সংগীত নাটক একাডেমী বঁটা বিজয়ী
১৬০ প্ৰবন্ধ
-
সুনয়না হাজাৰিলাল
সুনয়না হাজাৰিলাল অগ্ৰৱাল ( Sunayana Hazarilal Agarwal ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু কথকৰ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত তেওঁৰ বিশেষজ্ঞতাৰ বাবে জনা যায়। কোৱা হয় যে কথকৰ জানকীপ্ৰসাদ ঘৰানা বা বেনাৰস ঘৰানাৰ তেওঁৰ একমাত্ৰ জীৱিত অনুশীলনকাৰী।
-
সুন্দৰী কে শ্ৰীধৰণী
সুন্দৰী কে শ্ৰীধৰণী ( Sundari K. Shridharani; ৬ এপ্ৰিল ১৯২৫ – ৭ এপ্ৰিল ২০১২) ১৯৫০ চনত প্ৰতিষ্ঠা কৰা বহু কলা প্ৰতিষ্ঠান ত্ৰিবেণী কলা সংগমৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক আছিল।
-
সুমা সুধিন্দ্ৰ
সুমা সুধিন্দ্ৰ ( Suma Sudhindra ) এগৰাকী শাস্ত্ৰীয় সংগীতজ্ঞ আৰু কৰ্ণাটকী সংগীত ধাৰাৰ বীণা বাদক। ২০০১ চনত তেওঁ কৰ্ণাটকৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজ্যোৎসৱ বঁটা লাভ কৰে। তেওঁ বাংগালুৰুত বাস কৰে। তেওঁৰ স্বামী এগৰাকী দন্ত চিকিৎসক আৰু তেওঁলোকৰ দুগৰাকী কন্যা আছে। সুমা এগৰাকী চৌখিন বনছাই সংগ্ৰাহক।
-
সুমিত্ৰা গুহ
বিদুষী সুমিত্ৰা গুহ (জন্ম:সুমিত্ৰা ৰাজু; Vidushi Sumitra Guha ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী, কৰ্ণাটকী আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত থকা তেওঁৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত। ভাৰত চৰকাৰে ২০১০ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী আৰু ২০২০ চনত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰে।
-
সুলোচনা চৱান
সুলোচনা মহাদেৱ কদম ( Sulochana Mahadev Kadam; ১৩ মাৰ্চ ১৯৩৩ – ১০ ডিচেম্বৰ ২০২২),এগৰাকী ভাৰতীয় গায়িকা। তেওঁ সুলোচনা চৱান নামেৰে জনাজাত কণ্ঠশিল্পী গৰাকী মাৰাঠী “লাৱণী”ৰ বাবে প্ৰখ্যাত।
-
সৰোজা বৈদ্যনাথন
সৰোজা বৈদ্যনাথন ( Saroja Vaidyanathan; ১৯ ছেপ্টেম্বৰ ১৯৩৭ - ২১ ছেপ্টেম্বৰ ২০২৩) এগৰাকী নৃত্য পৰিচালক, গুৰু আৰু ভাৰতনাট্যমৰ এগৰাকী শীৰ্ষস্থানীয় শিল্পী আছিল। ভাৰত চৰকাৰে তেওঁক ২০০২ চনত পদ্মশ্ৰী আৰু ২০১৩ চনত পদ্মভূষণ বঁটা প্ৰদান কৰে।
-
ৰছিদ খান (সংগীতজ্ঞ)
ৰছিদ খান (Rashid Khan; ১ জুলাই ১৯৬৮ – ৯ জানুৱাৰী ২০২৪) হিন্দুস্তানী পৰম্পৰাৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। তেওঁ ৰামপুৰ-সহস্বান ঘৰানাৰ অন্তৰ্গত আছিল আৰু এই ঘৰানাৰ প্ৰতিষ্ঠাপক ইনায়ত হুছেইন খানৰ আজু নাতি আছিল। তেওঁৰ সোমা খানৰ সৈতে বিবাহ সম্পন্ন হৈছিল।
-
ৰাণী কৰ্ণা
ৰাণী কৰ্ণা ( Rani Karnaa )এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। শাস্ত্ৰীয় নৃত্য কথকত তেওঁৰ দক্ষতাৰ বাবে পৰিচিত আৰু বহুতে তেওঁক এই কলাৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে।
-
ৰীতা গাংগুলী
ৰীতা গাংগুলী ( Rita Ganguly) ভাৰতীয় ধ্ৰুপদী কলাৰ এগৰাকী সাধক। তেওঁ এগৰাকী নিপুণ নৃত্যশিল্পী, সংগীতজ্ঞ আৰু কণ্ঠশিল্পী আৰু ২০০০ চনত তেওঁ সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ আৰু ২০০৩ চনত “পদ্মশ্ৰী’’ সন্মান লাভ কৰে৷ তেওঁ অভিনেত্ৰী মেঘনা কোথাৰীৰ মাতৃ আৰু ৰবীন্দ্ৰ সংগীত গায়িকা গীতা ঘটকৰ কনিষ্ঠ ভগ্নী।
-
ৰেখা জৈন
ৰেখা জৈন ( Rekha Jain; ১৯২৪–২০১০) এগৰাকী ভাৰতীয় শিশু নাট্যকাৰ, পৰিচালক, আৰু লোকসংগীত বিশেষজ্ঞ। শিশুৰ বাবে নাটকৰ উপৰিও ভাৰতীয় লোকসংগীত আৰু লোকনৃত্যৰ ওপৰতো প্ৰবন্ধ আৰু সমালোচনা লিখিছে।