অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰ্থাৰ মিলাৰ

আৰ্থাৰ মিলাৰ (১৭ অক্টোবৰ ১৮১৫-১০ ফেব্ৰুৱাৰী ২০০৫) কুৰি শতিকাৰ এগৰাকী বিশিষ্ট আমেৰিকান নাট্যকাৰ। তেওঁৰ আটাইতকৈ জনপ্ৰিয় নাটকসমূহ হৈছে All My Sons (1947), Death of a Salesman (1949), The Crucible (1953), আৰু A View from the Bridge (1955)।

হালনাগাদ: ২১ অক্টোবৰ ২০২৪ ৪৫৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আৰ্থাৰ মিলাৰ (১৭ অক্টোবৰ ১৮১৫-১০ ফেব্ৰুৱাৰী ২০০৫) কুৰি শতিকাৰ এগৰাকী বিশিষ্ট আমেৰিকান নাট্যকাৰ। তেওঁৰ আটাইতকৈ জনপ্ৰিয় নাটকসমূহ হৈছে All My Sons (1947), Death of a Salesman (1949), The Crucible (1953), আৰু A View from the Bridge (1955)। আধুনিক আমেৰিকান নাট্যসাহিত্যলৈ নতুনত্ব অনা নাট Death of a Salesman (1949)-ক বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ আমেৰিকান নাটক হিচাপে গণ্য কৰা হয়। তেওঁৰ নাটকত প্ৰখৰ সামাজিক চেতনাৰ লগতে ব্যক্তিৰ অন্তৰ্জীৱনৰ বাস্তৱবাদী অভিব্যক্তি দেখা যায়। তেওঁ কেইবাখনো চিত্ৰনাট্যও লিখিছিল, যাৰ ভিতৰত এখন The Misfits (1961)।

১৯৫০-৬০ ৰ সময়ছোৱাত সাহিত্যিক হিচাপে তেখেত চৰ্চালৈ আহে। এই সময়ছোৱাত তেওঁ নাটকৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে। ১৯৮০ চনত তেওঁ ছেইণ্ট লুইছ ইউনিভাৰ্চিটি লাইব্ৰেৰী এছ "চিয়েটছৰ পৰা ছেইণ্ট লুইচ সাহিত্য বঁটা লাভ কৰে।১২ তেওঁ ২০০১ চনত প্ৰেমিয়াম ইম্পেৰিয়েল বঁটা, ২০০২ চনত প্ৰিন্স অৱ আস্তুৰিয়াছ বঁটা, আৰু 2003 চনত জেৰুজালেম বঁটা, আৰৰু 1999 চনত ডৰোথী আৰু লিলিয়ান গিছ বঁটা লাভ কৰে।৩

চমু জীৱনী

মিলাৰৰ জন্ম হৈছিল মেনহাটন দ্বীপৰ হাৰ্লেম অঞ্চলত। অগষ্টা বাৰনেট আৰু ইছিডোৰ মিলাৰৰ তিনিজন সন্তানৰ ভিতৰত তেখেত দ্বিতীয়। তেওঁৰ জন্ম হৈছিল পলিচ-ইহুদী বংশৰ এটা ইহুদী পৰিয়ালত। ৪৫৬৭৮৯১০ কিশোৰ অৱস্থাত মিলাৰে পৰিয়ালক সহায় কৰিবলৈ প্ৰতিদিনে ৰাতিপুৱা স্কুলৰ আগতে ৰুটি বিলাবলৈও বাধ্য হৈছিল।১১

১৯৩২ চনত আব্ৰাহাম লিংকন হাইস্কুল পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ মিচিগান বিশ্ববিদ্যালয়ত পঢ়া-শুনাৰ খৰচ বহন কৰিবলৈ কেইবাটাও সামান্য চাকৰিত কাম কৰিছিল।১২১৩ তেওঁ মিচিগান বিশ্ববিদ্যালয়ত ১৯৩৪ চনত সাংবাদিকতা অধ্যয়ন কৰিবলৈ ভৰ্তি হৈছিল। দুবছৰ পাছত তেওঁ ইংৰাজীৰ স্নাতক হয়। তাৰ পাছত নিউইয়ৰ্কৰ ফেডাৰেল থিয়েটাৰ প্ৰকল্পৰ কামত সোমায়। পঢ়ি থকা কালতে তেওঁ নাটক লিখি পুৰস্কৃত হৈছিল। নিউয়ৰ্ক বিশ্ববিদ্যালয় আৰু নিউ হেম্পশ্বায়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ গ্ৰহণ কৰাৰ আগতে মনোৰোগ বিশেষজ্ঞ সহায়ক আৰু কপিৰাইটাৰ হিচাপেও কাম কৰিছিল।

সাহিত্যিক অৱদান

নিউইয়ৰ্কৰ চহকী ব্যৱসায়ী পৰিয়ালত জন্ম গ্ৰহণ কৰা মিলাৰে আমেৰিকাৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত পৰিয়ালটোৱে ভোগ কৰা আৰ্থিক অনাটনৰ ভুক্তভোগী হয়। অৰ্থনৈতিক অবস্থা বেয়া হৈ অহা মিলাৰ পৰিয়ালটি ব্ৰুকলিনৰ সৰু কৃষিপাম এখনলৈ উঠি যায়। এই অভিজ্ঞতাই পৰৱৰ্তীকালত মিলাৰক তেওঁৰ নাটকৰ বিষয়বস্তু নিৰ্বাচনত সহায় কৰে।

