প্ৰযুক্তি
৬৬ প্ৰবন্ধ
-
বৈদ্যুতিক প্ৰবাহ
বৈদ্যুতিক প্ৰবাহ হৈছে আভিযুক্ত কণিকাৰ এক প্ৰবাহ, যেনে ইলেক্ট্ৰন বা আয়ন ইত্যাদি, যিবোৰ বৈদ্যুতিক চালক বা স্থানৰ জৰিয়তে গতি কৰে, যাক কোৱা হয় কোনো পৃষ্ঠয়েদি বৈদ্যুতিক আভিযুক্তিৰ নিট প্ৰবাহৰ হাৰ।
-
ৰেলগাড়ী
ৰেলগাড়ী হৈছে সংযুক্ত বাহনৰ এটা শৃংখলা, যিবোৰ ৰেলপথৰ ওপৰেদি চলাচল কৰে। ৰেলগাড়ীৰ উৎপত্তি ঘোঁৰাই টনা ৱেগনৱে'ৰ পৰা হৈছিল, যিবোৰ পাথৰ বা কাঠৰ ৰেলপথত চলিছিল।
-
অন্তৰ্দাহী ইঞ্জিন
অন্তৰ্দাহী ইঞ্জিন (ICE বা IC ইঞ্জিন) হৈছে এটা তাপ ইঞ্জিন, য’ত জ্বালানীৰ দাহ অক্সিডাইজাৰৰ (সাধাৰণতে বায়ু) সৈতে দাহন কক্ষত হয়, যি কাৰ্য্য তৰলৰ প্ৰবাহ চক্ৰৰ এটা অঙ্গভূত অংশ। অন্তৰ্দাহী ইঞ্জিনত, দাহৰ ফলত উৎপন্ন হোৱা উচ্চ-তাপমাত্ৰা আৰু উচ্চ-চাপৰ গেছবোৰে ইঞ্জিনৰ কোনো উপাদানত পোনপটীয়াকৈ বল প্ৰয়োগ কৰে।
-
আগ্নেয়াস্ত্ৰ
আগ্নেয়াস্ত্ৰ হ’ল যিকোনো ধৰণৰ বন্দুক যিয়ে বিস্ফোৰক চাৰ্জ ব্যৱহাৰ কৰে আৰু ইয়াক কোনো ব্যক্তিয়ে সহজে কঢ়িয়াই নিব পৰা আৰু চলাব পৰাকৈ ডিজাইন কৰা হয়। এই শব্দটোক বিভিন্ন দেশত আইনগতভাৱে অধিক সংজ্ঞায়িত কৰা হৈছে।
-
আৱেশক
আৱেশক (Inductor), যাক ক’ইল (coil), চোক (choke), বা ৰিঅেক্টৰ (reactor) বুলিও কোৱা হয়, এটা নিষ্ক্ৰিয় দুটা টাৰ্মিনেল থকা বৈদ্যুতিক উপাদান, যি বৈদ্যুতিক প্ৰবাহ পৰিবাহিত হোৱাৰ সময়ত এটা চুম্বক ক্ষেত্ৰত শক্তি সঞ্চয় কৰে। এটা আৱেশক সাধাৰণতে ইনছুলেট কৰা তাৰ এটা ক’ইল হিচাপে আবৃত হৈ থাকে।
-
ইলেক্ট্ৰনিকছ
ইলেক্ট্ৰনিকছ বা অণুবিদ্যুৎ হৈছে এটা বৈজ্ঞানিক আৰু অভিযান্ত্ৰিক শাখা যিয়ে পদাৰ্থ বিজ্ঞানৰ নীতিসমূহ অধ্যয়ন আৰু প্ৰয়োগ কৰি ইলেক্ট্ৰন আৰু অন্যান্য বৈদ্যুতিক আধানযুক্ত কণাসমূহক হেঁচা মাৰি ধৰা যন্ত্ৰৰ ডিজাইন, সৃষ্টি আৰু পৰিচালনা কৰে।
-
গণমাধ্যম
গণমাধ্যম (Mass media) বুলিলে সেই সকলোবোৰ যোগাযোগ মাধ্যমৰ বিভিন্ন ৰূপ বুজোৱা হয় যিয়ে গণ-যোগাযোগৰ জৰিয়তে এটা বৃহৎ দৰ্শক বা শ্ৰোতা পৰিসৰলৈ তথ্য প্ৰেৰণ কৰে। সম্প্ৰচাৰ মাধ্যমসমূহে চলচ্চিত্ৰ, ৰেডিঅ', ৰেকৰ্ড কৰা সংগীত বা দূৰদৰ্শন আদিৰ জৰিয়তে ইলেক্ট্ৰনিকভাৱে তথ্য প্ৰেৰণ কৰে।
-
গুগল ক্লাছৰুম
গুগল ক্লাছৰুম (Google Classroom) হৈছে গুগলদ্বাৰা বিকশিত এক অনলাইন শিক্ষা-ব্যৱস্থাপনা প্লেটফৰ্ম (Learning Management System)। ই শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত ডিজিটেল মাধ্যমৰ জৰিয়তে পাঠদান, গৃহকাৰ্য, মূল্যায়ন আৰু যোগাযোগ সহজ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
