আৱেশক (Inductor), যাক ক’ইল (coil), চোক (choke), বা ৰিঅেক্টৰ (reactor) বুলিও কোৱা হয়, এটা নিষ্ক্ৰিয় দুটা টাৰ্মিনেল থকা বৈদ্যুতিক উপাদান, যি বৈদ্যুতিক প্ৰবাহ পৰিবাহিত হোৱাৰ সময়ত এটা চুম্বকীয় ক্ষেত্ৰত শক্তি সঞ্চয় কৰে।১ এটা আৱেশক সাধাৰণতে ইনছুলেট কৰা তাৰ এটা ক’ইল হিচাপে আবৃত হৈ থাকে।
যেতিয়া ক’ইলৰ মাজেদি বৈদ্যুতিক প্ৰবাহ সলনি হয়, তেতিয়া তাৰ ফলস্বৰূপ সৃষ্ট চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত ঐ পৰিবাহকৰ ভিতৰত বিদ্যুৎচালক বল (emf) বা ভল্টেজ উদ্ভৱ হয়, যাক ফেৰাডে'ৰ প্ৰভাৱৰ নিয়মৰ দ্বাৰা বৰ্ণনা কৰা হয়। লেঞ্জৰ নিয়ম অনুসৰি, এই উদ্ভূত ভল্টেজৰ দিশটো সদায় মূল প্ৰবাহৰ পৰিৱৰ্তনক প্ৰতিকাৰ কৰে। এই কাৰণে, আৱেশকে বৈদ্যুতিক প্ৰবাহৰ যিকোনো হঠাৎ পৰিৱৰ্তনৰ বিৰুদ্ধে বাধা দিয়ে।
এটা আৱেশকৰ প্ৰধান গুণ হৈছে ইয়াৰ আৱেশতা (inductance), যি ভল্টেজ আৰু প্ৰবাহৰ পৰিৱৰ্তনৰ হাৰৰ অনুপাত। আন্তঃৰাষ্ট্ৰীয় একক প্ৰণালী (SI) অনুসৰি ইয়াৰ একক হৈছে হেনৰি (H), যিটো উনবিংশ শতিকাৰ আমেৰিকান বিজ্ঞানী জচেফ হেনৰিৰ নামত নামকৰণ কৰা হৈছে। চুম্বকীয় বৰ্তনীৰ মাপত ইয়াক হিচাপেও ধৰা হয়। আৱেশকৰ মান সাধাৰণতে ১μH (10−6H) পৰা ২০H লৈকে হয়। বহু আৱেশকৰ ভিতৰত লোহণ বা ফেৰাইটৰ দৰে চুম্বকীয় ক'ৰ থাকে, যি চুম্বক ক্ষেত্ৰ বৃদ্ধিত সহায় কৰে আৰু ফলস্বৰূপে আৱেশতা বঢ়ায়।
ধাৰিতা (capacitor) আৰু প্ৰতিবন্ধক (resistor)-ৰ সৈতে একেলগে, আৱেশক হৈছে তিনিটা প্ৰধান নিষ্ক্ৰিয় ৰৈখিক বৰ্তনী উপাদানৰ অন্যতম, যিবোৰ ইলেক্ট্ৰনিক বৰ্তনীৰ গঠনত ব্যৱহাৰ কৰা হয়। আৱেশকসমূহ বিশেষকৈ বৈকল্পিক প্ৰবাহ (AC) উপকৰণ, যেনে অনাতাঁৰ প্ৰযুক্তি উপকৰণত ব্যাপকভাৱে ব্যৱহৃত হয়। এইবোৰে AC প্ৰবাহ বাধা দিয়ে আৰু DC প্ৰবাহ পাৰ হ’ব দিয়ে; এই উদ্দেশ্যৰ বাবে তৈয়াৰী আৱেশকক চোক (choke) বোলা হয়। ইয়াক ফিল্টাৰত ব্যৱহাৰ কৰি বিভিন্ন কম্পনাংক সংকেত বাছনি কৰিব পৰা যায়, আৰু ধাৰিতাৰ সৈতে মিহলি কৰি টিউনড ছাৰ্কিট (tuned circuit) নিৰ্মাণ কৰা হয়, যি অনাতাঁৰ প্ৰযুক্তি আৰু দূৰদৰ্শন গ্ৰাহকৰ সঠিক ফ্ৰিকুৱেঞ্চি লৈ টিউন কৰাত সহায় কৰে।
Inductor শব্দটো সম্ভবত হেইনৰিখ ডেনিয়েল ৰুমকোৰ্ফৰ পৰা আহৰণ কৰা, যিয়ে ১৮৫১ চনত আবিষ্কৃত induction coil-টো 'inductorium' বুলি অভিহিত কৰিছিল।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৱেশক” প্ৰবন্ধৰ সংশোধন ৫১৭২৯৩ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।