বিষুক্কানী (Vishukkani) হৈছে ১৯৭৭ চনত মুক্তিপ্ৰাপ্ত জে. শশীকুমাৰৰদ্বাৰা পৰিচালিত আৰু আৰ. এম. সুন্দৰমৰদ্বাৰা প্ৰযোজিত এখন ভাৰতীয় মালয়ালম ভাষা ভাষাৰ ছবি। ছবিখনত অভিনয় কৰিছে প্ৰেম নাজিৰ, শাৰদা, থিক্কুৰিছী সুকুমাৰন নাইৰ আৰু শংকৰাডিয়ে। এইখন তামিল ছবি কৰ্পগমৰ পুনৰ্নিৰ্মাণ।১
কাহিনীৰ সাৰাংশ
ৰাজেন্দ্ৰ পণিক্কৰ (থিক্কুৰিছী সুকুমাৰন নাইৰ) গাঁৱৰ এজন প্ৰভাৱশালী কৃষক, যি তেওঁৰ জীয়ৰী ৰাধিকা (বিধুবালা) আৰু পুত্ৰ ৰাধাকৃষ্ণণৰ (এম. জি. সোমন) সৈতে বসবাস কৰে। গোপী (প্ৰেম নাজিৰ) নামৰ এজন দক্ষ ডেকা কৃষকে ৰাধিকাক বিবাহ কৰায় আৰু পণিক্কৰৰ অনুৰোধমৰ্মে ঘৰ-সংসাৰ তথা খেতি-বাতিৰ দায়িত্ব গ্ৰহণ কৰে। ইফালে, ৰাধাকৃষ্ণণে জয়া (শ্ৰীলতা নম্বুথিৰী) নামৰ এগৰাকী প্ৰৱঞ্চক চহৰীয়া ব্যক্তি প্ৰভাকৰণ পিল্লাইৰ (শংকৰাডি) জীয়ৰীক বিয়া কৰায়, যিয়ে পণিক্কৰৰ সম্পত্তি হস্তগত কৰিবলৈ ষড়যন্ত্ৰ কৰি থাকে। জয়াৰ 'অম্বিলী' নামৰ এগৰাকী কন্যা সন্তানৰ জন্ম হয় যদিও তাই শিশুটিক অৱহেলা কৰে। ৰাধিকা নিজে সন্তানহীন হোৱা সত্ত্বেও অম্বিলীক অতি মৰমেৰে ডাঙৰ-দীঘল কৰে, যাৰ ফলত অম্বিলীয়ে ৰাধিকা আৰু গোপীক নিজৰ প্ৰকৃত পিতৃ-মাতৃ বুলি ভাবিবলৈ লয়। কিন্তু ভনীয়েকৰ প্ৰতি হিংসা আৰু শহুৰেকৰ কু-পৰামৰ্শত ৰাধাকৃষ্ণণে নিজৰ সম্পত্তিৰ ভাগ বিচাৰি জয়া আৰু অম্বিলীক লৈ ঘৰৰপৰা আঁতৰি যায়। ৰাধিকা শোকাস্তব্ধ হৈ পৰে আৰু মানসিক বিষাদগ্ৰস্ততাত ভোগে। অৱশেষত, অম্বিলীক পুনৰ পণিক্কৰৰ পৰিয়াললৈ ঘূৰাই অনা হয়।
এক কৰুণ পৰিস্থিতিত, অম্বিলীক এটা ষাঁড় গৰুৰ আক্ৰমণৰপৰা ৰক্ষা কৰিবলৈ গৈ ৰাধিকাৰ মৃত্যু হয়। শোকাতুৰ পণিক্কৰে অম্বিলীৰ দেখা-শুনাৰ বাবে গোপীক পুনৰ বিবাহ কৰাবলৈ বাধ্য কৰায়। গোপীয়ে অৱসৰপ্ৰাপ্ত জিলা সংগ্ৰাহকৰ জীয়ৰী তথা ৰাধিকাৰ বান্ধৱী ৰজনীক (শাৰদা) বিয়া কৰায়। আৰম্ভণিতে আঁতৰি থাকিলেও ক্ৰমে ৰজনী অম্বিলীৰ সৈতে নিবিড়ভাৱে বান্ধ খাই পৰে। কিন্তু গোপীয়ে আৱেগিকভাৱে দূৰত্ব বজাই ৰাখে। ইফালে, ৰাধাকৃষ্ণণ আৰু প্ৰভাকৰণ পিল্লায়ে পণিক্কৰক প্ৰৱঞ্চনা কৰাৰ পৰিকল্পনা কৰে—কিন্তু তেওঁলোকৰ এই চেষ্টা ব্যৰ্থ হয়। তাৰ উপৰি, প্ৰভাকৰণ পিল্লায়ে গোপীক আক্ৰমণ কৰিবলৈ গুণ্ডা নিয়োগ কৰে।
