গণমাধ্যম (Mass media) বুলিলে সেই সকলোবোৰ যোগাযোগ মাধ্যমৰ বিভিন্ন ৰূপ বুজোৱা হয় যিয়ে গণ-যোগাযোগৰ জৰিয়তে এটা বৃহৎ দৰ্শক বা শ্ৰোতা পৰিসৰলৈ তথ্য প্ৰেৰণ কৰে।
সম্প্ৰচাৰ মাধ্যমসমূহে চলচ্চিত্ৰ, অনাতাঁৰ প্ৰযুক্তি, ৰেকৰ্ড কৰা সংগীত বা দূৰদৰ্শন আদিৰ জৰিয়তে ইলেক্ট্ৰনিকভাৱে তথ্য প্ৰেৰণ কৰে। ডিজিটেল মাধ্যমৰ অন্তৰ্গত ইণ্টাৰনেট আৰু ম’বাইল ফোন ৱেবৰ জৰিয়তে হোৱা গণ-যোগাযোগ অন্তৰ্ভুক্ত। ইণ্টাৰনেট মাধ্যমত ইমেইল, সামাজিক মাধ্যম ছাইটসমূহ, ৱেবছাইট, আৰু ইণ্টাৰনেট-ভিত্তিক ৰেডিঅ' আৰু টেলিভিছন আদি অন্তৰ্ভুক্ত। বহুতো আন গণমাধ্যম সংস্থাই ইণ্টাৰনেটত নিজৰ উপস্থিতি ৰাখে, যেনে দূৰদৰ্শনৰ বিজ্ঞাপন অনলাইনত আপলোড কৰা, বা বাহিৰৰ বা ছপা মাধ্যমত QR ক'ড বিতৰণ কৰি ম'বাইল ব্যৱহাৰকাৰীক ৱেবছাইটলৈ লৈ যোৱা। এইদৰে, ইণ্টাৰনেটে আগবঢ়োৱা সহজ প্ৰবেশযোগ্যতা আৰু ব্যাপক বিস্তাৰৰ সুবিধা ব্যৱহাৰ কৰি তেওঁলোকে বিশ্বৰ বহু অঞ্চললৈ একেলগে আৰু খৰচ-সাশ্ৰয়ীভাৱে তথ্য প্ৰেৰণ কৰিব পাৰে।
বাহিৰৰ মাধ্যমসমূহে তথ্য প্ৰেৰণ কৰে অগমেণ্টেড ৰিয়েলিটি (AR) বিজ্ঞাপন, বিলবোৰ্ড, ব্লিম্প, উৰন্ত বিলবোৰ্ড (বিমানৰ সহায়ত টাঙোৱা চিহ্ন), বাস, ব্যৱসায়িক অট্টালিকা, দোকান, খেলপথাৰ, মেট্ৰ' বা ৰে'লত থকা প্লেকাৰ্ড বা কিয়স্ক, চিহ্ন, বা হাৰ্ডিং আদি ৰূপত।১ ছপা মাধ্যমসমূহে কিতাপ, কমিক্স, আলোচনী, বাতৰিকাকত বা লিফলেট আদি ভৌতিক বস্তুৰ জৰিয়তে তথ্য প্ৰেৰণ কৰে।২ আয়োজক অনুষ্ঠান আৰু সৰ্বজনীন ভাষণকো গণমাধ্যমৰ ৰূপ হিচাপে গণ্য কৰা হয়।৩
গণমাধ্যম সংগঠন বা গণমাধ্যম প্ৰতিষ্ঠান বুলিলে সেই প্ৰতিষ্ঠানবোৰ বুজোৱা হয় যিবোৰে এই প্ৰযুক্তিসমূহ নিয়ন্ত্ৰণ কৰে, যেনে চলচ্চিত্ৰ ষ্টুডিঅ', প্ৰকাশন প্ৰতিষ্ঠান, আৰু ৰেডিঅ' বা দূৰদৰ্শন কেন্দ্ৰ (এইবোৰক কেতিয়াবা গণমাধ্যম নেটৱৰ্কও কোৱা হয়);৪৫ সাধাৰণতে এইসকল প্ৰতিষ্ঠানে মিডিয়া কংগ্ৰোমেৰেট গঠন কৰে।
তথ্যসূত্ৰ
- ↑ "Mass Media." eNotes. www.enotes.com/topics/mass-media{{Dead link|date=June 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ Riesman, David; Glazer, Nathan; and Denney, Reuel. The Lonely Crowd. Yale University Press, 1950. Chapter 2, p. 50
- ↑ "Types of Mass Media." Buzzle. Archived from the original on 2020-12-01
- ↑ "Mass media." Collins English Dictionary. HarperCollins Publishers
- ↑ McQuail, Denis. "Arguing for a general framework for mass media scholarship." Media, Culture & Society, vol. 22, no. 3, 2000, pp. 301–311
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণমাধ্যম” প্ৰবন্ধৰ সংশোধন ৫১৮৪০৪ (১৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।