যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী (Feminist views on the sex industry) বহু পৰিমাণে ভিন্ন হোৱা পৰিলক্ষিত হয়। এই দৃষ্টিভংগী প্ৰয়োগ কৰা নাৰীবাদৰ ধৰণটোৰ ওপৰত নিৰ্ভৰশীল। যৌন বজাৰক যোগান আৰু চাহিদাৰ ব্যৱস্থা হিচাপে সংজ্ঞায়িত কৰা হয়, যিটো ব্যৱস্থা 'যৌন কৰ্ম'ক পণ্য হিচাপে গ্ৰহণ কৰাৰ ফলত সৃষ্টি হৈছে।১২ যৌন বজাৰখনক প্ৰত্যক্ষ যৌন বজাৰ (যিটো মূলতঃ পতিতাবৃত্তিৰ ক্ষেত্ৰত প্ৰযোজ্য) আৰু পৰোক্ষ যৌন বজাৰ (যিটো লেপ ডান্সিঙৰ দৰে সেৱা আগবঢ়োৱা যৌন ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰযোজ্য) হিচাপে পৃথক কৰিব পাৰি। যৌন বজাৰৰ চূড়ান্ত উপাদান হৈছে পৰ্ণগ্ৰাফী উৎপাদন আৰু বিক্ৰী।৩ যৌন বজাৰত "স্বায়ত্ত্বশাসিত" আৰু "অস্বায়ত্ত্বশাসিত" যৌন ব্যৱসায় দুয়োটাৰে ক্ষেত্ৰত ব্যাপকতা প্ৰদান কৰা স্পষ্ট আৰু অন্তৰ্নিহিত নাৰীবাদী দৃষ্টিভংগীৰ বহুতো নথিভুক্ত দৃষ্টান্ত আছে।
পতিতাবৃত্তিৰ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীৰ বৈচিত্ৰ্য আছে। এই পদসমূহৰ বহুতকে শিথিলভাৱে এটা সামগ্ৰিক দৃষ্টিভংগীত সজাই ল'ব পাৰি, যি সাধাৰণতে পতিতাবৃত্তি আৰু যৌন কামৰ সমালোচনাত্মক বা সমৰ্থনকাৰী হিচাপে দৃষ্টিগোচৰ হয়।৪ পতিতাবৃত্তিক কেন্দ্ৰ কৰি হোৱা বক্তৃতা-ভাষ্য প্ৰায়ে যৌনকৰ্মীক মহিলা বুলি ধৰি লৈ আলোচনা কৰা হয়। কিন্তু যৌন কৰ্ম আৰু পতিতাবৃত্তিৰ ক্ষেত্ৰত থকাসকল সদায়েই মহিলা নহয়।
পতিতাবৃত্তি-বিৰোধী নাৰীবাদীসকলৰ মতে পতিতাবৃত্তি হৈছে নাৰীৰ শোষণ আৰু নাৰীৰ ওপৰত পুৰুষৰ আধিপত্যৰ এক প্ৰকাৰ, আৰু ই বৰ্তমানৰ পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ফল। এইসকল নাৰীবাদীয়ে যুক্তি আগবঢ়ায় যে পতিতাবৃত্তিৰ ফলত পতিতা আৰু সামগ্ৰিকভাৱে সমাজৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে। কিয়নো ই নাৰীৰ বিষয়ে কু-সংস্কাৰপূৰ্ণ দৃষ্টিভংগীক শক্তিশালী কৰে, যিসকলক পুৰুষে ব্যৱহাৰ আৰু নিৰ্যাতন চলাবলগীয়া যৌন বস্তু হিচাপে গণ্য কৰে।
পতিতাবৃত্তি সমৰ্থক নাৰীবাদীসকলৰ মতে পতিতাবৃত্তি আৰু অন্যান্য ধৰণৰ যৌন কৰ্মত জড়িত হোৱাটো মহিলা আৰু পুৰুষৰ বাবে বৈধ পছন্দ হ’ব পাৰে। এই দৃষ্টিভংগীত পতিতাবৃত্তিক বলপূৰ্বক পতিতাবৃত্তিৰ পৰা পৃথক কৰিব লাগিব আৰু নাৰীবাদীসকলে যৌন উদ্যোগ আৰু আইনী ব্যৱস্থা উভয়ৰে নিৰ্যাতনৰ বিৰুদ্ধে যৌনকৰ্মী সক্ৰিয়তাক সমৰ্থন কৰিব লাগিব।
উক্ত দুই নাৰীবাদী স্থিতিৰ মাজৰ মতানৈক্য বিতৰ্কিত বুলি প্ৰমাণিত হৈছে আৰু বিংশ শতিকাৰ শেষৰ ফালে নাৰীবাদী যৌন যুদ্ধ (যৌন বিষয়ক লৈ হোৱা তিক্ত বিতৰ্ক)ৰ সৈতে ইয়াক তুলনা কৰিব পাৰি।৫
যৌন বজাৰৰ প্ৰতি নাৰীবাদী সঁহাৰি
উগ্ৰ নাৰীবাদ
উগ্ৰ নাৰীবাদে পতিতাবৃত্তি আৰু ইয়াৰ সম্প্ৰসাৰণৰ দ্বাৰা যৌন বজাৰক পিতৃতন্ত্ৰৰ বজাৰ বুলি দাবীসহকাৰে কয়। ইয়াৰ জৰিয়তে নাৰীক অধীনস্থ আৰু হিংসাৰ বলি হোৱাৰ আদৰ্শ প্ৰদৰ্শন হিচাপে গ্ৰহণ কৰা হৈছে।৬উল্লেখযোগ্য যে, উগ্ৰ নাৰীবাদী আন্দ্ৰেয়া ড্ৱৰ্কিনে যুক্তি আগবঢ়ায় যে লিংগ সমতা লাভ কৰিবলৈ হ’লে নাৰীৰ যৌন অধীনস্থতা অতিক্ৰম কৰিব লাগিব। মহিলাৰ শৰীৰক পণ্য হিচাপে গঢ়ি তোলা যৌন বজাৰখন সেয়েহে উগ্ৰ নাৰীবাদৰ সৈতে অসঙ্গতিপূৰ্ণ।৬৭
