অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিভূষিতা দাস

বিভুষিতা দাস এগৰাকী ভাৰতীয় মেৰাইন ইঞ্জিনিয়াৰ। তেওঁ প্ৰথমগৰাকী ওড়িয়া মহিলা যিয়ে মেৰাইন ইঞ্জিনিয়াৰ হৈছিল। দাস হৈছে ওড়িশাৰপৰা অহা প্ৰথমগৰাকী মহিলা যিয়ে জাহাজত জাহাজ বিষয়া হিচাপে কাম কৰিছিল।

হালনাগাদ: ১১ জুন ২০২৬ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বিভুষিতা দাস এগৰাকী ভাৰতীয় মেৰাইন ইঞ্জিনিয়াৰ। তেওঁ প্ৰথমগৰাকী ওড়িয়া মহিলা যিয়ে মেৰাইন ইঞ্জিনিয়াৰ হৈছিল।১২৩ দাস হৈছে ওড়িশাৰপৰা অহা প্ৰথমগৰাকী মহিলা যিয়ে জাহাজত জাহাজ বিষয়া হিচাপে কাম কৰিছিল।৪৫৬৭ সম্পূৰ্ণ পুৰুষৰ দলৰ মাজত একমাত্ৰ মহিলা হিচাপে তেওঁ সামাজিক হেঁচাক অৱজ্ঞা কৰি আহিছে আৰু তাৰ বাবে তেওঁ সমাজৰ নীতি-নিয়ম নিজ লক্ষ্যপথৰ পৰা আঁতৰাই ৰাখিছে।২১

প্ৰাথমিক জীৱন আৰু শিক্ষা

বিভুষিতা দাসৰ জন্ম হৈছিল ওড়িশাৰ কটকত আৰু তাতেই ডাঙৰ-দীঘল হৈছিল।৪ তেওঁৰ পিতৃ কৰুণাকৰ দাস ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ (বি এছ এন এল) অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।৬ চাৰিগৰাকী ভগ্নীৰ ভিতৰত সৰু, তেওঁ পিতৃ-মাতৃক তেওঁলোকৰ সমৰ্থন৫ আৰু উৎসাহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।২

বিভূষিতাই কয়, “মা আৰু দেউতাই সদায় আমাক পঢ়া-শুনা কৰিবলৈ উৎসাহিত কৰিছিল আৰু ছোৱালী আৰু ল’ৰাৰ মাজত কোনো পাৰ্থক্য নাই বুলি কৈছিল। মোৰ তিনিওজনী ভনী অভিযন্তা। কিন্তু মই একমাত্ৰ মেৰাইন ইঞ্জিনিয়াৰ।’’২

২০০৭ চনত ওড়িশাৰ ভুৱনেশ্বৰৰ চি ভি ৰমন কলেজ অৱ ইঞ্জিনিয়াৰিঙৰপৰা চাৰিবছৰীয়া প্ৰযুক্তিবিদ্যাত স্নাতক (বি টেক) ডিগ্ৰী সম্পূৰ্ণ কৰে দাসে। তেওঁৰ অভিযান্ত্ৰিক গোটৰ ৭ গৰাকী ছোৱালীৰ ভিতৰত তেওঁ একমাত্ৰ যিয়ে অন-ব'ৰ্ড চেলিঙৰ পথ বাছি লৈছিল।৩

কেৰিয়াৰ

বিভূষিতাই ছমাহ তিৰুনেলভেলীত প্ৰবক্তা হিচাপে কাম কৰাৰ পাছত ভাৰতীয় জাহাজ নিগমে তেওঁক নিযুক্তি দিয়ে আৰু অন-বৰ্ড পদৰ বাবে বাছি লয়।৩

২০১২ চনত ভাৰতীয় জাহাজ নিগমৰ তৃতীয় অভিযন্তা হিচাপে পদোন্নতি লাভ কৰে।১ ২০১৩ চনত মালবাহী জাহাজ এম ভি বিশ্বমহলৰ মেৰিন ইঞ্জিনিয়াৰ হিচাপে বিভূষিতা দাসক প'ৰ্ট ট্ৰাষ্টে সম্বৰ্ধনা জনায়, কাৰণ জাহাজখন অষ্ট্ৰেলিয়াৰপৰা বাটত পৰাদিপ বন্দৰত উপস্থিত হয়।২

তেওঁৰ কামত জাহাজৰ যন্ত্ৰ-পাতি পৰিচালনা কৰাত কঠোৰ শাৰীৰিক শ্ৰম জড়িত হৈ আছিল। কেতিয়াবা ভ্ৰমণ এবাৰত ছমাহলৈকে চলিব পাৰে।২ তেওঁৰ চাকৰিৰ ফলত তেওঁ অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, তুৰস্ক, ব্ৰিটেইন, জাৰ্মানীকে ধৰি বহু দেশ ভ্ৰমণ কৰিবলৈ সক্ষম হৈছে।১২

ব্যক্তিগত জীৱন

২০১৮ চনৰ পৰা তেওঁ ৰুৰকেল্লাৰ ক'ৱেল নগৰত বাস কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ (2013-03-10). Bibhusita Das became first Oriya woman marine engineer. ORIYA NEWS
  2. ↑ Ashis Senapati. (9 March 2013). First Odia lady marine engineer achieves cargo dreams - Times of India. The Times of India
  3. ↑ Priyanka Chandrakar. (January 2018). Meet Odisha's First Woman Marine Engineer;Queen Of The Blue Ocean;Proud Of You!. Odisha Shines
  4. ↑ Kar, Majoj. (18 January 2013). Girl ahoy! Maiden sailor first for state - Bibhusita Das is lone woman among 26 crew members on her ship. The Telegraph
  5. ↑ (21 January 2013). Woman sailor makes Odisha proud. New Indian Express
  6. ↑ (27 January 2013). First Odisha woman officer onboard a vessel. Hindu Businessline
  7. ↑ (28 January 2013). Odia girl becomes marine engineer. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা অভিযন্তা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভূষিতা দাস” প্ৰবন্ধৰ সংশোধন ৬১১৮৬৪ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।