মুনা থাপা মগৰ (নেপালী: मुना थापा मगर)১ এগৰাকী নেপালী লোক-গায়িকা। তেওঁ নেপালৰ গোৰ্খা জিলাৰ মনকমনা গাঁও উন্নয়ন সমিতিৰ চিলিং লামছাপা গাঁৱত জন্মগ্ৰহণ কৰিছিল।২
কেৰিয়াৰ
মুনা থাপা গোৰ্খাৰ লামাচাপ মনকামনাৰ চিলিঙত ডাঙৰ-দীঘল হৈছিল।৩ তানাহু আবুখাইৰেনীৰ এটা অনুষ্ঠানত ডিঙিৰ সমস্যাৰ বাবে গান গাবলৈ অসমৰ্থ হোৱা এজন বন্ধুৰ সলনি তেওঁ গীত গাবলৈ মঞ্চত উঠিছিল। এনেকৈয়ে তেওঁৰ সংগীত জীৱন আৰম্ভ হৈছিল৷
২০১৫ চনৰ এপ্ৰিল মাহৰ নেপালৰ ভূমিকম্পৰ সময়ত তেওঁ ভুক্তভোগীসকলক সাহাৰ্য্য সামগ্ৰী আগবঢ়ায়ছিল।৪
এলবামসমূহ
- তিজ গীত – বেশিকৌ মেলা (तिज गीत – बेशिको मेला)
- চৌৰী (छोरी)
- দৌশ্ৰৌ চৌৰী (दोश्रो छोरी)
- নিমী ৰাম্ৰৌ হাঁসৌলে (तिमी राम्रो हांसोले)
- বাডুল্কি লাইৰহনে (পাঁচে বাজা) (बाडुल्कि लाईरहने)
- তিমি মেৰৌ ম তিম্ৰৌ হুনে কহিলে হৌ (तिमी मेरो म तिम्रो हुने कहिले हो)
- ছৰী বস্যৌ বৰকৌ ডালিমা (चरी बस्यो बरको डालीमा)
- কে দিউ মৈলে সম্ঝনা (के दिउ मैले सम्झना)
- পিৰনীমা ফেল (पिरतीमा फेल)
- জিবন অধুৰৌ (जिबन अधुरो)
বঁটা
| বৰ্ষ | বঁটা | শ্ৰেণী | ফলাফল |
|---|---|---|---|
| ২০০৯ | টুবৰ্গ ইমেজ মিউজিক বঁটা | শ্ৰেষ্ঠ দোহৰি গায়ক | |
| ২০০৯ | বিন্দাবছিনী সংগীত বঁটা | বছৰটোৰ লোক-গায়ক | |
| ২০১০ | হিটছ এফ এম মিউজিক এৱাৰ্ড | এলবাম অৱ দ্য ইয়েৰ | |
| ২০১০ | ইমেজ বঁটা | বছৰটোৰ দোহৰি গায়ক | |
| ২০১৩ | সংগীত খবৰ বঁটা | বছৰটোৰ লোক-গায়ক | |
| ২০১৪ | সংগীত খবৰ বঁটা | বছৰটোৰ লোক-গায়ক | |
| ২০১০৷৫ | সংগীত খবৰ বঁটা | বছৰটোৰ লোক-গায়ক |
তথ্যসূত্ৰ
- ↑ Muna Thapa Magar official site
- ↑ मुनाको सांगीतिक यात्रा: एकादशी मेलादेखि अमेरिकासम्म. Online Khabar
- ↑ यसरी सफल भइन्, लोकगायिका मुना थापा मगर. Khabardabali.com
- ↑ गोरखाका भूकम्पपीडितलाई सहयोग गर्दै लोकगायिका मुना. Khabardabali.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনা থাপা মগৰ” প্ৰবন্ধৰ সংশোধন ৬০৮১০৬ (২৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।