অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিডি ক্লিন

বাংলাদেশক স্বচ্ছ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কাম কৰা এটা স্বেচ্ছাসেৱী যুৱ সংগঠন হৈছে বিডি ক্লিন।সংগঠনটোৱে দেশজুৰি প্ৰতি সপ্তাহৰ শুক্ৰবাৰ এখন নিৰ্দিষ্ট স্থান নিৰ্বাচন কৰি তাৰ পৰিষ্কাৰ কৰে আৰু তাৰ চাৰিওফালে থকা মানুহক পৰিষ্কাৰ বাংলাদেশৰ সুফল সম্পৰ্কে সজাগ কৰে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বাংলাদেশক স্বচ্ছ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কাম কৰা এটা স্বেচ্ছাসেৱী যুৱ সংগঠন হৈছে বিডি ক্লিন।১সংগঠনটোৱে দেশজুৰি প্ৰতি সপ্তাহৰ শুক্ৰবাৰ এখন নিৰ্দিষ্ট স্থান নিৰ্বাচন কৰি তাৰ পৰিষ্কাৰ কৰে আৰু তাৰ চাৰিওফালে থকা মানুহক পৰিষ্কাৰ বাংলাদেশৰ সুফল সম্পৰ্কে সজাগ কৰে। আনকি ই তেওঁলোকৰ মাজত সচেতনতা বৃদ্ধি কৰে আৰু যত্ৰতত্ৰ মলিনতা আৰু আবৰ্জনা নেপেলাবলৈ, নিৰ্দিষ্ট স্থান তথা ডাষ্টবিনত পেলাবলৈ উৎসাহিত কৰে।২৩

ইতিহাস

২০১৬ চনৰ ৩ জুন তাৰিখে ফৰিদ উদ্দিন আৰু তেওঁৰ বন্ধুসকলে ইয়াক প্ৰতিষ্ঠা কৰিছিল।৪৫২০১৬ চনৰ ২ জুনত শাহবাগৰ পৰা কাওৰান বজাৰৰ ছাৰ্ক ফাউণ্টেইনলৈ পথৰ কাষৰ মলিনতা পৰিষ্কাৰ অভিযানৰ জৰিয়তে "ঢাকা ক্লিন"ৰ সূচনা কৰা হৈছিল, বৰ্তমান এই অভিযানক "বিডি ক্লিন" হিচাপে জনা যায়।৬৭৮৯ বৰ্তমান ২০২৩ চনৰ সমীক্ষা অনুসৰি দেশজুৰি বিডি ক্লিনৰ মুঠ স্বেচ্ছাসেৱকৰ সংখ্যা ৪৪ হাজাৰতকৈ অধিক।১০ দেশজুৰি জিলাসমূহৰ অন্তৰ্গত ১২টা নগৰ নিগম, ৩খন ৰাজহুৱা বিশ্ববিদ্যালয়, ৬০খন জিলা আৰু উপজিলাত ইয়াৰ শাখা দল আছে।

পৰিষ্কাৰ চৌহদ ঘোষণা

বিডি ক্লিনৰ স্বেচ্ছাসেৱকসকলে ২০১৭ চনৰ ১০ নৱেম্বৰৰ পৰা ২০১৮ চনৰ ২৬ জানুৱাৰীলৈ ঢাকা বিশ্ববিদ্যালয় পৰিষ্কাৰ চৌহদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১২ সপ্তাহ জুৰি পৰিষ্কাৰ অভিযান আৰু পৰিষ্কাৰ-পৰিচ্চন্নতা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিবলৈ ধাৰাবাহিক প্ৰচাৰ চলায়। ২০১৮ চনৰ ২৬ জানুৱাৰীৰ আবেলি ৩ বজাত ছবি তোলা আৰু শপত গ্ৰহণৰ অন্তত প্ৰায় ১৫ শতাধিক বিডি ক্লিন স্বেচ্ছাসেৱকে চৌহদটোক ১২১টা অংশত ভাগ কৰি একেলগে চৌহদ পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ কৰে। পৰিষ্কাৰ অভিযানৰ অন্তত, সন্ধিয়া ৬.২৫ বজাত ঢাকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড॰ মোহাম্মদ আখতাৰুজ্জামানে ঢাকা বিশ্ববিদ্যালয়ৰ চৌহদক পৰিষ্কাৰ ঘোষণা কৰে।১১১২১৩

বিতৰ্ক

বিডি ক্লিনৰ প্ৰতিষ্ঠাতা ফৰিদ উদ্দিনক লৈ বিভিন্ন অভিযোগ উঠিছে। বিভিন্ন গণমাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, তেওঁ স্বেচ্ছাসেৱকসকলক ব্যৱহাৰ কৰি ঢকা উত্তৰ মহানগৰ সভাৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰিছে।১৪ তাৰ উপৰিও, তেওঁৰ ওপৰত দুৰ্নীতিৰ অভিযোগো উঠিছে।১৫

তথ্যসূত্ৰ

  1. ↑ পৰিচ্ছন্ন বাংলাদেশ গড়াৰ লক্ষ্যে কাজ কৰছে স্বেচ্ছাসেবি সংগঠন "বিডি ক্লিন". VOA
  2. ↑ (2022-06-03). BD Clean marks 6th anniv. Daily Sun
  3. ↑ About Us. BD Clean
  4. ↑ (2023-06-05). BD Clean celebrates anniversary planting 3,00,000 trees in two hours. The Business Standard
  5. ↑ ৩ লাখ গাছ লাগিয়ে প্ৰতিষ্ঠাবাৰ্ষিকী পালন কৰল বিডি ক্লিন. Samakal
  6. ↑ (2019-09-08). বিডি ক্লিনেৰ স্বপ্ন পৰিচ্ছন্ন বাংলাদেশ. Kaler Kantho
  7. ↑ (2018-02-03). পৰিচ্ছন্ন বাংলাদেশেৰ জন্য. Prothom Alo
  8. ↑ (2019-09-03). বিডি ক্লিনেৰ স্বপ্ন পৰিচ্ছন্ন বাংলাদেশ. www.kalerkantho.com
  9. ↑ (2018-02-03). পৰিচ্ছন্ন বাংলাদেশেৰ জন্য. Prothomalo
  10. ↑ তিন লাখ গাছ লাগিয়ে বিডি ক্লিনেৰ প্ৰতিষ্ঠাবাৰ্ষিকী উদ্‌যাপন. Ajker Patrika
  11. ↑ পৰিচ্ছন্ন-বাংলাদেশ-গড়াৰ-লক্ষ্যে-পৰিষ্কাৰ-পৰিচ্ছন্নতা-কৰ্মসূচীৰ-উদ্বোধন-কৰলেন-ঢাবি-উপাচাৰ্য. du.ac.bd
  12. ↑ (2017-11-10). ঢাবিতে ৮ সপ্তাহব্যাপী পৰিচ্ছন্নতা অভিযান শুৰু. banglanews24.com
  13. ↑ ঢাকা বিশ্ববিদ্যালয় পৰিচ্ছন্ন ক্যাম্পাস ঘোষণা. BD Clean
  14. ↑ Pratidin, Bangladesh. (7 September 2024). আতিকেৰ দুৰ্নীতিৰ নাটেৰ গুৰু এপিএস ফৰিদ ·. bd-pratidin.com
  15. ↑ এপিএস ফৰিদেৰ ‘ক্লিন’ প্ৰতাৰণা. দেশ ৰূপান্তৰ

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিডি ক্লিন” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৬৭ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।