অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আন্দামান সাগৰ

আন্দামান সাগৰ (ঐতিহাসিকভাৱে বাৰ্মা সাগৰ বুলিও জনা যায়) হৈছে উত্তৰ-পূব ভাৰত মহাসাগৰৰ এটা প্ৰান্তীয় সাগৰ। ইয়াৰ সীমা মাৰ্টাবান উপসাগৰৰ কাষেৰে ম্যানমাৰ আৰু থাইলেণ্ডৰ উপকূলৰ সৈতে আৰু মালয় উপদ্বীপ; পশ্চিম দিশত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ; দক্ষিণ দিশ ব্ৰেউ দ্বীপত আৰু দক্ষিণ-পূব দিশত মালাকা প্ৰণালী…

হালনাগাদ: ৩০ জুন ২০২৪ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

আন্দামান সাগৰ (ঐতিহাসিকভাৱে বাৰ্মা সাগৰ বুলিও জনা যায়) হৈছে উত্তৰ-পূব ভাৰত মহাসাগৰৰ এটা প্ৰান্তীয় সাগৰ। ইয়াৰ সীমা মাৰ্টাবান উপসাগৰৰ কাষেৰে ম্যানমাৰ আৰু থাইলেণ্ডৰ উপকূলৰ সৈতে আৰু মালয় উপদ্বীপ; পশ্চিম দিশত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ; দক্ষিণ দিশ ব্ৰেউ দ্বীপত আৰু দক্ষিণ-পূব দিশত মালাকা প্ৰণালী অৱস্থিত।১

পৰম্পৰাগতভাৱে এই সাগৰক মীনপালন আৰু উপকূলীয় দেশসমূহৰ মাজত সামগ্ৰী পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হৈছে। বিভিন্ন ধৰণৰ মাছ, কচ্ছপ, প্ৰবাল প্ৰাচীৰকে ধৰি চহকী সাগৰীয় জীৱৰ বাবে এই সাগৰ পৰিচিত। ইয়াৰ উপৰিও ইয়াত ভাৰতৰ অংশ আন্দামান দ্বীপ আৰু থাইলেণ্ডৰ অংশ ফি ফি দ্বীপ আৰু ফুকেট আদি কেইবাটাও দ্বীপ আছে।

২০০৪ চনত ভাৰত মহাসাগৰৰ ভূমিকম্প আৰু ছুনামীৰ ফলত মীন আৰু পৰ্যটনৰ আন্তঃগাঁথনি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল।

আন্দামান সাগৰত বছৰটোৰ ভিতৰতে উষ্ণ পানীৰ সৈতে গ্ৰীষ্মমণ্ডলীয় জলবায়ু থাকে, যাৰ বাবে ই সাঁতোৰ, স্ন’ৰ্কেলিং, স্কুবা ডাইভিঙৰ দৰে পানীৰ কাম-কাজ উপভোগ কৰা পৰ্যটকৰ বাবে এক জনপ্ৰিয় গন্তব্যস্থান।

তথ্যসূত্ৰ

  1. ↑ Andaman Sea. Encyclopaedia Britannica

সম্পৰ্কিত শ্ৰেণী

সাগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্দামান সাগৰ” প্ৰবন্ধৰ সংশোধন ৪২৪৩৫৩ (৩০ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।