মানৱ যৌনতা
৪৪ প্ৰবন্ধ
-
মানৱ যৌনতাৰ প্ৰবন্ধ সূচী
মানৱ যৌনতাই মানুহৰ যৌনতা আৰু যৌন আচৰণৰ শাৰীৰিক, মানসিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, দাৰ্শনিক, নৈতিক, নৈতিক, ধৰ্মতত্ত্ব, আইনী আৰু আধ্যাত্মিক বা ধৰ্মীয় দিশকে ধৰি বহুতো বিষয় সামৰি লয়। মানৱ যৌনতা সম্পৰ্কীয় প্ৰবন্ধসমূহৰ ভিতৰত আছে:
-
মুক্ত সম্পৰ্ক
মুক্ত সম্পৰ্ক (Open relationship) হ’ল এক অন্তৰংগ সম্পৰ্ক যিনেকি যৌনভাৱে বহুগামী। অৱশ্যে এই শব্দটো বহুবিবাহৰ পৰা পৃথক, কাৰণ ই সাধাৰণতে এনে সম্পৰ্কক বুজায় য’ত দুজন সংগীৰ মাজত প্ৰাথমিক আৱেগিক আৰু ঘনিষ্ঠ সম্পৰ্ক থাকে, ইয়াৰোপৰি আন মানুহৰ সৈতে যৌন বা আৱেগিক ঘনিষ্ঠতাৰ সম্ভাৱনাৰ প্ৰতিও দুয়োৰে মাজত…
-
যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী
যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী (Feminist views on the sex industry) বহু পৰিমাণে ভিন্ন হোৱা পৰিলক্ষিত হয়। এই দৃষ্টিভংগী প্ৰয়োগ কৰা নাৰীবাদৰ ধৰণটোৰ ওপৰত নিৰ্ভৰশীল।
-
যৌন শুদ্ধিকৰণ
যৌন শুদ্ধিকৰণ বা কুচাচা ফুম্বি (Sexual cleansing) কিছুমান আফ্ৰিকান দেশত প্ৰচলিত এক পৰম্পৰা। এই পৰম্পৰা অনুসৰি ছোৱালী বা মহিলা এগৰাকীক তেওঁৰ প্ৰথম ঋতুস্ৰাৱৰ পিছত, বিধৱা হোৱাৰ পিছত, বা গৰ্ভপাত কৰাৰ পিছত তেওঁলোকক পৱিত্ৰ কৰাৰ ৰীতি হিচাপে যৌন সম্ভোগৰ কৰি শুদ্ধিকৰণ কৰা হয়।
-
ৰতিৰহস্য
ৰতিৰহস্য (रतिरहस्य) হ'ল ইংৰাজীত Secrets of Love নামেৰে অনুবাদিত, আৰু কোক শাস্ত্ৰ নামেও জনাজাত যৌনতা সম্পৰ্কীয় গ্ৰন্থ। এইখন গ্ৰন্থ প্ৰাৰম্ভিক মধ্যযুগীয় কাশ্মীৰী পণ্ডিত তথা কবি কোক্কোকাই ৰচনা কৰিছিল, যি কোক পণ্ডিত নামৰেও জনাজাত।
-
ৰাজনৈতিক লেচবিয়ানবাদ
ৰাজনৈতিক লেচবিয়ানবাদ নাৰীবাদৰ ভিতৰৰ এটা পৰিঘটনা, মূলতঃ দ্বিতীয় ঢৌৰ নাৰীবাদ আৰু উগ্ৰ নাৰীবাদ; ইয়াত লেচবিয়ান বিচ্ছিন্নতা অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু ইয়াতেই সীমাবদ্ধ নহয়।
-
ইভন কে ফুলব্ৰাইট
ড° ইভন কে ফুলব্ৰাইট এগৰাকী আইচলেণ্ডীয়-আমেৰিকান যৌনবিজ্ঞানী, লেখিকা আৰু টেলিভিছন ব্যক্তিত্ব।
-
নগ্ন