উদাৰ নাৰীবাদ
উদাৰ নাৰীবাদে পুঁজিবাদী গণতন্ত্ৰক লিংগ বৈষম্যৰ সৈতে জড়িত ব্যক্তিৰ অধিকাৰ সুৰক্ষিত কৰা আইন প্ৰণয়ন কৰিবলৈ সক্ষম আৰু প্ৰবল বুলি ভাবে আৰু ইয়াৰ ভিতৰত যৌন বজাৰৰ ভিতৰত কাম কৰা মহিলাসকলক সুৰক্ষা দিয়াটোও অন্তৰ্ভুক্ত।৮ নাৰীবাদী লেখিকা মাৰ্থা নুছবামে যুক্তি দিছে যে- যৌন বজাৰত নাৰীৰ স্বায়ত্ত্বশাসন আৰু যৌন সুস্থতা ক্ষতিগ্ৰস্ত হোৱাটো ইমান উচ্চ দৃষ্টান্ত হিচাপে দেখাৰ কাৰণ হ’ল নাৰীৰ যৌন প্ৰকাশৰ ভয়ত শিপাই থকা সামাজিক কলংক। আৰু যৌন বজাৰৰ সেৱা অইন যিকোনো ধৰণৰ শ্ৰমৰ দৰে সন্মানযোগ্য সেৱা।৯
আধিপত্য নাৰীবাদ
আধিপত্য নাৰীবাদে বিশ্বৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক গাঁথনি পিতৃতন্ত্ৰৰ সংহত প্ৰচেষ্টাৰ বাবে নাৰীৰ বিৰুদ্ধে বৈষম্যমূলক বুলি ভাবে আৰু সেয়েহে যৌন বজাৰত নাৰীৰ বিৰুদ্ধে হোৱা বৈষম্য পুৰুষৰ আধিপত্যৰ উপজাত হিচাপে প্ৰকাশ কৰে।১০ নাৰীবাদী লেখিকা কেথাৰিন এ মেককিননে কোৱাৰ দৰে যৌন বজাৰক নাৰীবাদী বুলি চাব নোৱাৰি কাৰণ নাৰীৰ ওপৰত পুৰুষৰ যৌন আধিপত্যই হৈছে এই বজাৰখনে কাম কৰি থকাৰ মূল কাৰক।১১
তথ্যসূত্ৰ
- ↑ Seabrook, Jeremy. (2001). Travels in the skin trade: tourism and the sex industry. Pluto. ISBN 9781783716050
- ↑ Kotiswaran, Prabha. (2011). Dangerous sex, invisible labor: sex work and the law in India. Princeton University Press. ISBN 9781400838769
- ↑ Brents, Barbara G.; Sanders, Teela. (2010). Mainstreaming the Sex Industry: Economic Inclusion and Social Ambivalence. Journal of Law and Society. পৃ. 40–60
- ↑ O’Neill, Maggie. (2001). Prostitution and Feminism. Polity Press. পৃ. 14–16. ISBN 978-0-7456-1204-1
- ↑ Alexander, Priscilla. (1997). Whores and Other Feminists. Routledge. পৃ. 83–90. ISBN 978-0-415-91821-3
- ↑ Beloso, Brooke Meredith. (2012). Sex, Work, and the Feminist Erasure of Class. Signs: Journal of Women in Culture and Society. পৃ. 47–70
- ↑ Dworkin, Andrea. (1985). Against the male flood: censorship, pornography and equality
- ↑ Popa, Bogdan. (2017-06-01). Shame. Edinburgh University Press. ISBN 978-1-4744-1982-6
- ↑ Nussbaum, Martha C. (2017-11-28). "Whether from Reason or Prejudice": Taking Money for Bodily Services. Gender and Rights. Routledge. পৃ. 451–482. ISBN 978-1-351-15772-8
- ↑ Huberman, Stephanie M. (2019-08-23). Stalking Laws. The Encyclopedia of Women and Crime. John Wiley & Sons, Inc. পৃ. 1–2. ISBN 978-1-118-92980-3
- ↑ MacKinnon, Catharine A. (March 1991). Reflections on Sex Equality under Law. The Yale Law Journal. পৃ. 1281–1328
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী” প্ৰবন্ধৰ সংশোধন ৬৩২১০০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।