তেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰী
৪০ প্ৰবন্ধ
-
সাধিকা ৰন্ধাৱা
সাধিকা ৰন্ধাৱা, যাক কেৱল সাধিকা নামেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী ভাষাৰ বলীউড ছবিত অভিনয় কৰিছে আৰু লগতে তামিল, তেলুগু, পঞ্জাবী, গুজৰাটী, মাৰাঠী আৰু ভোজপুৰী ভাষাৰ ছবিতো কাম কৰিছে। সাধিকাই ১৯৯৫ চনত সনম হৰজাই ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।
-
সুকুমাৰী
সুকুমাৰী আম্মা ( Sukumari Amma; ৬ অক্টোবৰ ১৯৪০- ২৬ মাৰ্চ ২০১৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক মালয়ালম আৰু তামিল চলচ্চিত্ৰত কৰা কামৰ বাবে জনা যায়। পাঁচ দশকতকৈও অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰধানকৈ মালয়ালম, তামিল, তেলেগু ভাষাৰ ২৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে কম পৰিমাণে হিন্দী আৰু লগতে…
-
হেমা চৌধুৰী
হেমা চৌধুৰী ( Hema choudhuri)এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁক “দূৰ্গা প্ৰভা’’ নামেৰেও জনা যায়৷ তেওঁ প্ৰধানকৈ কানাড়া, তেলেগু, মালয়ালম আৰু তামিল কথাছবিত অভিনয় কৰিছে।
-
ৰতি অগ্নিহোত্ৰী
ৰতি অগ্নিহোত্ৰী ( Rati Agnihotri; জন্ম: ১০ ডিচেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষাৰ লগতে তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয়ৰ বাবেও পৰিচিত।
-
ৰাময়া (অভিনেত্ৰী)
দিব্য স্পন্দনা (Divya Spandana; জন্ম: ২৯ নৱেম্বৰ ১৯৮২), পেছাগতভাৱে ৰাময়া নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ। কৰ্ণাটকৰ মাণ্ড্যাৰ পৰা লোকসভাত সংসদ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মূলতঃ কানাড়া ছবিত কাম কৰে, আৰু তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে।
-
ৰোজা চেলভামণি
আৰ কে ৰোজা চেলভামণি (জন্ম: শ্ৰী লতা ৰেড্ডী; Roja Selvamani) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। ২০২৪ চনৰ ১১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত পৰাজয়ৰ আগলৈকে তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰ্যটন, সংস্কৃতি আৰু যুৱ উন্নতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
পায়েল ঘোষ
পায়েল ঘোষ (জন্ম ১৯৮৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মুখ্যতঃ তেলেগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ৰ মহিলা শাখাৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
প্ৰমিলা
টি. এ. প্ৰমিলা ( Prameela ) দক্ষিণ ভাৰতীয় ছবিৰ এগৰাকী প্ৰবীণ অভিনেত্ৰী। ১৯৭০ আৰু ১৯৮০ দশকত মালয়ালম আৰু তামিল চলচ্চিত্ৰৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিছিল আৰু কম সংখ্যক কানাড়া আৰু তেলেগু ছবিতো অভিনয় কৰিছিল। গ্লেমাৰাছ চৰিত্ৰৰ বাবে তেওঁ বিখ্যাত আছিল।
-
শ্ৰেয়া ধনন্তৰি
শ্ৰেয়া ধনন্তৰি ( Shreya Dhanwanthary; জন্ম: ২৯ আগষ্ট ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব'ত অভিনয় কৰে। ২০০৯ চনত তেলেগু ছবি জোছৰ সৈতে তেওঁ অভিষেক ঘটায়।
-
সোমলতা অম্বৰীশ
সোমলতা অম্বৰীশ (Sumalatha Ambareesh; জন্ম: ২৭ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিক। মূলতঃ তেলেগু, মালয়ালম আৰু কানাড়া ভাষাৰ একাধিক ভাষাৰ ২২০খনতকৈও অধিক ছবিত অভিনয় কৰাৰ উপৰি তেওঁ তামিল আৰু হিন্দী চিনেমাতো অভিনয় কৰিছে।