অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ধনগুলৈ

ধনগুলৈ ( jack-o’-lantern, friar’s lantern, will-o’-the-wisp) পচা বস্তু আদি থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বায়ুবাষ্পৰ সংস্পৰ্শত জ্বলি উঠাৰ ফলত সৃষ্টি হোৱা জুই। পতিত বা পৰিত্যক্ত জলাহভূমিত মাজে মাজে ৰাতি এনে অস্থায়ী অগ্নিশিখা দেখা যায়।

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ধনগুলৈ ( jack-o’-lantern, friar’s lantern, will-o’-the-wisp)১ পচা বস্তু আদি থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বায়ুবাষ্পৰ সংস্পৰ্শত জ্বলি উঠাৰ ফলত সৃষ্টি হোৱা জুই। পতিত বা পৰিত্যক্ত জলাহভূমিত মাজে মাজে ৰাতি এনে অস্থায়ী অগ্নিশিখা দেখা যায়। ইয়াক অন্যান্য নাম যেনে- উকধনগুলৈ, গুলৈ, আধামূৰী, আধা-মূৰীয়া, আধামুণ্ডী আদিৰেও জনা যায়।১ pronamika dutta

সৃষ্টিৰ প্ৰক্ৰিয়া

জৈৱ পদাৰ্থৰ, বিশেষকৈ, প্ৰাণীদেহৰ পচনৰ ফলত ফছফিন বা মিথেন বা মাৰ্ছ গেছ উৎপন্ন হয় (শুকান ঠাইত সাধাৰণতে ফছফিন আৰু জলাহ অঞ্চল হ'লে মিথেন গেছ উৎপন্ন হয়)। এই দুয়োবিধ গেছ স্বাভাৱিকভাৱেই অম্লজানৰ সংস্পৰ্শলৈ আহি এটা বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি কৰে। এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি ফচফৰাছ-ডাই-অক্সাইড উৎপন্ন হৈ বায়ুৰ সংস্পৰ্শলৈ আহে,তেতিয়া তৎক্ষণাৎ আপোনা-আপুনি জুই জ্বলি উঠে। ইয়াকে ধনগুলৈ বুলি কোৱা হয়। এই জুইৰ আঁচ পোৱা মাত্ৰে ফছফিন আৰু মাৰ্চ গেছৰ বিস্ফোৰক মিশ্ৰণটোও মুহূৰ্তৰ ভিতৰত জ্বলি উঠে। ৰাতিৰ অন্ধকাৰত অ'ত-ত'ত এই জুই বহুদূৰৰ পৰা দেখা যায়। প্ৰবল বৰষুণতো ধনগুলৈৰ শিখা কমি বা নুমাই নাযায়। অৱশ্যে গেছ মিশ্ৰণটো এসময়ত জ্বলি-পুৰি শেষ হৈ যায়। তেতিয়াই হঠাৎ দপকৈ ধনগুলৈ নুমাই যায়।

লোকবিশ্বাস

অতীজৰেপৰাই ধনগুলৈয়ে সাধাৰণ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰি আহিছে। আগেয়ে মানুহে বিশ্বাস কৰিছিল যে কোনো কৃপণ মানুহে মাটিত পুতি থোৱা ধন-সোণবোৰ এনেদৰে জুই হৈ জ্বলে। সেয়ে ইয়াৰ নাম ধনগুলৈ।২

তথ্যসূত্ৰ

  1. ↑ xobdo.org
  2. ↑ "জ্ঞানাঞ্জন, ৩২শ বছৰ (১৬শ সংখ্যা),২০১৩ ( ১৬-৩১ জুলাই) প্ৰান্তিক পৃষ্ঠা নং ৪৪"

সম্পৰ্কিত শ্ৰেণী

লোককথাৰ জীৱভূত-প্ৰেত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধনগুলৈ” প্ৰবন্ধৰ সংশোধন ৫০১৬৫৪ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।