ইনডাকশ্যন কুকিং (ইংৰাজী ভাষা Induction Cooking) এবিধ অত্যাধুনিক ৰন্ধন পদ্ধতি৷ প্ৰচলিত সকলো ৰন্ধন পদ্ধতিতকৈ ই যথেষ্ট বেলেগ আৰু ৰীতিমত বিস্ময়কৰ৷ ইনডাকশ্যন কুকিং বা আবেশ ৰন্ধন পদ্ধতিত "আবেশিক তাপ" সৃষ্টি কৰি ৰন্ধা-মেলা কৰা হয়৷ আবেশ ৰন্ধন পৃষ্ঠ হিচাপে এবিধ ফেৰো চুম্বকীয় ধাতুৰ পাত ব্যৱহাৰ কৰা হয়, যি সমগ্ৰ ৰন্ধন সঁজুলিটো গৰম নকৰাকৈয়ে ৰন্ধা কাম কৰিব পাৰে৷ <ref name="গ্ৰন্থ ১" ১
ইনডাকশ্যন কুকাৰৰ নিৰ্মান পদ্ধতি
ইনডাকশ্যন কুকাৰত ৰন্ধন পাত্ৰৰ তলফালে তামৰ তাঁৰৰ এটা ডাঙৰ কুণ্ডলী থাকে৷ তাৰ তলতে থাকে এখন কুলিং ফেন৷ তামৰ তাঁৰৰ কুণ্ডলীটোৰ মাজেদি এবিধ পৰিবৰ্তী প্ৰবাহ প্ৰবাহিত হ'বলৈ দিয়া হয়৷ কুণ্ডলীটোৰ কাষতে থকা এটা মূল আৰু আন এটা সহায়কাৰী প্ৰবাহ উৎসৰ জৰিয়তে তামৰ কুণ্ডলীৰ মাজেদি বিদুৎ প্ৰবাহৰ সৃষ্টি কৰা হয়৷ সেই প্ৰবাহে এবিধ পৰিবৰ্তী চুম্বকীয় ক্ষেত্ৰ উৎপন্ন কৰে৷ সেই চুম্বকীয় ক্ষেত্ৰই আকৌ পাত্ৰটোত আবেশিক বৈদ্যুতিক প্ৰবাহৰ সৃষ্টি কৰে৷ ধাতুৰ পাত্ৰটোৰ মাজেদি পাৰ হৈ যোৱা বিদ্যুত প্ৰবাহে এবিধ "ৰোধকীয় তাপ" সৃষ্টি কৰে আৰু সি খাদ্যবস্তুক উত্তপ্ত কৰি তোলে৷ এই তাপৰ সহায়ত ৰন্ধা-মেলা কৰা, ঠাণ্ডা হৈ থকা খাদ্য গৰম কৰাকে ধৰি সকলো ৰন্ধন কাৰ্য কৰিব পাৰি৷
ইনডাকশ্যন কুকাৰৰ সুবিধা
- ইনডাকশ্যন কুকাৰত তাপ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া অতি দ্ৰুত৷
- আন সকলো ৰন্ধন সঁজুলিতকৈ ইনডাকশ্যন কুকাৰৰ তাপীয় ক্ষমতা বহু উন্নত৷
- বহু সময়জুৰি স্থিৰভাৱে তাপ সৃষ্টি কৰাত ইনডাকশ্যন কুকাৰৰ সমকক্ষ কোনো নাই৷
- ইনডাকশ্যন কুকাৰৰ তাপ নিয়ন্ত্ৰয় ব্যৱস্থা বেচ উন্নত৷
- হটপ্লেট আদি তাপ সৃষ্টি কৰা প্ৰক্ৰিয়া যথেষ্ট বিপজ্জনক যদিও ইনডাকশ্যন কুকাৰ কিন্তু সম্পূৰ্ণ নিৰাপদ,কাৰণ ইয়াৰ বাহিৰত,আনকি ৰন্ধন পৃষ্ঠতো তাপ সৃষ্টি নহয়৷
তথ্যসূত্ৰ
- ↑ (২০১৩). জ্ঞানাঞ্জন. প্ৰান্তিক. পৃ. ৪০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইনডাকশ্যন কুকিং” প্ৰবন্ধৰ সংশোধন ১৭৮৮২৩ (২৬ জুন ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।