অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডীপছীক

হাংচৌ ডীপছীক কৃত্ৰিম বুদ্ধিমত্তা মৌলিক প্ৰযুক্তি গৱেষণা কোম্পানী, লিমিটেড, যাৰ ব্যৱসায়িক নাম ডীপছীক, হৈছে চীনৰ এটা কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী যিয়ে মুক্ত উৎসৰ বৃহৎ ভাষাৰ আৰ্হি (LLM) বিকশিত কৰে।

হালনাগাদ: ১২ এপ্ৰিল ২০২৫ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

হাংচৌ ডীপছীক কৃত্ৰিম বুদ্ধিমত্তা মৌলিক প্ৰযুক্তি গৱেষণা কোম্পানী, লিমিটেড, যাৰ ব্যৱসায়িক নাম ডীপছীক, হৈছে চীনৰ এটা কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী যিয়ে মুক্ত উৎসৰ বৃহৎ ভাষাৰ আৰ্হি (LLM) বিকশিত কৰে। চেচিয়াঙৰ হাংচৌত থকা এই কোম্পানীটোৰ মালিক হৈছে চীনা হেজ ফাণ্ড হাই-ফ্লাইয়াৰ, যাৰ সহ-প্ৰতিষ্ঠাপক লিয়াং ৱেনফেঙে ২০২৩ চনত কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰি আছে।

ডীপছীক-R1 মডেলে যথেষ্ট কম খৰচত প্ৰশিক্ষণ লাভ কৰাৰ পাছতো অন্যান্য সমসাময়িক এলএলএম, যেনে অ’পেনএআইৰ GPT-4o আৰু o1ৰ সৈতে তুলনাযোগ্য সঁহাৰি প্ৰদান কৰে।১ ২০২৩ চনত অ’পেনএআই-ৰ জিপিটি-৪ৰ বাবে বিনিয়োগ হোৱা ১০ কোটি মাৰ্কিন ডলাৰৰ তুলনাত ডীপছীকৰ বাবে ৬ মিলিয়ন মাৰ্কিন ডলাৰহে খৰচ হোৱা বুলি কোৱা হৈছে।২২৩৪৫ উন্নত এআই ব্যৱস্থা বিকশিত কৰাৰ ক্ষমতাক বাধা দিয়াৰ উদ্দেশ্যে আমেৰিকাই চীনৰ ওপৰত আৰোপ কৰা এনভিডিয়া চিপৰ নিষেধাজ্ঞাৰ মাজতে ডীপছীকৰ এআই মডেলসমূহ প্ৰস্তুত কৰা হৈছিল।৬৭

২০২৫ চনৰ ১০ জানুৱাৰীত ডীপছীকে এপল আইঅ’এছ আৰু এণ্ড্ৰইডৰ বাবে ডীপছীক-R1 মডেলৰ ওপৰত ভিত্তি কৰি প্ৰথমটো বিনামূলীয়া চেটবট এপ মুকলি কৰে৷ ২৭ জানুৱাৰীৰ ভিতৰত ডীপছীক-R1এ আমেৰিকাৰ আইঅ’এছ এপ ষ্ট’ৰত সৰ্বাধিক ডাউনল’ড হোৱা বিনামূলীয়া এপ হিচাপে চেটজিপিটি-ক অতিক্ৰম কৰে, যাৰ ফলত এনভিডিয়াৰ শ্বেয়াৰৰ মূল্য ১৮% হ্ৰাস পায়।৮৯১০ বৃহৎ আৰু অধিক প্ৰতিষ্ঠিত প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে ডীপছীকৰ সফলতাক "আপেণ্ডিং এআই" বুলি অভিহিত কৰা হৈছে৷৮

ডীপছীকে ইয়াৰ উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তা এল্গ’ৰিদম, মডেল আৰু প্ৰশিক্ষণৰ বিৱৰণ মুক্ত-উৎস কৰি তুলিছে, যাৰ ফলত ইয়াৰ ক’ড ব্যৱহাৰ, পৰিৱৰ্তন, দৰ্শন আৰু নিৰ্মাণৰ উদ্দেশ্যে নথিপত্ৰ ডিজাইনৰ বাবে মুক্তভাৱে উপলব্ধ হ’ব পাৰে।১১ খবৰ অনুসৰি কোম্পানীটোৱে চীনৰ শীৰ্ষ বিশ্ববিদ্যালয়সমূহৰ নতুন গৱেষক, অভিযন্তা আৰু কম্পিউটাৰ বিজ্ঞান ক্ষেত্ৰৰ বাহিৰৰ লোকক ইয়াৰ মডেলসমূহৰ জ্ঞান আৰু ক্ষমতাৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিবলৈ নিযুক্তি দিয়ে।৮৪১২

