ওস্তাদ ইছা শ্বিৰাজী (পাৰ্চী: استاد عيسى شیرازی) আছিল ছাফাৱী পাৰস্যৰ (বৰ্তমান ইৰাণ)১ শ্বিৰাজ চহৰৰ এজন পাৰ্চী স্থপতি২, এওঁক প্ৰায়ে ভাৰতৰ আগ্ৰাত থকা তাজমহলৰ সহকাৰী স্থপতি হিচাপে বৰ্ণনা কৰা হয়।৩
তাজমহলৰ আৰ্হিটোৰ কৃতিত্ব কাৰ সেইসম্পৰ্কে সম্পূৰ্ণ আৰু নিৰ্ভৰযোগ্য তথ্যৰ অভাৱৰ বাবে অগণন জল্পনা-কল্পনাৰ সৃষ্টি হৈ আছে। পণ্ডিতসকলৰ মতে ওস্তাদ ইছাৰ কাহিনীৰ জন্ম হৈছিল ১৯ শতিকাত ব্ৰিটিছসকলে ইমান সুন্দৰ অট্টালিকা এটাৰ কৃতিত্ব ইউৰোপীয় স্থপতিক দিয়াৰ চেষ্টাৰপৰা। স্থানীয় তথ্যদাতাসকলে সমগ্ৰ এছিয়াৰপৰা অহা শ্ৰমিকৰ কাল্পনিক তালিকা আৰু সামগ্ৰীও যোগান ধৰি তাজৰ উৎপত্তিৰ সন্দৰ্ভত ব্ৰিটিছৰ কৌতূহল নিঃসৰণ কৰা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। তেওঁৰ পটভূমিৰ বিষয়ে বৰ্তমান বিশেষ একো জনা নাযায় যদিও তেওঁৰ উপাধি শ্বিৰাজীয়ে পাৰ্চী উৎপত্তিৰ ইংগিত দিয়ে। কিছুমান সূত্ৰই ওস্তাদ ইছা শ্বিৰাজীক ইছা মহম্মদ এফেণ্ডীৰ সৈতে মিহলাইছে,১ যিয়ে তুৰ্কী-পাৰ্চীৰ পৰা উৎপত্তিৰ সমৰ্থন কৰে।
শেহতীয়া গৱেষণাৰপৰা দেখা গৈছে যে লুতফুল্লাহ মুহাণ্ডিছে পিতৃ আহমদ লাহোৰীক এই কৃতিত্ব দিয়াৰ দাবী কৰি লিখা এটা লেখাৰপৰা স্থপতি, ওস্তাদ আহমদ লাহোৰীক তাজমহলৰ মুখ্য স্থপতি হিচাপে আটাইতকৈ বেছি গ্ৰহণযোগ্যতাৰ সম্ভাৱনা থকা ব্যক্তি বুলি কোৱা হয়।৪৫৬৭
তথ্যসূত্ৰ
- ↑ Creation History. tajmahal.gov.in
- ↑ Construction of the Taj Mahal. wonders-of-the-world.net
- ↑ (Heather Kissock) Ustad Isa, Chief Designer page 16 Taj Mahal (The Builders including Ustad Isa) via Google Books, Published 2018, Retrieved 18 November 2021
- ↑ Taj Mahal Description and Profile UNESCO website, Retrieved 18 November 2021
- ↑ Asher, p.212
- ↑ Begley and Desai, p.65
- ↑ The Age of Splendor (The Reign of Shah Jahan) Columbia University website, Retrieved 18 November 2021
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওস্তাদ ইছা” প্ৰবন্ধৰ সংশোধন ৬৩৬০৬৭ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।