কন্ধ এবিধ অপশক্তি বা ভূতৰ এক প্ৰকাৰ৷ কন্ধ শব্দটো ‘কবন্ধ’ শব্দৰ পৰা অহা৷ ই মূৰ নথকা ভূত৷ এহেজাৰ মানুহ য’ত বধ কৰা হয়, তাতে এটা কন্ধ হয় বুলি বিশ্বাস কৰা হয়৷১ পৃথিৱীৰ সকলো ঠাইতে কম-বেছি পৰিমাণে অপশক্তি বা ভূত আছে বুলি বিশ্বাস কৰা হয়৷ অসমৰ জনবিশ্বাসত ’কন্ধ’ এক ভয়াল অপকাৰী ভূত৷
শাৰীৰিক বৰ্ণনা
যদিও অপশক্তিবোৰৰ শাৰীৰিক অৱস্থিতি বিজ্ঞানসন্মত নহয়, তথাপি জনবিশ্বাসমতে, প্ৰায়বোৰ ভূতৰে কিছুমান অৱয়ব আছে বুলি জনসমাজত এক ধাৰণা প্ৰচলিত হৈ আছে৷ কন্ধ নামৰ ভূতটো দেখাত অতি ভয়লগা৷ ইয়াৰ মূৰ নাই৷ ডিঙিৰ পৰা শৰীৰৰ তলৰ অংশ আছে৷ ইয়াৰ চকু মুখ বুকুতে থাকে৷২ চকু দুটা ডাঙৰ ডাঙৰ আৰু ট টকৈ জ্বলি থাকে৷ কন্ধই বৰ বিকট চিঞৰ মাৰে৷ শুনিলে মানুহৰ কাণ ফাটি যায়৷৩
কন্ধ থকা ঠাই
সাধাৰণতে অশৰীৰীবোৰ জয়াল ঠাইত থাকে৷ কন্ধ কমেও এশ মৰিশালি থকা জয়াল ঠাইত নাইবা কোনো নিৰ্জন জলাশয়ৰ পাৰত থাকে বুলি বিশ্বাস কৰা হয়৷৪ এনে জয়াল ঠাইৰ ওখ আঁহত গছ, ঔ গছ, হিদল গছ, সৌৰা গছ, বাঁহগছ আদিত থাকে৷ সাধাৰণতে অপশক্তিবোৰ অদৃশ্য হৈ থাকে আৰু এনে অৱস্থাতে ইহঁতে মানুহৰ ক্ষতি কৰে৷৫
অপকাৰ
অসমৰ জনবিশ্বাসমতে, শনিবাৰ, মঙলবাৰ, কালসন্ধিয়া বা ভৰদুপৰীয়া অশৰীৰীবোৰ পিয়াপি দি ফুৰে আৰু তেতিয়াই মানুহ কাষেদি গ’লে বা অশৰীৰী থকা গছৰ গুৰিত শৌচ-প্ৰস্ৰাব কৰিলে আৰু অশৰীৰীৰ ছাঁ গছকিলে অপশক্তি মানুহজনৰ গাত লম্ভে৷ ভৰদুপৰীয়া, কালসন্ধিয়া বা শনি-মঙলবাৰে অশৰীৰীয়ে নিজৰূপ লৈ বিচৰণ কৰোঁতে কেতিয়াবা মানুহে ইয়াৰ ৰূপ দেখা পায় আৰু ভয়ত কাতৰ হৈ পৰে৷
প্ৰতিকাৰ
অপশক্তিবোৰে মানুহৰ গাত লম্ভিলে বেজে মঙল চাই কোন অপশক্তিৰ কবলত মানুহজন পৰিছে, পোনতে তাক নিৰ্ণয় কৰে৷ সেইমতে বিভিন্ন অপশক্তিৰ বেলেগ বেলেগ বিধান দিয়া হয়৷ কন্ধৰ বাবে বিশেষ বিধান নাই৷ ইয়াক আঁতৰাবলৈ অন্যান্য অপশক্তিক খেদাৰ দৰেই বিহলঙণি, সৌৰা গছৰ ঠাৰিৰে ভূত লম্ভা মানুহজনক কোবোৱা হয়৷ “যাবিনে নাযাৱ ক'” বুলি বেজে ক্ৰমান্বয়ে জোৰেৰে কোবোৱা আৰম্ভ কৰে আৰু শুকান জলকীয়া পুৰি ধোঁৱা দিয়া হয়৷ তাৰপাছত এটা সময়ত অপশক্তিয়ে মানহজনক এৰি আঁতৰি যায় আৰু তাৰ চিনস্বৰূপে ঘৰৰ কাষৰ কলগছ বা আন গছৰ ডাল ভাঙি থৈ যায়৷ অপশক্তিয়ে ক্ষতি নকৰিবলৈ মিঠাতেল আৰু সৰিয়হ খাবলৈ দিয়ে আৰু হাতত ৰঙা-ক’লা সূতাৰ ডোল বান্ধি দিয়ে৷৬ কন্ধকে আদি কৰি ভূত=প্ৰেতে নধৰিবলৈ অতীজৰে পৰা গ্ৰাম্য জনজীৱনত লোকসকলে ৰাতি=বিয়লি বাহিৰলে গ’লে হাতত কটাৰী, সৰিয়হ আৰু জুই লৈ বাহিৰ হোৱাৰ বিশ্বাস চলি আহিছে৷
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কন্ধ” প্ৰবন্ধৰ সংশোধন ৩৪৯২৭৪ (১৮ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।