গোপালপুৰ সত্ৰ (ইংৰাজী- Gopalpur Satra) চাৰি ৰাজসত্ৰৰ অন্যতম মাজুলীস্থিত দক্ষিণপাট সত্ৰৰ এখন শাখা সত্ৰ। এই সত্ৰখনি লখিমপুৰ জিলাৰ ঘিলামৰাৰ উত্তৰ-পূব প্ৰান্তত কঢ়া আৰু কুমটীয়া নদীৰ সংগমস্থলীত অৱস্থিত। সত্ৰখনি স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত প্ৰতিষ্ঠা কৰা হৈছিল। সত্ৰৰ উপাস্য বিগ্ৰহজনাৰ নাম বংশীবদন বা গোপাল। গোপালৰ নামানুসাৰেই সত্ৰখনৰ নাম গোপালপুৰ।১
ইতিহাস
বৈকুণ্ঠপুৰ বা মূল দক্ষিণপাট সত্ৰত প্ৰায়ে পানীৰ উপদ্ৰৱ হোৱাত ৰজাই ইচ্ছামতে তালৈ অহা-যোৱা কৰাত অসুবিধা হৈছিল।১ তদুপৰি আহাৰ মাহত অনুষ্ঠিত ৰথযাত্ৰা উৎসৱ পালনত বাধাৰ সৃষ্টি হৈছিল। সেইবাবে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই বনমালীদেৱক ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত কঢ়া আৰু কুমটীয়া নদীৰ সংগমস্থলীত এই সত্ৰখনি পাতি দিয়ে। বনমালীদেৱে ইয়াত প্ৰায়েই ৰথযাত্ৰা উৎসৱ পালন কৰিছিল। ইও চাৰিহাটী- চাৰিঢাপেৰে আবৰা। সত্ৰৰ পশ্চিমত পূজাৰীৰ বহা, দক্ষিণত বায়ন বহা, পূবত পাঠেকীৰ বহা আৰু উত্তৰত নামলগোৱাৰ বহা অদ্যপৰিমিত বিদ্যমান।২
উপাস্য দেৱতা
বনমালীদেৱে শ্ৰীক্ষেত্ৰৰ পৰা আনি প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী গোপাল মহাপ্ৰভুৰ বিগ্ৰহেই সত্ৰৰ মূল উপাস্য দেৱতা। ইয়াৰ লগতে মণিকূটৰ বেদীত লক্ষ্মীনাৰায়ণ, বংশীবাদন গোপাল, ভুৱনমোহন গোপাল মূৰ্তিৰ উপৰিও তিনিজনা লাৰুৱা গোপাল আৰু তেৰজনা শালগ্ৰাম আছে। পূজাৰীয়ে নিতৌ বৈদিক বৈষ্ণৱ পদ্ধতিৰে পূজা অৰ্চনা কৰে। পূজা সমাপনৰ পিছতে ভকতসকলে নাম-প্ৰসংগ কৰে।২
উৎসৱ পাৰ্বণ
গোপালপুৰ সত্ৰত বাৰ্ষিক ভাওনা, তিনিদিনীয়া বৰসবাহ, জেঠমহীয়া নাম, ভাদমহীয়া নাম, জন্মাষ্টমী, ৰাসলীলা, দৌলযাত্ৰা, বিহু-স্ংক্ৰান্তি আদি উলহ-মালহেৰে উদযাপিত হয়। নৱপ্ৰজন্মক ভাওনা, বিভিন্ন মুখা-নিৰ্মাণ, খোল, তাল, মৃদং, সত্ৰীয়া নৃত্য, ৰাস নৃত্য, বৰগীত আদিৰ প্ৰশিক্ষণ প্ৰদানত সত্ৰখনিৰ এক মুখ্য ভূমিকা আছে।
তথ্যসূত্ৰ
- ↑ শৰ্ম্মা, বেণুধৰ, দক্ষিণপাট সত্ৰ archive.org/details/in.ernet.dli.2015.452875
- ↑ শৰ্মা, লক্ষীকান্ত, 'গোপালপুৰ সত্ৰৰ চমু ইতিবৃত্ত,'ৰৌপ্যজ্যোতি- ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ স্মৃতিগ্ৰন্থ, ২০১৩ চন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোপালপুৰ সত্ৰ” প্ৰবন্ধৰ সংশোধন ৩০২০৪৫ (২৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।