অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জয় ভীম

জয় ভীম ভাৰতৰ ৰাজনীতিবিদ, সমাজ সংস্কাৰক তথা ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী বি আৰ আম্বেদকাৰৰ অনুগামীসকলে ব্যৱহাৰ কৰা শ্লোগান আৰু শুভেচ্ছাবাণী। ইয়াৰদ্বাৰা আম্বেদকাৰৰ প্ৰদত্ত নাম ভীমৰাওক বুজায়।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৩৬৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জয় ভীম ভাৰতৰ ৰাজনীতিবিদ, সমাজ সংস্কাৰক তথা ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী ভীমৰাও ৰামজী আম্বেদকাৰৰ অনুগামীসকলে ব্যৱহাৰ কৰা শ্লোগান আৰু শুভেচ্ছাবাণী। ইয়াৰদ্বাৰা আম্বেদকাৰৰ প্ৰদত্ত নাম ভীমৰাওক বুজায়।১২ ১৯৩৫ চনত জয় ভীমৰ কল্পনা আৰু বিকাশ আম্বেদকাৰৰ এজন কঠোৰ অনুগামী আৰু সমতা সৈনিক দলৰ সম্পাদক৩৪ বাবু এল এন হৰদাছে (১৯০৪–১৯৩৯)৫৬ কৰে। অৱশ্যে ইয়াৰ উৎপত্তি অস্পষ্ট আৰু আম্বেদকাৰৰ জন্মৰ বহু আগৰ ১৮১৮ চনৰপৰাই হ'ব পাৰে।৭

বহুজন সমাজ পাৰ্টি (বিএছপি), ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আৰপিআই) আদি কিছুমান ৰাজনৈতিক দলেও জয় ভীমক শ্লোগান হিচাপে ব্যৱহাৰ কৰে।৮৯১০

ইতিহাস

]]

১৯৩৫ চনত বাবু হৰদাসে ‘জয় ভীম’ শ্লোগান দিছিল। লিপিবদ্ধ কৰা হৈছে যে, বাবু হৰদাস এল এন (লক্ষ্মণ নাগাৰালে) নিজেই ৰামচন্দ্ৰ ক্ষীৰসাগৰৰ Dalit Movement in India and Its Leaders নামৰ গ্ৰন্থত 'জয় ভীম' শ্লোগান দিছিল।১১১২ ১৯৩৮ চনত ঔৰংগাবাদ জিলাৰ কান্নাদ তালুকৰ মাক্ৰাণপুৰত আম্বেদকাৰিত আন্দোলনৰ কৰ্মী ভৌচাহেব ম’ৰে এখন সভা অনুষ্ঠিত কৰে। এই সভাত ড° বাবাচাহেব আম্বেদকাৰো উপস্থিত থাকে। সেই সভাত ম’ৰে ৰাইজক কৈছিল যে, এতিয়াৰপৰা তেওঁলোকে ইজনে সিজনক সম্ভাষণ জনাই কেৱল 'জয় ভীম' বুলি ক’ব।১৩ দলিত আন্দোলনৰ প্ৰাক্তন ন্যায়াধীশ তথা পণ্ডিত সুৰেশ ঘোৰপাড়ে কয়, "ড° আম্বেদকাৰৰ জীৱনকালৰপৰাই 'জয় ভীম' অভিবাদন আৰম্ভ হৈছিল। আম্বেদকাৰিত আন্দোলনৰ কৰ্মীসকলে ইজনে সিজনক 'জয় ভীম' বুলি কয় যদিও একাংশ কৰ্মীয়ে ড° আম্বেদকাৰক 'জয় ভীম' বুলি প্ৰত্যক্ষভাৱে প্ৰণাম জনাইছিল।১৪১৫

নৰেন্দ্ৰ জাধৱে কয়, "জয় ভীমৰ শ্লোগান বাবু হৰদাসে দিছিল।" সকলো দলিতৰ বাবে ই এক গুৰুত্বপূৰ্ণ জয়। ‘জয় ভীম’ সংগ্ৰামৰ প্ৰতীক হৈ পৰিছে, ই এক সাংস্কৃতিক পৰিচয়ৰ লগতে ৰাজনৈতিক পৰিচয়ো হৈ পৰিছে, ই আম্বেদকাৰিত আন্দোলনৰ সৈতে থকা সম্পৰ্কও দেখুৱাইছে, এই উচ্চাৰণ সকলো ধৰণৰ পৰিচয়ৰ প্ৰতীক হৈ পৰিছে। মই ভাবো ‘জয় ভীম’ বিপ্লৱৰ সামগ্ৰিক পৰিচয় হৈ পৰিছে। ’-উত্তম কাম্বলে কয়।১৬১৭

১৯৪৬ চনত ড° ভীমৰাও আম্বেদকাৰৰ জন্মদিন উদ্‌যাপনৰ উপলক্ষ্যে, ড° আম্বেদকাৰৰ উপস্থিত হোৱাৰ সময়ত, পুৰণি দিল্লী ৰে’লৱে ষ্টেচনৰ বিপৰীতে গান্ধী গ্ৰাউণ্ডত এটা কবিতাৰ জৰিয়তে দলিত কবি বিহাৰী লাল হৰিতে(১৯১৩–১৯৯৯) জয় ভীম ঘোষণা কৰিছিল।১৮

