ৰৌশনী ৰসাইলী (নেপালী: रोशनी रसाइली) নেপালৰ এগৰাকী দ্বৈত আৰু লোক-সংগীতৰ গায়িকা।১ নেপালী সংগীত জগতলৈ তেওঁৰ অৱদানৰ বাবে তেওঁ পৰিচিত। ১৯৮৪ চনত নেপালৰ বাগলুং জিলাত তেওঁ জন্মগ্ৰহণ কৰিছিল।২ ২০০৯ চনত তেওঁৰ প্ৰথম গীত "কতি পলায়ো ডালি" মুক্তিৰ জৰিয়তে সংগীত জীৱন আৰম্ভ কৰে। সংগীত ক্ষেত্ৰখনত ১৪ বছৰীয়া কেৰিয়াৰ গঢ়ি তেওঁ দ্বৈত আৰু লোকগায়ন দুয়োটাতে এগৰাকী বিশিষ্ট ব্যক্তিত্বত পৰিণত হৈছে। ''মুটু বিঝাউনে" তেওঁৰ সংগীত প্ৰথম সংগীত এলবাম আছিল।৩
বিৱৰণ
ৰৌশনী ৰসাইলী এগৰাকী নেপালী লোক-গায়িকা।৪ ১৫ বছৰতকৈও অধিক সময় ধৰি তেওঁ সক্ৰিয়ভাৱে সংগীতৰ সৈতে জড়িত হৈ আছে।৫ "৩৩ কিলো ছান", "বট্টী পাছল", "ছালি বিনা" আদি তেওঁৰ সংগীত জীৱনৰ কিছুমান জনপ্ৰিয় গীত। সংগীত আৰু মনোৰঞ্জন উদ্যোগ শাখাত শ্ৰেষ্ঠ মহিলা নেতৃত্বৰ উৎকৰ্ষ বঁটা (দক্ষিণ এছিয়ান অংশীদাৰিত্ব সন্মিলন আৰু ব্যৱসায়িক উৎকৰ্ষ বঁটা ১০ ডিচেম্বৰ ২০২১, কলম্বো, শ্ৰীলংকা) আৰু ২০২১ চনত ষ্টাৰ সংগীত আৰু চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ডুৱেট আৰু লোক-গায়িকা হিচাপে সন্মানিত হৈছে।৬
প্ৰাৰম্ভিক জীৱন
২০১০ চনত কাঠমাণ্ডুত প্ৰথম মুখামুখি হোৱাৰ পিছত ৰসেইলী আৰু ৰমেশ শিৱশংকৰে বিবাহ পাশত আবদ্ধ হৈছিল। ২০১১ চনৰ ২৪ নৱেম্বৰত নেপালত তেওঁলোকৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল।২
তথ্যসূত্ৰ
- ↑ (20 April 2023). "I am very happy to spend some part of my earnings on needy people and children": Singer Roshani Rasaili. National Power News
- ↑ मौलिकता बोकेका गीतमा रसाइली. Himalaya Times
- ↑ Music is lifeblood of human existence. The Annapurna Express
- ↑ (2023-02-25). 'स्वरले साथ दिएसम्म गाइरहने छु'. Drishti News - Nepalese News Portal
- ↑ काठमाडौँ, नागरिक संवाददाता. रोशनीको गायन यात्रा. nagariknews.nagariknetwork.com
- ↑ (2023-03-23). लोकगायनकी रोशनी भन्छिन्- काठमाडौं टेकेदेखि निरन्तर गायनमै छु. Drishti News - Nepalese News Portal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰৌশনী ৰসাইলী” প্ৰবন্ধৰ সংশোধন ৬০৯৫৯৩ (২৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।