পৰুৱা (Porua) এবিধ খৰতকীয়া স্ত্ৰী জাতীয় অপদেৱতা। তিনি আলি বা চাৰি আলিৰ মূৰত হে পৰুৱাক লগ পোৱা যায়। অকলশৰীয়া ৰাতি পৰুৱাই লগ পালে যাত্ৰীক ডাঠ আন্ধাৰে আৱৰি ধৰে আৰু আচল বাটটো পাহৰাই দিয়ে। তেনেদৰে বাট হেৰুওৱা মানুহক ক্ৰমে মূল বাটৰ পৰা দূৰলৈ লৈ যায়। ৰাতিৰ ৰাতিটো একে ঠাইত ঘূৰাই ফুৰে।১ অন্যলোকে পোহৰ দেখুৱাই লৈ গ'লেহে পৰুৱাই এৰা দিয়ে।২
তথ্যসূত্ৰ
- ↑ Bishaldeep Kakati. The folklore of Assamese ghosts and spirits: A brief study
- ↑ “অসমৰ ভূতৰ কথা”; জয়ন্ত শৰ্মা, সঁফুৰা আলোচনী, দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰুৱা (ভূত)” প্ৰবন্ধৰ সংশোধন ৪৭২৮৯২ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।