অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

সকলো দেশৰ শ্ৰমিক এক হওক!

ৰাজনৈতিক শ্ল'গান সকলো দেশৰ শ্ৰমিক এক হওক! আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক শ্ল'গানসমূহৰ অন্যতম যাক কাৰ্ল মাৰ্ক্স আৰু ফ্ৰিডৰিখ এঙ্গেল্সৰ ১৮৪৮ চনৰ কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰৰ পৰা গ্ৰহণ কৰা হৈছে।

হালনাগাদ: ৩০ আগষ্ট ২০২৪ ৩৪৫ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰাজনৈতিক শ্ল'গান সকলো দেশৰ শ্ৰমিক এক হওক! আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক শ্ল'গানসমূহৰ অন্যতম যাক কাৰ্ল মাৰ্ক্স আৰু ফ্ৰিডৰিখ এঙ্গেল্সৰ ১৮৪৮ চনৰ কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰৰ পৰা গ্ৰহণ কৰা হৈছে। জাৰ্মান ভাষাৰ মূল "Proletarier aller Länder vereinigt Euch!"ৰ অৰ্থ "সকলো দেশৰ সৰ্বহাৰা এক হওক!"১ পিচে ই শীঘ্ৰে ইংৰাজীত "ৱৰ্কাৰ্ছ অৱ দ্য ৱৰ্ল্ড, য়ুনাইট! য়ু হেভ নাথিং টু লুজ বাট য়'ৰ চেইন্স" অৰ্থাৎ "বিশ্বৰ শ্ৰমিকসকল এক হওক! আপোনাৰ হেৰুৱাবলৈ একো নাই, নিজৰ শিকলিৰ বাহিৰে!" হিচাপে বিখ্যাত হ'ল। আন এক পৰিৱৰ্তিত ৰূপ "ৱৰ্কাৰ্ছ অৱ অল লেণ্ডছ, য়ুনাইট" অৰ্থাৎ "সকলো দেশৰ শ্ৰমিক এক হওক!"ও জনপ্ৰিয়।

ওপৰা-ওপৰিকৈ

এঙ্গেল্সৰ দ্বাৰা "দ্য ফাৰ্ছট ইণ্টাৰ্ণেছনেল মুভমেণ্ট অৱ দ্য ৱৰ্কিং ক্লাছেছ" (কৰ্মী শ্ৰেণীৰ প্ৰথম আন্তৰ্জাতিক আন্দোলন) অভিহিত 'ইণ্টাৰ্ণেছনেল ৱৰ্কিংমেন'স এচ'চিয়েছনে' এঙ্গেল্সৰ প্ৰভাৱতে নিজৰ নীতি বাক্য "অল মেন আৰ ব্ৰাডাৰ্ছ" (সকলো মানুহ ভাতৃ)ৰ পৰা সলাই "ৱৰ্কিং মেন অৱ অল কাণ্ট্ৰিজ, য়ুনাইট!", অৰ্থাৎ "সকলো দেশৰ কৰ্মীজন, এক হওক!" কৰিলে।২ ই মাৰ্ক্স আৰু এঙ্গেল্সৰ প্ৰলিটেৰিয়ান আন্তৰ্জাতীয়তাবাদৰ দৃষ্টিভংগী দৰ্শালে।

বাক্য শাৰীৰ কেইবাটাও অতিব্যাপ্ত অৰ্থ আছে। প্ৰথমে, শ্ৰমিকসকলে সংঘবদ্ধ হৈ অধিক আয়, ভাল কৰ্ম পৰিৱেশ আদিৰ বাবে যুদ্ধ কৰা উচিত।৩ দ্বিতীয়তে, কৰ্মীসকলৰ কেৱল নিজৰ কৰ্ম সংঘৰ কথা নাভাবি, পুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুদ্ধ কৰা উচিত।৪ তৃতীয়তে, ভিন্ন দেশৰ কৰ্মীৰ মাজত, একে দেশৰেই শ্ৰমিক আৰু মালিক গোষ্ঠীতকৈ অধিক সাদৃশ্য আছে।

বাক্য শাৰীক ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ অৱ দ্য ৱৰ্ল্ডে (ইৱৱ) গীত আৰু প্ৰচাৰ-প্ৰসাৰত ব্যৱহাৰ কৰিছিল। ই মে' দিৱসৰ কাৰ্যসূচীসমূহৰ আধাৰ হিচাপে ব্যৱহৃত হৈছিল। ইৱৱই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়া৫ উভয়তে এই বাক্য প্ৰথম বিশ্ব যুদ্ধৰ বিৰোধিতা কৰিবলৈ ব্যৱহাৰ কৰিছিল।

এই বাক্য ছ'ভিয়েট সংঘৰ নীতি বাক্য আছিল: Пролетарии всех стран, соединяйтесь! (প্ৰ'লিটেৰি ছেখ ষ্ট্ৰান, ছয়েডিন্যায়টেছ!) আৰু ই ছ'ভিয়েট সংঘৰ প্ৰতীকত ব্যৱহৃত হৈছিল। ১৯১৯ত ৰাছিয়ান এছএফএছআৰ বেংন'টত ই আৰবী, চীনা, ইংৰাজী, ফৰাচী, জাৰ্মান, ইটালীয় আৰু ৰুচী ভাষাত, ১৯২১ৰপৰা ১৯৩৪ৰ ছ'ভিয়েট মুদ্ৰাত আৰু প্ৰায়বোৰ ছ'ভিয়েট বাতৰি কাকতত ব্যৱহৃত হৈছিল। ভ্লেডিমিৰ লেনিনৰ নেতৃত্বত নতুন ছ'ভিয়েট সংঘৰ উদ্দেশ্য আছিল আন্তৰ্জাতিক সাম্যবাদ। যদিও পাছলৈ ছ'ভিয়েট সংঘই নিজৰ আন্তৰ্জাতীয়তাবাদৰ কাৰ্যনীতিৰ প্ৰকৃতি পৰিৱৰ্তিত কৰিলে, নীতি-বাক্য শাৰীয়ে এক বৈশ্বিক ( আৰু অৱশেষত ৰাজ্যহীন) সাম্যবাদী সমাজৰ ইচ্ছাকেই প্ৰতিফলিত কৰিলে।

বৰ্তমানে, কোনো কোনো সাম্যবাদী দলে এই বাক্যৰ প্ৰয়োগ কৰে।৬ তদুপৰি, ই শ্ৰমিক হৰতাল, প্ৰতিবাদ, আৰু আন জনপ্ৰিয় সংস্কৃতিত বহুলভাৱে ব্যৱহৃত।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Translator's note to the Communist Manifesto. Marxists.org. Marxist Internet Archive
  2. ↑ Lucia Pradella in 'The Elgar Companion to Marxist Economics.'
  3. ↑ Wiktionary, entry for "Workers of the World"
  4. ↑ কাৰ্ল মাৰ্ক্স and Friedrich Engels, The Communist Manifesto, 1848
  5. ↑ Nick Armstrong, "The Industrial Workers of the World," Socialist Alternative, June 2005
  6. ↑ Thurston, Robert W.; Bonwetsch, Bernd. (2000). The People's War: Responses to World War II in the Soviet Union. University of Illinois Press. ISBN 9780252026003
  7. ↑ (06/05/2008). May Day celebrated on both sides of Line of Control. socialistworld.net

সম্পৰ্কিত শ্ৰেণী

সাম্যবাদশ্লোগান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সকলো দেশৰ শ্ৰমিক এক হওক!” প্ৰবন্ধৰ সংশোধন ৪৩০১২৮ (৩০ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।