নগ্ন (Nude) শব্দটি সাধাৰণতে মানুহৰ শৰীৰত কোনো পোছাক বা আচ্ছাদন নথকাৰ অৱস্থা বুজাবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে নগ্নতা হৈছে মানুহৰ কাপোৰ নোহোৱা অৱস্থা, যি নগ্ন শব্দৰ বিশেষণ ৰূপে ব্যৱহৃত হয়৷ অনুমান বেলেগ বেলেগ হ’লেও প্ৰাক-ইতিহাসৰ প্ৰথম ৯০,০০০ বছৰত শাৰীৰিকভাৱে মানুহ উলংগ আছিল।
-
ফেমিনাইজেচন
ফেমিনাইজেচন (ইংৰাজী: Feminization), যাক কেতিয়াবা বাধ্যতামূলত ফেমিনাইজেচন (চমুকৈ ফৰ্চফেম) বুলিও কোৱা হয় আৰু চিচিফিকেচন নামেৰেও জনাজাত, হ’ল প্ৰভুত্ব আৰু বশ্যতা বা কিংক যৌন উপ-সংস্কৃতিৰ এক অনুশীলন।
-
বাংলাদেশত যৌনতা
বাংলাদেশত যৌনতা মূলতঃ ধৰ্ম আৰু সংস্কৃতিৰদ্বাৰা প্ৰভাবিত। বাংলাদেশৰ সংস্কৃতি প্ৰধানকৈ ৰক্ষণশীল আৰু পিতৃতান্ত্ৰিক। যৌন শিক্ষা, ৰোমাণ্টিক সম্পৰ্ক আৰু যৌন আচৰণকে ধৰি কেইবাটাও বিষয়ক নিষিদ্ধ বুলি গণ্য কৰা হয়।
-
বিবাহ বজাৰ
বিবাহ বজাৰ হ’ল এনে এখন ৰাজহুৱা স্থান য’ত পিতৃ-মাতৃয়ে সন্তানৰ বাবে বৈবাহিক পত্নী বিচাৰি উলিওৱাৰ লক্ষ্যৰে বিজ্ঞাপন তালিকাভুক্ত কৰে। তাৰ পিছত মানুহে তাত গোট খায় আৰু তালিকাসমূহ পঢ়ে, প্ৰায়ে বৈবাহিক মিল বিচাৰি পোৱাৰ আশাত।
-
বিভাজিত আকৰ্ষণ আৰ্হি
বিভাজিত আকৰ্ষণ আৰ্হি (ইংৰাজী: Split attraction model; চমুকৈ SAM) হ’ল মনোবিজ্ঞানৰ এক আৰ্হি যিয়ে এজন ব্যক্তিৰ ৰোমাণ্টিক আকৰ্ষণ আৰু যৌন আকৰ্ষণৰ মাজত পাৰ্থক্য দেখুৱায়, যাৰ ফলত এই দুই প্ৰকাৰৰ আকৰ্ষণ ইটোৰ পৰা সিটো পৃথক হ’ব পাৰে।
-
ভাৰতীয় মনোৰঞ্জনত যৌনতা
ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছনত, যৌনতাৰ চিত্ৰণ সম্পৰ্কে নিষেধাজ্ঞা কমি আহিছে। কিন্তু নগৰীয়া উচ্চ শ্ৰেণীৰ ওপৰত গুৰুত্ব আৰোপ কৰি বলীউডৰ বহু ছবিত বেছিভাগ ভাৰতীয়ই যৌনতাৰ প্ৰকৃত মূল্যবোধৰ চিত্ৰণ দাঙি ধৰা কমেই পৰিলক্ষিত হয়।
-
যৌন বৈচিত্ৰ্য
যৌন বৈচিত্ৰ্য (ইংৰাজী: Sexual diversity) বা লিংগ আৰু যৌন বৈচিত্ৰ্য (ইংৰাজী: Gender and sexual diversity; চমুকৈ GSD) বুলিলে যৌন বৈশিষ্ট্য, যৌন অভিমুখিতা আৰু লিংগ পৰিচয়ৰ সকলো বৈচিত্ৰ্যক বুজায়। এই বহুত্ব গঠন কৰা প্ৰতিটো পৰিচয়, আচৰণ বা বৈশিষ্ট্যক পৃথকে উল্লেখ নকৰাকৈয়ে এই ধাৰণাটোৱে সকলোকে সামৰি লয়।