অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

হিন্দুস্তান জিন্দাবাদ

হিন্দুস্তান জিন্দাবাদ (Hindustan Zindabad) হৈছে এটা হিন্দুস্তানী ব্যাকাংশ বা খণ্ড-বাক্য আৰু যুদ্ধকালীন হুংকাৰ (battle cry)৷ ভাৰতৰ প্ৰতি প্ৰদৰ্শন কৰা দেশপ্ৰেমমূলক বক্তব্য আৰু যোগাযোগৰ ক্ষেত্ৰত ভাৰতত এইটো ব্যাকাংশ সততে ব্যৱহৃত হয়৷ ইয়াৰ অৰ্থ হৈছে-ভাৰত দীৰ্ঘায়ু হওক৷ এইটো এটা ৰাষ্ট্ৰীয়তাবাদী…

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৩৮
সংশোধনৰ পৰামৰ্শ

হিন্দুস্তান জিন্দাবাদ (Hindustan Zindabad) হৈছে এটা হিন্দুস্তানী ব্যাকাংশ বা খণ্ড-বাক্য আৰু যুদ্ধকালীন হুংকাৰ (battle cry)৷ ভাৰতৰ প্ৰতি প্ৰদৰ্শন কৰা দেশপ্ৰেমমূলক বক্তব্য আৰু যোগাযোগৰ ক্ষেত্ৰত ভাৰতত এইটো ব্যাকাংশ সততে ব্যৱহৃত হয়৷ ইয়াৰ অৰ্থ হৈছে-ভাৰত দীৰ্ঘায়ু হওক৷১ এইটো এটা ৰাষ্ট্ৰীয়তাবাদী শ্ল'গান৷ ২প্ৰাক্-ঔপনিৱেশিক ভাৰতৰ কৃষক বিদ্ৰোহৰ কিছুমান ৰাষ্ট্ৰীয়তাবাদী আন্দোলনত এই শ্লোগান সততে দিয়া হৈছিল৷৩ শ্লোগানৰ আন কিছুমান বিবিধতা হৈছে জয় হিন্দ আৰু ভাৰত জিন্দাবাদ৷৪ এনেধৰণৰ শ্লোগানসমূহ ভাৰতে ক্ৰিকেট খেলত অংশ লোৱাৰ মুহূৰ্ততো শুনিবলৈ পোৱা যায়৷৪৫

ব্যুৎপত্তি

হিন্দুস্তান শব্দটোৱে ১৯৪৭ চনৰ পৰৱৰ্তী ভাৰত গণতন্ত্ৰক বুজাইছে৷ ইয়াক পুৰণি পাৰ্চী শব্দ "হিন্দু"ৰ পৰা গ্ৰহণ কৰা হৈছে বুলি বিশ্বাস কৰা হৈছে৷ যিটো শব্দৰ আকৌ উৎপত্তিস্থল হৈছে সংস্কৃত ভাষাৰ সিন্ধু৷ সিন্ধুৱে সিন্ধু নদীক বুজায়৷৬ প্ৰাচীন পাৰ্চিয়ানসকলে সিন্ধু নদীৰ বাহিৰত থকা লোকসকলক "Hinduš" বুলি অভিহিত কৰিছিল৷ এই শব্দটোৰ পাছত এভেষ্টানীয় শব্দ ''stān (সংস্কৃত মূলৰ "sthān"ৰ একগোত্ৰীয়, যাৰ অৰ্থ হৈছে-ঠাই) সংযুক্ত হৈ হিন্দুস্তান হৈ পৰিল৷ ৭ অৰ্থাৎ হিন্দুস্তানৰ অৰ্থ হৈছে-সিন্ধুৰ সিপাৰে (পাৰ্ছিয়াৰ পৰা) থকা ভূমি৷

জিন্দাবাদ হৈছে উৰ্দু আৰু পাৰ্চী অনুসৰ্গ, যাক সাধাৰণতে মানুহ বা দেশৰ নামৰ পিছত সংযুক্ত কৰা হয়৷ ইয়াৰ দ্বাৰা বিজয়, দেশভক্তি আৰু কোনোবা সময়ত প্ৰাৰ্থনাক বুজোৱা হয়৷৮

তথ্যসূত্ৰ

  1. ↑ Sarina Singh. (2009). Lonely Planet India. Lonely Planet. পৃ. 276. ISBN 9781741791518
  2. ↑ Christine Everaer. (2010). Tracing the Boundaries Between Hindi and Urdu: Lost and Added in Translation Between 20th Century Short Stories. BRILL. পৃ. 82. ISBN 9789004177314
  3. ↑ Debal K. Singha Roy. (2004). Peasant Movements in Post-Colonial India: Dynamics of Mobilization and Identity. SAGE. পৃ. 61. ISBN 9780761998273
  4. ↑ Nikhita Sanotra. (3 April 2011). India Zindabad! rings across Dubai after cricket victory. Yahoo! News
  5. ↑ (24 March 2011). World Cup semifinal: Mohali citizens throw open homes to Pak fans. Indian Express
  6. ↑ Lipner 1998, পৃ. 7–8
  7. ↑ Unlimited: What does -istan" mean as in Pakistan, Uzbekistan or Afghanistan?. Guardian
  8. ↑ (2012-05-08). Pakistan, India have no option but to promote peace: Shahbaz. Thenews.com.pk

সম্পৰ্কিত শ্ৰেণী

শ্লোগান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিন্দুস্তান জিন্দাবাদ” প্ৰবন্ধৰ সংশোধন ৬০২৮১৭ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।