-
চেণ্ট্ৰেল প্ৰচেছিং ইউনিট
চেণ্ট্ৰেল প্ৰচেছিং ইউনিট (CPU), যাক চেণ্ট্ৰেল প্ৰচেছৰ, মূল প্ৰচেছৰ, বা কেৱল প্ৰচেছৰ বোলা হয়, এটা কম্পিউটাৰত থকা মুখ্য প্ৰচেছৰ। ইয়াৰ ইলেক্ট্ৰনিক চৰ্কিটই কম্পিউটাৰ প্ৰগ্ৰামৰ নিৰ্দেশসমূহ—যেনে গাণিতিক কাৰ্য, যুক্তি, নিয়ন্ত্ৰণ, আৰু ইনপুট/আউটপুট (I/O) কাৰ্য—সম্পাদন কৰে।
-
ডীপছীক
হাংচৌ ডীপছীক কৃত্ৰিম বুদ্ধিমত্তা মৌলিক প্ৰযুক্তি গৱেষণা কোম্পানী, লিমিটেড, যাৰ ব্যৱসায়িক নাম ডীপছীক, হৈছে চীনৰ এটা কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী যিয়ে মুক্ত উৎসৰ বৃহৎ ভাষাৰ আৰ্হি (LLM) বিকশিত কৰে।
-
ডুবযান
ডুবযান (সাধাৰণতে ডুবী বুলি জনা যায়) (Submarine, ছাবমেৰিন) হৈছে এক প্ৰকাৰৰ পানীযান, যি পানীৰ তলত স্বাধীনভাৱে চলাচল কৰিব পাৰে। (ই ছাবমাৰ্ছিব্লৰ পৰা পৃথক, যাৰ পানীৰ তলত সক্ষমতা সীমিত।) ছাবমেৰিন শব্দটো ডুবযান কেতিয়াবা ইতিহাসত বা অনানুষ্ঠানিকভাৱে দূৰনিয়ন্ত্ৰিত যান, স্বয়ংক্ৰিয় পানীযান বা সৰু-আকাৰৰ…
-
ধাতুবিজ্ঞান
ধাতুবিজ্ঞান, যিয়ে ধাতুৰ বিজ্ঞান আৰু প্ৰযুক্তি দুয়োটাকে সামৰি লয়, য'ত ধাতুৰ উৎপাদন আৰু গ্ৰাহক আৰু নিৰ্মাতা উভয়ৰে বাবে সামগ্ৰীত ব্যৱহৃত ধাতুৰ উপাদানৰ অভিযান্ত্ৰিকীকৰণ অন্তৰ্ভুক্ত। ধাতুবিদ্যা ধাতুৰ কামৰ শিল্পৰ পৰা পৃথক।
-
নবীকৰণীয় শক্তি
পুনৰ নৱীকৰণযোগ্য শক্তি (বা সেউজ শক্তি) হৈছে এনে শক্তি যি পুনৰ নৱীকৰণযোগ্য প্ৰাকৃতিক উৎসৰ পৰা আহে, আৰু যিবোৰ মানুহৰ জীৱনকালত পুনৰ উৎপন্ন হ’ব পাৰে। আটাইতকৈ বেছিভাগ ব্যৱহৃত পুনৰ নৱীকৰণযোগ্য শক্তি হৈছে সৌৰ শক্তি, বতাহ শক্তি আৰু জলবিদ্যুৎ শক্তি। জৈৱ শক্তি আৰু ভূ-তাপীয় শক্তিও কিছুমান দেশত গুৰুত্বপূৰ্ণ।
-
পাৰমাণবিক শক্তি
পাৰমাণবিক শক্তি বা নিউক্লিয়াৰ শক্তি হৈছে নিউক্লিয়াৰ প্ৰতিক্ৰিয়া ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰাৰ পদ্ধতি। নিউক্লিয়াৰ শক্তি নিউক্লিয়াৰ ফিছন, নিউক্লিয়াৰ ক্ষয় আৰু নিউক্লিয়াৰ ফিউজনৰ পৰা লাভ কৰিব পৰা যায়।
-
বিস্ফোৰক সামগ্ৰী
বিস্ফোৰক (বা বিস্ফোৰক পদাৰ্থ) হৈছে এটা প্ৰতিক্ৰিয়াশীল দ্ৰব্য যাৰ ভিতৰত বিপুল পৰিমাণৰ সাম্ভাৱ্য শক্তি সঞ্চিত থাকে যি হঠাৎ মুক্ত হ’লে বিস্ফোৰণ ঘটি পাৰে, আৰু সাধাৰণতে পোহৰ, তাপ, শব্দ, আৰু চাপৰ উৎপত্তিৰে সৈতে সংঘটিত হয়।
-
ব্লুটুথ