মঞ্চস্থ হোৱা তেওঁৰ প্ৰথম নাটক The Man Who Had All the Luck (১৯৪৪) বৰ সফল হোৱা নাছিল। কিন্তু ১৯৪৭ চনত ৰচিত All My Sons-এ তেওঁলৈ সফলতা আনি দিয়ে। বিশ্বযুদ্ধৰ সময়ত উৰাজাহাজৰ খুঁত থকা অংশ উৎপন্ন কৰি বিক্ৰি কৰা কাৰখানাৰ গৰাকী এজনৰ কাহিনী লৈ ৰচিত নাটখনত সামাজিক দায়বদ্ধতা আৰু নৈতিকতাৰ প্ৰশ্ন উত্থাপিত হয়। ১৯৪৯ চনত ৰচিত আধুনিক ট্ৰেজেডি Death of a Salesman-অৰ বাবে মিলাৰে আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰে। উইলি লোমান নামৰ অসফল ব্যক্তি এজনৰ কৰুণ জীবনকাহিনী আৰু তথাকথিত 'আমেৰিকান সপোন'ৰ অন্তঃসাৰশূন্যতাৰ ওপৰত আধাৰিত নাটখনত মিলাৰে অভিব্যঞ্জনাবাদী কলা-কৌশল প্ৰয়োগ কৰে। পঞ্চাছৰ দশকত কমিউনিষ্টসকলৰ কাম-কাজৰ সৈতে জড়িত থকাৰ অভিযোগ তুলি মিলাৰক কেইবাবাৰো সংসদীয় সমিতিৰ আগত হাজিৰ হৈ সাক্ষ্য দিবলৈ বাধ্য কৰোৱা হৈছিল। ১৪

নাটক সম্পৰ্কীয় মিলাৰৰ নিজস্ব বিচাৰৰ আভাস পোৱা যায় তেওঁৰ গ্ৰন্থ Theatre Essays (১৯৭৩)-অত সন্নিবিষ্ট ৰচনাসমূহত। নব্বৈৰ দশকত মিলাৰে ৰচনা কৰা উল্লেখযোগ্য নাটৰ ভিতৰত আছে The Ride Down Mount Morgan (১৯৯১) আৰু The Last Yankee (১৯৯৩)। ২০০২ চনত মিলাবে স্পেইনৰ সন্মানজনক Principe de Asturias পুৰস্কাৰ লাভ কৰে। এই পুৰস্কাৰ লাভ কৰা তেখেতেই প্ৰথম আমেৰিকান লেখক।১৪

তথ্যসূত্ৰ

  1. ↑ Website of St. Louis Literary Award
  2. ↑ Saint Louis University Library Associates. Recipients of the Saint Louis Literary Award
  3. ↑ Associated Press, "Citing Arts' Power, Arthur Miller Accepts International Prize". The Los Angeles Times, 4 September 2002
  4. ↑ Ratcliffe, Michael. (February 12, 2005). Arthur Miller. The Guardian
  5. ↑ Miller, Gerri. (March 14, 2018). Daughter Documents the Inner Arthur Miller. Jewish Journal
  6. ↑ Kampel, Stewart. (September 19, 2013). Q&A with Rebecca Miller. Hadassah Magazine
  7. ↑ Campbell, James. (July 26, 2003). Arthurian legends. The Guardian
  8. ↑ Arthur Miller's Intermarriages Golin, Paul. Published February 16, 2005. Accessed December 12, 2015
  9. ↑ "Marilyn Monroe's Jewish Wedding 'Cover Up'" Ghert-Zand, Renee. Published December 28, 2012. Accessed December 12, 2015
  10. ↑ "A World in Which Everything Hurts; Arthur Miller's Struggle With Jewish Identity May Be Responsible for His Best Work" Eden, Ami. Published July 30, 2004. Accessed December 12, 2015
  11. ↑ Garner, Dwight. (June 2, 2009). Miller: Life before and after Marilyn. The New York Times
  12. ↑ The Times Arthur Miller Obituary, (London: The Times, 2005)
  13. ↑ Hechinger, Fred M. "Personal Touch Helps", The New York Times, January 1, 1980. Accessed September 20, 2009. "Lincoln, an ordinary, unselective New York City high school, is proud of a galaxy of prominent alumni, who include the playwright Arthur Miller, Representative Elizabeth Holtzman, the authors Joseph Heller and Ken Auletta, the producer Mel Brooks, the singer Neil Diamond and the songwriter Neil Sedaka."
  14. ↑ মদন শৰ্মা, সম্পা.(২০০৩) বিশ্বকোষ, পঞ্চম খণ্ড, অসম সাহিত্য সভা, পৃ.৪১৯-ক

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিনাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্থাৰ মিলাৰ” প্ৰবন্ধৰ সংশোধন ৪৩৯৮৫১ (২১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।