এদিন নিশা পথাৰত বিপদৰফালে ঢাৱমান হোৱা অম্বিলীয়ে গোপীৰ ওপৰত হোৱা আক্ৰমণ প্ৰত্যক্ষ কৰে। ৰজনী সঠিক সময়ত উপস্থিত হৈ এখন জ্বলন্ত গৃহৰপৰা গোপী আৰু অম্বিলী উভয়কে উদ্ধাৰ কৰে, আনকি নিজে কটাৰীৰ আঘাতো মূৰ পাতি লয়। আৰক্ষী উপস্থিত হৈ অপৰাধীসকলক গ্ৰেপ্তাৰ কৰে। চিকিৎসালয়ত অম্বিলীয়ে ৰজনীক "মা" বুলি মতাৰ লগে লগে ৰজনীৰ চেতনা ঘূৰি আহে। নিজৰ ভুল বুজি পোৱা ৰাধাকৃষ্ণণ আৰু জয়া পৰিয়ালৰ সৈতে পুনৰ একত্ৰিত হয় আৰু ছবিখনৰ কাহিনীৰ এক আৱেগিক আৰু সুখকৰ সমাপ্তি ঘটে।
চৰিত্ৰ
- গোপীৰ চৰিত্ৰত প্ৰেম নাজিৰ\ৰাজনীৰ চৰিত্ৰত শাৰদা
- ৰাধিকাৰ চৰিত্ৰত বিধুবালা
- ৰাজেন্দ্ৰ পানীকৰৰ চৰিত্ৰত থিক্কুৰিছি সুকুমৰণ নাইৰ
- কুৰুপৰ চৰিত্ৰত আদূৰ ভাছি
- প্ৰভাকৰন পিল্লাই হিচাপে শংকৰড়ী
- ৰাধাকৃষ্ণনৰ চৰিত্ৰত এম জি সোমন
- জয়াৰ চৰিত্ৰত শ্ৰীলথা নম্বুথিৰি
- কালেক্টৰ জনাৰ্ধনন নাইৰ হিচাপে বীৰাণ
- গীতাৰ চৰিত্ৰত ৰীনা
- কডুভাকুলাম এণ্টনি
- আম্বিলি হিচাপে মাষ্টৰ কুমাৰ
সংগীত
সংগীত সলিল চৌধুৰী আৰু গীতৰ কথা লিখিছিল শ্ৰীকুমাৰন থাম্পীয়ে।২
| Song | Singers |
|---|---|
| "কন্নিল পৌভু" | বাণী জয়ৰাম |
| "মালাৰকোডি মেৰু" | কে. জে জেছুদাছ |
| "মালাৰকোডি মেৰু" | এছ. জনাকী |
| "মুন্নোট্টু মুন্নোট্টু" | কে জে য়েছুডাছ, কোৰাছ |
| "পন্নুশাছিন" | পৃ. জয়চন্দ্ৰন |
| "পূভিলি পূভিলি" | কে জে য়েছুডাছ, কোৰাছ |
| "ৰাপ্পাদি পাদুন্না" | পৃ. সুশীলা |
তথ্যসূত্ৰ
- ↑ Vijayakumar, B. (14 April 2014). Vishukkani (1977). দ্য হিন্দু
- ↑ വിഷുക്കണി (1977). malayalasangeetham.info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষুক্কনি” প্ৰবন্ধৰ সংশোধন ৬৩৮৩৭৫ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।