পটভূমি

২০০৭-২০০৮ চনৰ বিত্তীয় সংকটৰ সময়ছোৱাৰ পৰাই ট্ৰে’ডিঙৰ সৈতে জড়িত হৈ থকা লিয়াং ৱেনফেঙে চেচিয়াং বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত হাই-ফ্লায়াৰ নামৰ কোম্পানীটো সহ-প্ৰতিষ্ঠা কৰে।১৩ ২০১৯ চনলৈ তেওঁ হাই-ফ্লায়াৰক এআই ট্ৰে’ডিং এল্গ’ৰিদমৰ ব্যৱহাৰ আৰু বিকাশত কেন্দ্ৰিত হেজ ফাণ্ড হিচাপে প্ৰতিষ্ঠিত কৰে। ২০২১ চনলৈ হাই-ফ্লায়াৰে কেৱল ট্ৰে’ডিঙত এআই ব্যৱহাৰ কৰিছিল য’ত প্ৰায়ে এনভিডিয়া চিপ ব্যৱহাৰ কৰা হৈছিল।১৪১২ ডীপছীকে ইয়াৰ জেনেৰেটীভ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চেটবটটো অপেন ছ’ৰ্চ কৰিছে, অৰ্থাৎ ইয়াৰ ক’ড মুকলিকৈ ব্যৱহাৰ কৰিব, সাল-সলনি কৰিব আৰু চাব পৰা যায়। ইয়াত নিৰ্মাণৰ উদ্দেশ্যে ছ’ৰ্চ ক’ডৰ লগতে ডিজাইন-সম্বন্ধীয় নথিপত্ৰ ব্যৱহাৰ কৰাৰ অনুমতিও প্ৰদান কৰা হৈছে।১১

২০২১ চনত হাই-ফ্লায়াৰ চলাই থকাৰ সময়তেই লিয়াঙে এক এআই প্ৰকল্পৰ বাবে এনভিডিয়া জিপিইউ সংগ্ৰহ কৰিবলৈ লয়।১২ 36Kr-ৰ মতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চৰকাৰে চীনৰ ওপৰত এআই চিপৰ নিষেধাজ্ঞা আৰোপ কৰাৰ আগে-আগে লিয়াঙে এআই প্ৰশিক্ষণত ব্যৱহৃত ১০,০০০টা এনভিডিয়া A100 জিপিইউ-ৰ ভাণ্ডাৰ তৈয়াৰ কৰে।১৫১৪

২০২৩ চনৰ এপ্ৰিল মাহত হাই-ফ্লায়াৰে কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তাৰ গৱেষণাগাৰ আৰম্ভ কৰে যি হাই-ফ্লায়াৰৰ বিত্তীয় ব্যৱসায়ৰ পৰা পৃথক এআই সঁজুলি বিকাশৰ গৱেষণাত নিয়োজিত আছিল।১৬১৭ ২০২৩ চনৰ মে’ মাহত হাই-ফ্লায়াৰক এক বিনিয়োগকাৰী হিচাপে লৈ গৱেষণাগাৰটোৱে এক স্বতন্ত্ৰ কোম্পানী, ডীপছীকৰ ৰূপ লয়।১৪১৮১৭ কম সময়ৰ ভিতৰত লাভ প্ৰদান কৰাৰ অসম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগ-পুঁজিৰ প্ৰতিষ্ঠানসমূহ পুঁজি যোগান ধৰাত অনিচ্ছুক আছিল।১৪

২০২৪ চনৰ মে’ মাহত কম দামত অভাৱনীয় কাৰ্যক্ষমতা আগবঢ়োৱা ডীপছীক-V2 মুকলি কৰাৰ পাছত ডীপছীক চীনৰ এআই মডেলৰ মূল্য-যুদ্ধৰ উৎপ্ৰেৰক হিচাপে জনাজাত হৈ পৰে। অতি সোনকালেই কোম্পানীটোক "এআই জগতৰ পিনডুঅ’ডুঅ’" আখ্যা দিয়া হয় আৰু বাইটডাঞ্চ, টেনচেণ্ট, বাইডু আৰু আলিবাবাৰ দৰে অন্যান্য আগশাৰীৰ প্ৰযুক্তিৰ কোম্পানীয়ে ইয়াৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ তেওঁলোকৰ এআই মডেলসমূহৰ মূল্য হ্ৰাস কৰিবলৈ লয়। কম মূল্য আদায় কৰাৰ পাছতো লোকচান বহন কৰি থকা প্ৰতিদ্বন্দ্বীসমূহৰ তুলনাত ডীপছীক লাভদায়ক হৈ আছিল।১৯

