জ্ঞানু ৰাণা (ইংৰাজী: Gyanu Rana, নেপালী: ज्ञानु राणा; জন্ম: ৩ অক্টোবৰ, ১৯৪৯) এগৰাকী নেপালী লোক-গায়িকা৷ জ্ঞানু ৰাণাৰ জন্ম হৈছিল নেপালৰ বাতুলেচৌৰ, পখৰাত৷ তেওঁ "শিৰি মা শিৰি নি কাঞ্চা" আৰু "মাঞ্চে কো মায়া য়াহা" আদি জনপ্ৰিয় নেপালী গীত লিখিছিল আৰু নাৰায়ণ গোপালৰ সৈতে গাইছিল।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
জ্ঞানু ৰাণা বিখ্যাত কবি আৰু প্ৰখ্যাত লোক-গায়ক ধৰ্মৰাজ থাপাৰ কন্যা। তেওঁৰ পিতৃয়ে ৰেডিঅ’ নেপালত কাম কৰিছিল আৰু পিছলৈ নেপাল সংস্কৃতিৰ প্ৰসাৰ আৰু বিকাশৰ বাবে গঠন হোৱা নেপাল চৰকাৰী প্ৰতিষ্ঠান নেপাল একাডেমীৰ সদস্য হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁৰ মাতৃ সাবিত্ৰী থাপা নেপালী লোকগীত আৰু সংস্কৃতিৰ প্ৰচাৰৰ মঞ্চ ধৰ্মৰাজ সাবিত্ৰী থাপা লোক সাহিত্য গুঠিৰ প্ৰতিষ্ঠাপক।২
ৰাণাই নেপালৰ পোখৰাৰ বাতুলেচৌৰ মহকুমাত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই প্ৰাথমিক পৰ্যায়লৈকে অধ্যয়ন কৰিছিল। পিছত উচ্চ শিক্ষাৰ বাবে কাঠমাণ্ডুলৈ যায়। ১৯৬৫ চনত শিক্ষা সমাপ্ত কৰে আৰু দিল্লীবজাৰৰ পদ্ম কন্যাত নামভৰ্তি কৰে। ১৯৬৭–৬৮ চনত বাংলাদেশৰ মৈমেনসিংহৰ ভাৰতেশ্বৰী হোমছত গৃহ বিজ্ঞান অধ্যয়ন কৰি ১৯৭০ চনত নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা মধ্যম পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৭৭ চনত ভাৰতৰ বৰোদাৰ এম এছ ইউনিভাৰ্চিটিৰ অধীনত বৰোদাৰ মিউজিক কলেজত প্ৰশিক্ষণ লয়। ১৯৮২ চনত ভাৰতৰ এলাহাবাদৰ প্ৰয়াগ স্ংগীত সমিতিৰ পৰা প্ৰথম বিভাগত ছিনিয়ৰ লেভেল ডিপ্লমা লাভ কৰে।
কৰ্মজীৱন
সৰুৰে পৰাই জ্ঞানু ৰাণা সংগীতৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। তেওঁৰ পিতৃ বিখ্যাত লোক-গায়ক ধৰ্মৰাজ থাপাই সেই সময়ৰ একমাত্ৰ চৰকাৰী ৰেডিঅ’ ষ্টেচন ৰেডিঅ’ নেপালৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। দেউতাকৰ দৰেই তেওঁৰ লোকগীতৰ বিশেষত্বও আছে যদিও আধুনিক গীত আৰু পপ গীত গোৱাতো তেওঁ বিশেষজ্ঞ। এতিয়ালৈকে তেওঁ নেপালী, হিন্দী আৰু উৰ্দু ভাষাৰ লগতে নেপালৰ স্থানীয় ভোজপুৰী, মৈথিলী আৰু নেৱাৰী ভাষাত ২০০০ৰো অধিক গীত বাণীবদ্ধ কৰিছে। এনে গীতৰ ভিতৰত আধুনিক, ধ্ৰুপদী, লোকগীত, ভজন আৰু বিভিন্ন ধৰণৰ গজল আদি অন্যতম।২
