অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

লালবাগ কিল্লা

লালবাগ কিল্লা (ইংৰাজী: Lalbagh Fort) হ’ল বাংলাদেশৰ ঢাকাৰ দক্ষিণ-পশ্চিমাঞ্চলত থকা বুঢ়ী গংগা নদীৰ পাৰত অৱস্থিত ১৭ শতিকাত নিৰ্মিত এটা অসম্পূৰ্ণ দুৰ্গ। ১৬৭৮ চনত মোগল সম্ৰাট ঔৰংগজেৱৰ পুত্ৰ চুবেদাৰ মহম্মদ আজম শ্বাহে দুৰ্গটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল।

হালনাগাদ: ২ জুন ২০২৪ ৩৩৫ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

লালবাগ কিল্লা (ইংৰাজী ভাষা: Lalbagh Fort) হ’ল বাংলাদেশৰ ঢাকাৰ দক্ষিণ-পশ্চিমাঞ্চলত থকা বুঢ়ী গংগা নদীৰ পাৰত অৱস্থিত ১৭ শতিকাত নিৰ্মিত এটা অসম্পূৰ্ণ দুৰ্গ।১ ১৬৭৮ চনত মোগল সাম্ৰাজ্য সম্ৰাট ঔৰংগজেৱৰ পুত্ৰ চুবেদাৰ মহম্মদ আজম শ্বাহে দুৰ্গটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। তেওঁৰ উত্তৰাধিকাৰী শ্বায়েস্তা খানে ১৬৮৮ চনলৈ ঢাকাত থকা সত্ত্বেও দুৰ্গৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব পৰা নাছিল।

ইতিহাস

১৬৭৮ চনত মোগল সম্ৰাট ঔৰংগজেৱৰ তৃতীয় পুত্ৰ মহম্মদ আজম শ্বাহে বেংগলত চুবেদাৰ হিচাপে থকা সময়ছোৱাত দুৰ্গটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। তেওঁ বেংগলত ১৫ মাহৰ বাবে আছিল। বিশেষ কাৰণত ঔৰংগজেৱে তেওঁক দিল্লীলৈ মাতি পঠিওৱাত দুৰ্গটোৰ কাম অসম্পূৰ্ণ হৈ ৰৈছিল। সেইসময়ত শ্বায়েস্তা খান আছিল ঢাকাৰ নতুন চুবেদাৰ আৰু তেখেতে পুনৰ দুৰ্গটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। ১৬৮৪ চনত শ্বায়েস্তা খানৰ কন্যা ইৰান দুখত ৰাহমাত বানুৰ (পৰী বিবি) মৃত্যু হয়। নিজ কন্যা পৰী বিবিৰ মৃত্যুৰ সময়ত শ্বায়েস্তা খানে দুৰ্গটোকেই দুৰ্ভাগ্যশালী বুলি মন কৰিছিল আৰু ১৬৮৪ চনত অসমাপ্ত অৱস্থাতেই দুৰ্গটোৰ নিৰ্মাণ কাৰ্য বন্ধ হৈছিল।২ লালবাগ দুৰ্গৰ তিনিটা প্ৰধান অংশৰ ভিতৰত এটা হ'ল পৰী বিবিৰ সমাধি। শ্বায়েস্তা খানে ঢাকা এৰাৰ পাছত লালবাগ দুৰ্গই ইয়াৰ জনপ্ৰিয়তা হেৰুৱায়। ইয়াৰ প্ৰধান কাৰণটো আছিল ৰাজধানীখন ঢাকাৰ পৰা মুৰ্চিদাবাদলৈ স্থানান্তৰ কৰা হৈছিল। ৰাজকীয় মোগল আমোল সমাপ্ত হোৱাৰ পাছত দুৰ্গটো পৰিত্যক্ত অৱস্থাত ৰৈ যায়। ১৮৪৪ চনত ঠাইখিনিৰ নাম ঔৰংগবাদৰ পৰা লালবাগ লৈ সলনি কৰা হয় আৰু দুৰ্গটো লালবাগ দুৰ্গ নামে পৰিচিত হয়।৩

গাঁথনি

দীৰ্ঘ সময় ধৰি এটা ধাৰণা কৰা হৈছে যে দুৰ্গটো হ’ল দুটা বিশাল তোৰণ তথা আংশিক ধ্বংসপ্ৰাপ্ত মজবুত দেৱালৰ লগতে তিনিটা ভৱনৰ সমন্বয়; ভৱন তিনিটা হ’ল ক্ৰমে মছজিদ, পৰী বিবিৰ সমাধি আৰু দেৱান-ই-আম। সম্প্ৰতি বাংলাদেশৰ প্ৰত্নতত্ত্ব বিভাগে খননকাৰ্যৰ দ্বাৰা অন্যান্য গাঁথনিৰ অস্তিত্ব প্ৰকাশিত কৰিছে।১

মছজিদ

মহম্মদ আজম শ্বাহে নিৰ্মাণ কৰা তিনি গম্বুজ বিশিষ্ট আয়তাকাৰ (১৯.১৯ মিটাৰ × ৯.৮৪ মিটাৰ) লালবাগ কিল্লা মছজিদটো বাংলাদেশৰ প্ৰচলিত মোগল মছজিদৰ এটা আদৰ্শ উদাহৰণ।

দেৱান-ই-আম

দেৱান-ই-আম আছিল বেংগলৰ মোগল শাসকৰ বাসগৃহ। ইয়াৰ বাহ্যিক মাপ হ’ল ৩২.৪৭ মিটাৰ × ৮.১৮ মিটাৰ।

পৰী বিবিৰ সমাধি

পৰী বিবিৰ সমাধি দুৰ্গটোৰ মধ্যভাগত অৱস্থিত। ২০.২ বৰ্গমিটাৰ বৰ্গাকৃতিৰ সমাধিটো ১৬৮৮ চনৰ পূৰ্বে নিৰ্মিত। তাত বৰ্তমান পৰী বিবিৰ মৃতদেহ নাই বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

লালবাগ কিল্লা যাদুঘৰ

স্বায়েস্তা খানৰ বাসভৱনটো বৰ্তমান লালবাগ কিল্লা যাদুঘৰ হিচাপে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা দিয়া হৈছে।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rahman, Habibur. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  2. ↑ Sayid Aulad Hasan. (1903). Extracts from the Notes on the Antiquities of Dacca. Published by the author. পৃ. 5
  3. ↑ (Nov 2011). The Archaeological Heritage of Bangladesh. Asiatic Society of Bangladesh. পৃ. 586

সম্পৰ্কিত শ্ৰেণী

স্থাপত্যবাংলাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লালবাগ কিল্লা” প্ৰবন্ধৰ সংশোধন ৪২২১২৪ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।