ব্লুটুথ হৈছে এটা চুটি দূৰত্বৰ বেতাঁৰ প্ৰযুক্তি প্ৰামাণিক যিটো কম দূৰত্বত ফিক্সড আৰু মোবাইল ডিভাইচৰ মাজত তথ্য বিনিময় আৰু ব্যক্তিগত এৰিয়া নেটৱৰ্ক (PAN) নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়।
-
মটৰ গাড়ী
মটৰ গাড়ী (কাৰ) হৈছে চলন্ত যান-বাহন, যাৰ চাৰিখন চকা থাকে। অধিকাংশ সংজ্ঞা অনুসৰি, মটৰ গাড়ী সাধাৰণতে পথত চলিবৰ বাবে তৈয়াৰী হয়, ১ৰ পৰা ৮জন লোক বহাব পৰা ক্ষমতা থাকে ইয়াৰ, আৰু মূলতঃ মানুহৰ পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়, মাল পৰিবহণৰ বাবে নহয়। বিশ্বজুৰি প্ৰায় ১ বিলিয়ন গাড়ী ব্যৱহাৰ হৈ আছে।
-
মেঘ পৰিকলন
মেঘ পৰিকলন (Cloud computing) হৈছে এক সংগণনা (computing) সেৱাসমূহৰ বিতৰণ পদ্ধতি, যি চাৰ্ভাৰ (server), সংৰক্ষণ (storage), ডাটাবেছ (database), নেটৱৰ্কিং (networking), চফ্টৱেৰ (software), বিশ্লেষণ (analytics) আৰু বুদ্ধিমত্তা (intelligence) ইত্যাদি ইণ্টাৰনেটৰ জৰিয়তে সম্ভৱ হয়।
-
সৃষ্টিশীল কৃত্ৰিম বুদ্ধিমত্তা
সৃষ্টিশীল কৃত্ৰিম বুদ্ধিমত্তা (জেনেৰেটিভ AI, GenAI, বা GAI) হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এখন উপক্ষেত্ৰ যি লিখনী, ছবি, ভিডিঅ' বা অন্য ধৰণৰ তথ্য সৃষ্টি কৰিবলৈ জেনেৰেটিভ মডেল ব্যৱহাৰ কৰে।
-
ৰোধক
ৰোধক বা ৰেজিষ্টৰ (Resistor) হৈছে এটা নিষ্ক্ৰিয়, দুটা টাৰ্মিনেলযুক্ত ইলেক্ট্ৰনিক উপাদান, যিয়ে বৈদ্যুতিক ৰেজিষ্টেন্স (প্ৰতিৰোধ) প্ৰদান কৰে। ইলেক্ট্ৰনিক বৰ্তনত, ৰেজিষ্টৰ ব্যৱহাৰ কৰা হয় বিদ্যুৎ প্ৰবাহ হ্ৰাস কৰিবলৈ, সংকেতৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ, ভল্টেজ বিভাজন কৰিবলৈ, সক্ৰিয় উপাদানসমূহক বায়াছ…
-
অসমৰ পৰম্পৰাগত পুখুৰী খনন
প্ৰাচীন অসমত পুখুৰী খনন এক পৰম্পৰাগত কাৰ্য হৈ পৰিছিল৷ অসমত ৰাজত্ব কৰা বিভিন্ন ৰজা বা ৰাজবংশীয় লোকে বিভিন্ন উদ্দেশ্য, যেনে; প্ৰজাক খোৱাপানী যোগান, যুদ্ধ জয়ৰ চিন হিচাপে, ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিবলৈ, জলসিঞ্চন, সৌন্দৰ্য বৰ্ধন আৰু স্মৃতি ৰক্ষাৰ্থে সময়ে সময়ে পুখুৰী খন্দাইছিল আৰু ই পৰম্পৰাত পৰিণত…
-
ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ৰ দ্বাৰা বিকশিত আৰু ভাৰত চৰকাৰৰ দ্বাৰা সম্পূৰ্ণভাৱে নিয়ন্ত্ৰিত ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম (IRNSS) হৈছে এক স্বয়ংক্ৰিয় কৃত্ৰিম উপগ্ৰহ ভিত্তিক নেভিগেচন চিষ্টেম।
-
ইনডাকশ্যন কুকিং