জ্ঞানু ৰাণাৰ গীতসমূহ যোৱা চল্লিশ বছৰ ধৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম যেনে ৰেডিঅ’ নেপাল, স্থানীয় এফ এম চেনেল, নেপাল টেলিভিছন আৰু নেপালৰ আন বহুতো দূৰদৰ্শন চেনেলৰ জৰিয়তে নিয়মিতভাৱে প্ৰচাৰিত হৈ আহিছে। দহখনতকৈও অধিক নেপালী ছবিত তেওঁ নেপথ্য গায়িকা হিচাপেও গীত গাইছে। এতিয়ালৈকে তেওঁ শৈক্ষিক আৰু সাংস্কৃতিক সংগঠনে আয়োজন কৰা বহুতো ৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছিল। বাংলাদেশত প্ৰথমটো SARC শীৰ্ষ সন্মিলন আৰু ভাৰত, চীন, দক্ষিণ কোৰিয়া, জাপান, ছিংগাপুৰ, থাইলেণ্ড আৰু ইউ এছ এছ আৰ আদিত আয়োজন কৰা সাংস্কৃতিক উৎসৱ আদি বহু সাংস্কৃতিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগীত অনুষ্ঠানতো তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।
ৰাণাই ১৯৭০ চনৰ পৰা ২০০৬ চনলৈকে চৰকাৰী মালিকানাধীন ৰয়েল নেপাল একাডেমীত শিল্পী (সংগীত) পদ নিযুক্ত হৈছিল আৰু তৃতীয় শ্ৰেণীৰ গেজেটেড কৰ্মী সহকাৰী সঞ্চালক (সংগীত) হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ ভাৰত, ভূটান, বাংলাদেশ, চীন, থাইলেণ্ড, ছিংগাপুৰ, ইউ এছ এছ আৰ, দক্ষিণ কোৰিয়া আৰু জাপান আদি বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছিল।
নেপালী, হিন্দী, ইংৰাজী, বাংলা ভাষা আদি ভাষা তেওঁ সাৱলীলভাৱে ক’ব পাৰে।
চৰকাৰী মালিকানাধীন ৰেডিঅ' নেপালৰ দ্বাৰা ১৯৯৮ চনত তেওঁক বিখ্যাত শ্ৰেণী গায়িকা হিচাপে শ্ৰেণীভুক্ত কৰা হয়৷
বঁটা
জ্ঞানু ৰাণাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত বহু সংগীত প্ৰতিযোগিতাত সফলতা লাভ কৰিছে, যেনে ৰেডিঅ' নেপালৰ ৰূপালী জয়ন্তী উৎসৱৰ সময়ত আয়োজন কৰা লোকগীত প্ৰতিযোগিতাত প্ৰথম স্থান।৩
ইয়াৰ উপৰিও তেওঁ বহুতো ৰাষ্ট্ৰীয় উচ্চ পৰ্যায়ৰ সন্মান আৰু বঁটা লাভ কৰিছে৷
- নেপাল চৰকাৰৰ প্ৰবাল গোৰ্খা ডাক্সিন বহু চতুৰ্থ
- ইন্দ্ৰ ৰাজ্য লক্ষ্মীপুৰস্কাৰ
- ৰাষ্ট্ৰীয় প্ৰতিভা পুৰস্কাৰ
- চিন্না লতা পুৰস্কাৰ
- নাতি কাজী পুৰস্কাৰ
- ধৰ্ম ৰাজ স্বিত্ৰী থাপা লোক সাহিত্য পুৰাস্কৰ
- ডিৰঘা সেৱা পদক (ৰয়েল নেপাল একাডেমী)
- ৰাজ্যঅভিশেষ পদক আদি৷
তথ্যসূত্ৰ
- ↑ I AM NOT SATISFIED WITH THE SONGS OF THIS GENERATION; GYANU RANA. 3gsmusic.com. 3gsound Inc
- ↑ Legendary singer Gyanu Rana to be honoured with concert. kathmandupost.com
- ↑ Nepal, WOW Magazine. (2018-12-29). Gyanu Rana - Queen of Melody. WOW Magazine Nepal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞানু ৰাণা” প্ৰবন্ধৰ সংশোধন ৪৯১২৭৬ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।