ডীপছীকৰ প্ৰধান গুৰুত্ব হৈছে গৱেষণা আৰু তেওঁলোকে নিজৰ প্ৰযুক্তিক বাণিজ্যিক সামগ্ৰীলৈ ৰূপান্তৰিত কৰাৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা আগবঢ়োৱা নাই;১৯ ইয়াৰ ইতিবাচক দিশটো হ’ল— তেওঁলোকৰ প্ৰযুক্তিয়ে চীনৰ কঠোৰতম এআই-সম্বন্ধীয় আইন যেনে— গ্ৰাহক-মুখী এআই সামগ্ৰীৰ ক্ষেত্ৰত তথ্যৰ নিয়ন্ত্ৰণ-সম্পৰ্কীয় চৰকাৰী আইন কঠোৰভাৱে মানি চলিবলগীয়া নহয়।৪

নিযুক্তিৰ ক্ষেত্ৰত ডীপছীকে কৰ্মৰ অভিজ্ঞতাতকৈ প্ৰযুক্তিগত দক্ষতাক অধিক অগ্ৰাধিকাৰ দিয়ে, যাৰ ফলত নতুনকৈ নিযুক্ত লোকৰ অধিকাংশই শেহতীয়াকৈ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা নাইবা এআই-ৰ ক্ষেত্ৰখনত পেচাগত দিশৰ পৰা কম প্ৰতিষ্ঠিত।১৭৪ একেদৰে, কোম্পানীটোৱে কবিতাৰ সৃষ্টি আৰু অত্যন্ত কঠিন চীনা মহাবিদ্যালয় নামভৰ্তি পৰীক্ষা (গাওকাও)ত ভাল প্ৰদৰ্শন কৰাকে ধৰি অন্যান্য বিষয় আৰু জ্ঞানৰ ক্ষেত্ৰসমূহ বুজাত নিজৰ প্ৰযুক্তিক সহায় কৰিবলৈ কম্পিউটাৰ-বিজ্ঞানৰ সৈতে জড়িত নথকা লোককো নিযুক্তি দিয়ে।১৭

তথ্যসূত্ৰ

  1. ↑ Gibney, Elizabeth. (23 January 2025). China's cheap, open AI model DeepSeek thrills scientists. Nature
  2. ↑ Vincent, James. (28 January 2025). The DeepSeek panic reveals an AI world ready to blow. The Guardian
  3. ↑ Hoskins, Peter; Rahman-Jones, Imran. (27 January 2025). Nvidia shares sink as Chinese AI app spooks markets. BBC
  4. ↑ Metz, Cade; Tobin, Meaghan. (23 January 2025). How Chinese A.I. Start-Up DeepSeek Is Competing With Silicon Valley Giants. The New York Times
  5. ↑ Cosgrove, Emma. (27 January 2025). DeepSeek's cheaper models and weaker chips call into question trillions in AI infrastructure spending. Business Insider
  6. ↑ Saran, Cliff. (10 December 2024). Nvidia investigation signals widening of US and China chip war | Computer Weekly. Computer Weekly
  7. ↑ Sherman, Natalie. (9 December 2024). Nvidia targeted by China in new chip war probe. BBC
  8. ↑ Metz, Cade. (27 January 2025). What is DeepSeek? And How Is It Upending A.I.?. The New York Times
  9. ↑ Field, Hayden. (27 January 2025). China's DeepSeek AI dethrones ChatGPT on App Store: Here's what you should know. CNBC
  10. ↑ (27 January 2025). What is DeepSeek, and why is it causing Nvidia and other stocks to slump?. www.cbsnews.com
  11. ↑ Romero, Luis E. ChatGPT, DeepSeek, Or Llama? Meta's LeCun Says Open-Source Is The Key. Forbes
  12. ↑ Olcott, Eleanor; Wu, Zijing. (24 January 2025). How small Chinese AI start-up DeepSeek shocked Silicon Valley. Financial Times
  13. ↑ Chen, Caiwei. (24 January 2025). How a top Chinese AI model overcame US sanctions. MIT Technology Review
  14. ↑ Ottinger, Lily. (9 December 2024). Deepseek: From Hedge Fund to Frontier Model Maker. ChinaTalk
  15. ↑ Leswing, Kif. (23 February 2023). Meet the $10,000 Nvidia chip powering the race for A.I.. CNBC
  16. ↑ Yu, Xu. (17 April 2023). (Exclusive) Chinese Quant Hedge Fund High-Flyer Won't Use AGI to Trade Stocks, MD Says. Yicai Global
  17. ↑ Jiang, Ben; Perezi, Bien. (1 January 2025). Meet DeepSeek: the Chinese start-up that is changing how AI models are trained. South China Morning Post
  18. ↑ McMorrow, Ryan; Olcott, Eleanor. (9 June 2024). The Chinese quant fund-turned-AI pioneer. Financial Times
  19. ↑ Schneider, Jordan. (27 November 2024). Deepseek: The Quiet Giant Leading China's AI Race. ChinaTalk

সম্পৰ্কিত শ্ৰেণী

প্ৰযুক্তিতথ্য প্ৰযুক্তিকৃত্ৰিম বুদ্ধিমত্তা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডীপছীক” প্ৰবন্ধৰ সংশোধন ৫০৩৪০২ (১২ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।