ইনডাকশ্যন কুকিং (ইংৰাজী Induction Cooking) এবিধ অত্যাধুনিক ৰন্ধন পদ্ধতি৷ প্ৰচলিত সকলো ৰন্ধন পদ্ধতিতকৈ ই যথেষ্ট বেলেগ আৰু ৰীতিমত বিস্ময়কৰ৷ ইনডাকশ্যন কুকিং বা আবেশ ৰন্ধন পদ্ধতিত "আবেশিক তাপ" সৃষ্টি কৰি ৰন্ধা-মেলা কৰা হয়৷ আবেশ ৰন্ধন পৃষ্ঠ হিচাপে এবিধ ফেৰো চুম্বকীয় ধাতুৰ পাত ব্যৱহাৰ কৰা হয়, যি…
-
তিনি গিৰিসংকটৰ বান্ধ
তিনি গিৰিসংকটৰ বান্ধ ( 三峡大坝; Three Gorges Dam) হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ জলবিদ্যুৎ উৎপাদক বান্ধ। এই বান্ধখন চীন দেশৰ হুবেই (Hubei) প্ৰদেশৰ ইচাং (Yichang) চহৰৰ ওচৰত Yangtze নদীৰ ওপৰত অৱস্থিত।
-
ত্ৰি-কেন্দ্ৰীয় লেন্স
ত্ৰি-কেন্দ্ৰীয় লেন্স (Trifocal Lense) হৈছে এনে লেন্স, যাৰ তিনিটা অঞ্চল থাকে যি দূৰত্ব, মধ্যৱৰ্তী (বাহুৰ দৈৰ্ঘ্য) আৰু নিকট দৃষ্টিৰ বাবে সঠিক। জন আইজাক হকিন্সে ১৮২৭ চনত ত্ৰি-কেন্দ্ৰীয় লেন্স আবিষ্কাৰ কৰিছিল।
-
নাৰীবাদী বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন
নাৰীবাদী বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন (Feminist science and technology studies) হৈছে বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়নৰ এটা তাত্ত্বিক উপক্ষেত্ৰ৷ এইখন ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত লিংগৰ ক্ৰিয়া বা সঁহাৰি সম্পৰ্কে অন্বেষণ কৰা হয়।
-
পাৰমাণবিক অস্ত্ৰ
পাৰমাণবিক অস্ত্ৰ বা নিউক্লিয়াৰ অস্ত্ৰ এটা বিস্ফোৰক উপকৰণ যিয়ে নিউক্লিয়াৰ প্ৰতিক্ৰিয়া — বিভাজন (ফিছন বা এটমিক বম্ব), অথবা বিভাজন আৰু সংযুক্তিকৰণৰ (তাপ নিউক্লিয়াৰ অস্ত্ৰ) সংমিশ্ৰণৰ জৰিয়তে উৎপন্ন নিউক্লিয়াৰ বিস্ফোৰণৰ পৰা ইয়াৰ বিধ্বংসী শক্তি আহৰণ কৰে।
-
প্ৰযুক্তিৰ ইতিহাস
প্ৰযুক্তিৰ ইতিহাস হৈছে মানুহে সঁজুলি আৰু কৌশল উদ্ভাৱনৰ ইতিহাস। প্ৰযুক্তিৰ ভিতৰত সৰল শিলৰ সঁজুলিৰ পৰা আৰম্ভ কৰি ১৯৮০ চনৰ পৰা উদ্ভৱ হোৱা জটিল জেনেটিক ইঞ্জিনিয়াৰিং আৰু তথ্য প্ৰযুক্তিলৈকে বিভিন্ন পদ্ধতি অন্তৰ্ভুক্ত কৰা হৈছে।
-
বেঁতাৰ শক্তি স্থানান্তৰ
বেতাঁৰ শক্তি স্থানান্তৰ (Wireless Power Transfer; বেতাঁৰ শক্তি সংবহন বা WET) হৈছে তাঁৰ অবিহনে বৈদ্যুতিক শক্তিৰ ভৌতিক সংযোগ হিচাপে প্ৰতিষ্ঠিত হোৱা এক সংবহন ব্যৱস্থা।
-
ব্যক্তিগত অংকীয় সহায়ক
ব্যক্তিগত অংকীয় সহায়ক বা পাৰ্চনেল ডিজিটেল এচিষ্টেন্ট (পি ডি এ) বা পাৰ্চনেল ডেটা এচিষ্টেন্ট এটি প্ৰায় বৈজ্ঞানিক গণক যন্ত্ৰৰ আকাৰৰ সৰু ন'টবুক, য'ত দিনলিপিৰ দৰে সকলো তথ্য ৰখা হয়। ভ্ৰম্যমান দূৰভাষৰ ব্যাপক প্ৰসাৰৰ আগতে ই অতি জনপ্ৰিয় আছিল। বৰ্তমান পি ডি এৰ স্থান লৈছে বুধিয়ক দূৰভাষে।