ভূতৰ গল্প (ইংৰাজী ভাষা: Ghost story) হ’ল যিকোনো কল্পকাহিনী বা নাটক য’ত এটা ভূত অন্তৰ্ভুক্ত থাকে, অথবা ভূতৰ সম্ভাৱনা বা ভূতৰ ওপৰত চৰিত্ৰৰ বিশ্বাসক এক আধাৰ হিচাপে গ্ৰহণ কৰা হয়।১২ "ভূত" এটা নিজেই আবিৰ্ভাৱ হ’ব পাৰে বা যাদু-মন্ত্ৰৰদ্বাৰা তাক মাতি অনা হ’ব পাৰে। ভূতৰ সৈতে "অশৰীৰী আত্মাৰ উপদ্ৰৱ" বা "অধিষ্ঠিত" (haunting) হোৱাৰ ধাৰণাটো জড়িত হৈ থাকে, য’ত এটা অলৌকিক সত্তা কোনো স্থান, বস্তু বা ব্যক্তিৰ সৈতে আবদ্ধ হৈ থাকে।১ ভূতৰ গল্পবোৰ সাধাৰণতে লোককথা বা জনশ্ৰুতিৰ অন্তৰ্গত।
কথিত ভাষাত "ভূতৰ গল্প" বুলিলে যিকোনো ধৰণৰ ভয় লগা কাহিনীকে বুজাব পাৰে। সংকীৰ্ণ অৰ্থত, ধাৰাভিত্তিক কল্পকাহিনীৰ ভিতৰত ভূতৰ গল্পই এক চুটি গল্পৰ ফৰ্মেট হিচাপে বিকাশ লাভ কৰিছে। ই অতিপ্ৰাকৃতিক কল্পকাহিনী আৰু বিশেষকৈ অদ্ভুত কল্পকাহিনী (weird fiction)ৰ এটা প্ৰকাৰ, আৰু প্ৰায়ে ই এক ভৌতিক কাহিনী (horror story) হিচাপে পৰিগণিত হয়।
ভূতৰ গল্পবোৰ প্ৰায়ে স্পষ্টকৈ ভয় খুৱাবলৈ লিখা হয় যদিও হাস্যৰসৰপৰা আৰম্ভ কৰি নৈতিক কাহিনীলৈকে সকলো ধৰণৰ উদ্দেশ্যত ইয়াক লিখা হৈছে। কাহিনীত ভূতবোৰ প্ৰায়ে ভৱিষ্যতে ঘটিবলগীয়া কথাৰ পহৰাদাৰ বা ভৱিষ্যবক্তা হিচাপেও আবিৰ্ভাব হয়।১
ইতিহাস

ভূতৰ সম্পৰ্কে এটা ব্যাপক বিশ্বাস আছে যে ইহঁত কুঁৱলীসদৃশ, বায়ৱীয় বা এক সূক্ষ্ম পদাৰ্থৰে গঠিত। এনথ্ৰ’পলজিষ্ট বা নৃবিজ্ঞানীসকলে এই ধাৰণাটোক প্ৰাৰম্ভিক বিশ্বাসৰ সৈতে সংযোগ কৰে যে ভূতবোৰ আছিল ব্যক্তিজনৰ ভিতৰত থকা ব্যক্তি (ব্যক্তিৰ আত্মা)। প্ৰাচীন সংস্কৃতিত এয়া এজন ব্যক্তিৰ উশাহ-নিশাহৰ দৰে আছিল, যিটো ঠাণ্ডা জলবায়ুত নিশাহ এৰিলে বগা কুঁৱলীৰ দৰে দৃশ্যমান হয়।৩ বিশ্বৰ সকলো সংস্কৃতিতে ভূতৰ বিশ্বাস পোৱা যায় আৰু সেয়েহে ভূতৰ গল্পবোৰ মৌখিক বা লিখিত ৰূপত চলি আহিছে।১
কেম্পফায়াৰ ষ্টৰী বা বনজুইৰ কাষত বহি কোৱা কথা, যিটো মৌখিক কাহিনী কথনৰ এটা ৰূপ, তাত প্ৰায়ে ভূতৰ গল্প বা অন্যান্য ভয় লগা কাহিনী অন্তৰ্ভুক্ত থাকে।৪ ইয়াৰে কিছুমান কাহিনী দশক পুৰণি আৰু বিভিন্ন সংস্কৃতিত ইয়াৰ ভিন ভিন ৰূপ দেখা যায়।৫ বহুতো বিদ্যালয় আৰু শিক্ষানুষ্ঠানে সাহিত্যৰ অংশ হিচাপে ভূতৰ কাহিনী কথনক উৎসাহিত কৰে।৬
১৯২৯ চনত এম. আৰ. জেমছে তেওঁৰ "চাম ৰিমাৰ্কচ অন গোষ্ট ষ্টৰীজ"ত ইংৰাজী ভূতৰ গল্পৰ পাঁচটা মুখ্য বৈশিষ্ট্য চিনাক্ত কৰিছিল। জনপ্ৰিয় কল্পনাপ্ৰসূত সাহিত্যৰ এটা পাঠ্যক্ৰমৰ বাবে ফ্ৰেংক কফমেনে ইয়াক তলত দিয়া ধৰণে সাৰাংশ কৰিছে:৭
- সত্যৰ ভাও ধৰা
- "এক আনন্দদায়ক সন্ত্ৰাস"
- কোনো অনাহক ৰক্তপাত বা যৌনতা নথকা
- "যন্ত্ৰ-পাতিৰ কোনো ব্যাখ্যা" নথকা
- পটভূমি: "লেখক (আৰু পাঠক)ৰ নিজা দিনবোৰৰ"
১৯০০ চনৰ আৰম্ভণিতে পাল্প মেগাজিনৰ প্ৰচলনে ভূতৰ গল্প প্ৰকাশৰ নতুন পথৰ সৃষ্টি কৰিছিল আৰু সেইবোৰ গুড হাউচ কিপিং আৰু দ্য নিউ ইয়ৰ্কাৰৰ দৰে আলোচনীত প্ৰকাশ হ’বলৈ ধৰিছিল।৮
তথ্যসূত্ৰ
- ↑ Darrell Schweitzer. (2005). The Greenwood Encyclopedia of Science Fiction and Fantasy: Themes, Works, and Wonders. Greenwood. পৃ. 338–340
- ↑ "Ghost Stories" in Margaret Drabble (ed.), Oxford Companion to English Literature. Oxford, Oxford University Press, 2006. (p. 404-5)
- ↑ J. Gordon Melton. (1996). Encyclopedia of Occultism & Parapsychology. Gale Group. ISBN 978-0-8103-5487-6
- ↑ Vassler, Bill. Campfire Stories: The Art Of The Tale. Westside Toastmasters
- ↑ Gordon, Lauren. (16 July 2014). 9 Scary Campfire Stories That'll Make You Drop Your S'mores. ABC News
- ↑ Carey, Joanna. (17 February 2004). Ghouls for schools. The Guardian. Guardian News and Media
- ↑ Coffman, Frank. Excerpts From "Some Remarks on Ghost Stories"
- ↑ Carpenter, Lynette; Kolmar, Wendy K. (1998). Ghost Stories by British and American Women: A Selected, Annotated Bibliography. Taylor & Francis. পৃ. xxii
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূতৰ গল্প” প্ৰবন্ধৰ সংশোধন ৬৩১৯০৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।