপৰাই তেওঁ তাত স্থায়ীভাৱে থাকিবলৈ লৈছে।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Berlinale: 1991 Prize Winners. berlinale.de
  2. ↑ Berlinale: 1993 Prize Winners. berlinale.de
  3. ↑ Victoria Abril. IMDB Victoria April Biography

সম্পৰ্কিত শ্ৰেণী

স্পেনীছ অভিনেত্ৰীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টৰিয়া আব্ৰিল” প্ৰবন্ধৰ সংশোধন ৫৯৬২৩৫ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।