জনপ্ৰিয় সংস্কৃতিত

  • কেইবাটাও মাৰাঠী গীতত 'জয় ভীম' বাক্যাংশ আছে।.১৯
  • এই বাক্যাংশ দলিত অধিকাৰ কৰ্মী বাবু হৰদাসৰ জীৱনৰ ওপৰত আধাৰিত ২০১৮ চনৰ ভাৰতীয় ছবি বোলে ইণ্ডিয়াত জয় ভীমৰ শিৰোনামত ব্যৱহাৰ কৰা হৈছে।২০
  • এই শ্লোগানটো ২০২১ চনৰ তামিল ছবিত এজন অধিবক্তাই এজন প্ৰান্তীয় জনজাতীয় লোকৰ ন্যায়ৰ বাবে কৰা যুঁজৰ কাহিনী বৰ্ণনা কৰা কাহিনীত জয় ভীম শিৰোনাম হিচাপে ব্যৱহাৰ কৰা হৈছে।২১
  • ২০২৪ চনৰ ২৪ জুনত ভাৰতৰ সংসদত কংগ্ৰেছ, সমাজবাদী পাৰ্টি আদি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় দুডজন সাংসদ—দলিত, অ’বিচি, মুছলমান, আদিবাসীয়ে ‘জয় ভীম’ শ্লোগানেৰে শপত গ্ৰহণ অনুষ্ঠানৰ সামৰণি মাৰে।২২২৩২৪

তথ্যসূত্ৰ

  1. ↑ Jaffrelot, Christophe. (2005). Dr Ambedkar and untouchability: analysing and fighting caste. Hurst & Company. পৃ. 154–155. ISBN 978-1-85065-449-0
  2. ↑ जय भीम का नारा सबसे पहले किसने दिया, कैसे हुई शुरुआत?. BBC News हिंदी
  3. ↑ Tripathi, Ashish; Sinha, Arunav. (April 18, 2016). Chronologically 'Jai Bhim' is older than 'Jai Hind': Experts. The Times of India
  4. ↑ 'जय भीम' हा नारा कुणी दिला? 'जय भीम' म्हणण्याची पद्धत केव्हापासून सुरू झाली?. BBC News मराठी
  5. ↑ 'जय भीम' हा नारा कुणी दिला? 'जय भीम' म्हणण्याची पद्धत केव्हापासून सुरू झाली?. BBC News मराठी
  6. ↑ जय भीम का नारा सबसे पहले किसने दिया, कैसे हुई शुरुआत?. BBC News हिंदी
  7. ↑ Tripathi, Ashish. (18 April 2016). Chronologically 'Jai Bhim' is older than 'Jai Hind': Experts. The Times of India
  8. ↑ Singh, Mahendra. (31 December 2016). Eye on Dlits, PM Modi launches Bhim pay app. The Times of India
  9. ↑ G, Sampath. (14 October 2016). When Jai Bhim meets Lal Salaam. The Hindu
  10. ↑ Tripathi, Ashish. (18 April 2016). Chronologically 'Jai Bhim' is older than 'Jai Hind': Experts. The Times of India
  11. ↑ 'जय भीम' हा नारा कुणी दिला? 'जय भीम' म्हणण्याची पद्धत केव्हापासून सुरू झाली?. BBC News मराठी
  12. ↑ जय भीम का नारा सबसे पहले किसने दिया, कैसे हुई शुरुआत?. BBC News हिंदी
  13. ↑ 'जय भीम' हा नारा कुणी दिला? 'जय भीम' म्हणण्याची पद्धत केव्हापासून सुरू झाली?. BBC News मराठी
  14. ↑ 'जय भीम' हा नारा कुणी दिला? 'जय भीम' म्हणण्याची पद्धत केव्हापासून सुरू झाली?. BBC News मराठी
  15. ↑ जय भीम का नारा सबसे पहले किसने दिया, कैसे हुई शुरुआत?. BBC News हिंदी
  16. ↑ 'जय भीम' हा नारा कुणी दिला? 'जय भीम' म्हणण्याची पद्धत केव्हापासून सुरू झाली?. BBC News मराठी
  17. ↑ जय भीम का नारा सबसे पहले किसने दिया, कैसे हुई शुरुआत?. BBC News हिंदी
  18. ↑ जय भीम का नारा लगा करे, भारत की बस्ती-बस्ती में - बिहारी लाल हरित. dalitsahitya.in
  19. ↑ 'जय भीम' हा नारा कुणी दिला? 'जय भीम' म्हणण्याची पद्धत केव्हापासून सुरू झाली?. BBC News मराठी
  20. ↑ (2017-08-21). BOLE INDIA JAI BHIM MUSIC LAUNCHED ! · CINENEWS.CO.IN
  21. ↑ Wankhede, Harish S. (2021-11-10). A slogan no longer sectarian. The Hindu
  22. ↑ From 'Jai Samvidhan' To 'Jai Bheem', MPs Raise Slogans In Lok Sabha During Oath. www.ndtv.com
  23. ↑ (2024-06-25). From 'jai samvidhan' to 'jai bhim', Rahul Gandhi, other MPs raise slogans in LS during oath. The Indian Express
  24. ↑ Shinde, Ravikiran. (2024-07-01). Jai Bhim, Jai Samvidhan—slogans that non-Dalits wouldn't touch have now entered Parliament. ThePrint

সম্পৰ্কিত শ্ৰেণী

শ্লোগান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয় ভীম” প্ৰবন্ধৰ সংশোধন ৬৩২৮৭১ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।